--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অসহায়! সহযোগ-সাৰথিহীন এক অৱস্থা। কেৱল প্ৰৱঞ্চনাৰ ভেটি প্ৰতিষ্ঠিত এটা ছবছৰীয়া সম্পৰ্ক। এইকথা যেতিয়ালৈ বুজি উঠিছিল তেতিয়ালৈ বহু পলম হৈ গৈছিল।

বিয়াৰ প্ৰলোভনেৰে প্ৰতাৰক প্ৰেমিকে তেওঁৰে বাৰম্বাৰ স্থাপন কৰিছিল শাৰীৰিক সম্পৰ্ক। ৫০বাৰতকৈও অধিকবাৰ যৌন শোষণৰ বলি হৈছিল তেওঁ। ফলত তেওঁ হৈ পৰিছিল গৰ্ভৱতী। গৰ্ভত সাতমহীয়া সন্তান লৈ প্ৰেমিকৰ মুখলৈ চোৱাৰ পৰত যুৱতীগৰাকীয়ে দেখা পাইছিল সেই প্ৰৱঞ্চক প্ৰেমিকৰ চয়তান চেহেৰা। বিবাহিত প্ৰেমিকে প্ৰৱঞ্চিত যুৱতীগৰাকীক সহায় কৰাৰ সলনি দিছিল ভয়ংকৰ এক পৰামৰ্শ। ইউটিউব চাই নিজে গৰ্ভপাত কৰা। তাৰ পাছতে অসহায় যুৱতীগৰাকীয়ে উপায়ান্তৰ হৈ গ্ৰহণ কৰিলে এই ভয়ংকৰ পদক্ষেপ। ইউটিউব চাই পাকঘৰত থকা ছুৰী-কটাৰীৰে কৰিলে নিজৰে অস্ত্ৰোপচাৰ। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এই ভয়ংকৰ কাৰ্য কৰিলে যুৱতীগৰাকীয়ে। নিজৰ গৰ্ভনলী কাটি তেওঁ ভূমিষ্ঠ কৰে মৃত সন্তান এটি। তাৰ পাছতে তেওঁৰ অৱস্থাও হৈ পৰে সংকটজনক। নাগপুৰৰ যশোধৰা নগৰত এই ঘটনা সংঘটিত হৈছে। যুৱতীগৰাকী প্ৰৱঞ্চক প্ৰেমিকজন হৈছে চোহেল বহাব খান। ছবছৰে প্ৰেমৰ নামত প্ৰতাৰণা কৰি খানে অসহায় অৱস্থাত এৰি দিয়ে যুৱতীগৰাকীক। ৫০বাৰতৈও অধিকবাৰ যৌন শোষণ চলাই একপ্ৰকাৰ নিঃশেষ কৰে যুৱতীগৰাকীৰ ভৱিষ্যৎ। তাৰ পাছতো যেন গ্লানিহীন লম্পট যুৱকজন। ইতিমধ্যে দুবাৰকৈ বিয়া কৰোঁৱা বহাব খানৰ আছে এটি সন্তানো। পাষাণ অন্তৰৰ বহাবে নিজহাতে শ্মশানত পুতি থৈ আহিছিল সন্তানটোৰ মৃতদেহ। এতিয়া শিশুটিৰ মৃতদেহৰ অৱশেষ খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে বহাব খানৰ বিৰুদ্ধে তথ্য প্ৰমাণ গোটোৱাত লাগিছে আৰক্ষী। যুৱতীগৰাকীৰ পৰিয়ালে ইতিমধ্যে গোচৰ ৰুজু কৰিছে খানৰ বিৰুদ্ধে। কিন্তু যুৱতীগৰাকীৰ বিধ্বস্ত জীৱনটো জানো আকৌ ঠন ধৰি উঠিব?


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু