--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অসহায়! সহযোগ-সাৰথিহীন এক অৱস্থা। কেৱল প্ৰৱঞ্চনাৰ ভেটি প্ৰতিষ্ঠিত এটা ছবছৰীয়া সম্পৰ্ক। এইকথা যেতিয়ালৈ বুজি উঠিছিল তেতিয়ালৈ বহু পলম হৈ গৈছিল।

বিয়াৰ প্ৰলোভনেৰে প্ৰতাৰক প্ৰেমিকে তেওঁৰে বাৰম্বাৰ স্থাপন কৰিছিল শাৰীৰিক সম্পৰ্ক। ৫০বাৰতকৈও অধিকবাৰ যৌন শোষণৰ বলি হৈছিল তেওঁ। ফলত তেওঁ হৈ পৰিছিল গৰ্ভৱতী। গৰ্ভত সাতমহীয়া সন্তান লৈ প্ৰেমিকৰ মুখলৈ চোৱাৰ পৰত যুৱতীগৰাকীয়ে দেখা পাইছিল সেই প্ৰৱঞ্চক প্ৰেমিকৰ চয়তান চেহেৰা। বিবাহিত প্ৰেমিকে প্ৰৱঞ্চিত যুৱতীগৰাকীক সহায় কৰাৰ সলনি দিছিল ভয়ংকৰ এক পৰামৰ্শ। ইউটিউব চাই নিজে গৰ্ভপাত কৰা। তাৰ পাছতে অসহায় যুৱতীগৰাকীয়ে উপায়ান্তৰ হৈ গ্ৰহণ কৰিলে এই ভয়ংকৰ পদক্ষেপ। ইউটিউব চাই পাকঘৰত থকা ছুৰী-কটাৰীৰে কৰিলে নিজৰে অস্ত্ৰোপচাৰ। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এই ভয়ংকৰ কাৰ্য কৰিলে যুৱতীগৰাকীয়ে। নিজৰ গৰ্ভনলী কাটি তেওঁ ভূমিষ্ঠ কৰে মৃত সন্তান এটি। তাৰ পাছতে তেওঁৰ অৱস্থাও হৈ পৰে সংকটজনক। নাগপুৰৰ যশোধৰা নগৰত এই ঘটনা সংঘটিত হৈছে। যুৱতীগৰাকী প্ৰৱঞ্চক প্ৰেমিকজন হৈছে চোহেল বহাব খান। ছবছৰে প্ৰেমৰ নামত প্ৰতাৰণা কৰি খানে অসহায় অৱস্থাত এৰি দিয়ে যুৱতীগৰাকীক। ৫০বাৰতৈও অধিকবাৰ যৌন শোষণ চলাই একপ্ৰকাৰ নিঃশেষ কৰে যুৱতীগৰাকীৰ ভৱিষ্যৎ। তাৰ পাছতো যেন গ্লানিহীন লম্পট যুৱকজন। ইতিমধ্যে দুবাৰকৈ বিয়া কৰোঁৱা বহাব খানৰ আছে এটি সন্তানো। পাষাণ অন্তৰৰ বহাবে নিজহাতে শ্মশানত পুতি থৈ আহিছিল সন্তানটোৰ মৃতদেহ। এতিয়া শিশুটিৰ মৃতদেহৰ অৱশেষ খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে বহাব খানৰ বিৰুদ্ধে তথ্য প্ৰমাণ গোটোৱাত লাগিছে আৰক্ষী। যুৱতীগৰাকীৰ পৰিয়ালে ইতিমধ্যে গোচৰ ৰুজু কৰিছে খানৰ বিৰুদ্ধে। কিন্তু যুৱতীগৰাকীৰ বিধ্বস্ত জীৱনটো জানো আকৌ ঠন ধৰি উঠিব?


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ