--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যেন এক মৃত্যুৰ বিভীষিকাই হাত বাউলি দি মাতিছিল তেওঁলোকক৷ মাছ বিক্ৰী কৰি পৰিয়ালক পোহপাল দিয়া মাছমৰীয়াকেইজনে আনদিনাৰ দৰে দেওবাৰেও গৈছিল মাছ ধৰিবলৈ৷ কিন্তু সময় আছিল প্ৰতিকুল৷ মাছ ধৰিবলৈ যাওঁতেই অহা ঘূৰ্ণিবতাহৰ ফলত সাগৰত বিলীন হৈ যায় ৩ মাছমৰীয়া৷ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ দুজন মাছমৰীয়াৰ দেওবাৰে সন্ধিয়া বংগোপসাগৰত উঠা ঘূৰ্ণিবতাহৰ ফলত মৃত্যু হয় আৰু এজন এতিয়াও সন্ধানহীন হৈ আছে। আনহাতে, ওড়িশাৰ গঞ্জাম জিলাত ঘূৰ্ণী বতাহৰ ফলত এজন লোক উটি যায়৷

ভাৰতীয় বতৰ বিভাগে জানিবলৈ দিয়া মতে, গুলাব সামুদ্ৰিক ধুমুহাই উপকূল অঞ্চলক বৰ্তমানেও কোবাই আছে। ক্ৰমাৎ স্থলভাগৰ দিশে আগবাঢ়িছে ঘূৰ্ণিবতাহ গুলাব। ঘূৰ্ণিবতাহ গুলাব যিমানেই উপকূললৈ আগবাঢ়িছে সিমানে উত্তাল হৈছে সাগৰৰ জলপৃষ্ঠ। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ উপকূলীয় অঞ্চলত দেওবাৰ বা সোমবাৰেও থাকিব গুলাবৰ তাণ্ডৱ। ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা হৈছে অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাত।

ওড়িশাৰ গোপালপুৰ আৰু অন্ধ্ৰপ্ৰদেশৰ কলিংগপাট্টানম ৯৫ কিলোমিটাৰ গতিত খুন্দা মৰাৰ আশংকা কৰা হৈছে গুলাব ঘূৰ্ণিবতাহে। এই ঘূৰ্ণিবতাহৰ আশংকাৰ পৰিপ্ৰেক্ষিতত দুয়োখন ৰাজ্যতে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আগতীয়াকৈ গ্ৰহণ কৰা হৈছে বিভিন্ন ব্যৱস্থা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ পৰা বুজ লয় শেহতীয়া পৰিস্থিতিৰ। ইফালে, অসমতো এই গুলাব ঘূৰ্ণিবতাহৰ প্ৰভাৱ পৰাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ