--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জনসাধাৰণৰ সুৰক্ষা তথা আইন শৃং-খলা বৰ্তাই ৰাখিবৰ বাবে আৰক্ষী প্ৰশাসন আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ। আৰক্ষীৰ প্ৰতি সৰ্বসাধাৰণৰ মনত যিদৰে বিশ্বাস তথা সন্মান থকিব লাগে তাৰ পৰিৱৰ্তে অৰক্ষীৰ প্ৰতি এক ভীতিপূৰ্ণ মনোভাৱ হে পৰিলক্ষিত হয়৷ এনে হোৱাৰ আঁৰত বিভিন্ন কাৰকে ক্ৰিয়া কৰে, একপক্ষীয় ভাবে কাকো দায়ী বুলিব নোৱাৰি যদিও একাংশ অৰক্ষী বিষয়াৰ দুৰব্যৱহাৰ তথা অসৎ আচৰণে জনসাধাৰণক ভীতিগ্ৰস্ত কৰি আহিছে৷ সম্প্ৰতি উত্তৰ প্ৰদেশৰ বাৰাবাংকি জিলাত আৰক্ষীৰ বৰ্বৰ অমানৱীয় আচৰণৰ ঘটনা পোহৰলৈ আহিছে। 

বাৰাবাংকি আৰক্ষীচকীত আৰক্ষীৰ বৰ্বৰ অমানৱীয় আচৰণৰ ঘটনাই পুনৰবাৰ আৰক্ষী প্ৰশাসনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।প্ৰাপ্ত তথ্য অনুসৰি ধৰ্ষণৰ বলি হোৱা এগৰাকী মহিলাক আৰক্ষীয়ে অসৎ আচৰণ কৰাৰ লগতে আপোচ কৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ খবৰ পোহৰলৈ আহিছে। সূত্ৰ অনুসৰি ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীক ১০ ঘন্টা ধৰি অৰক্ষী চকীত বহুৱাই থোৱাৰ লগতে অশ্লীল মন্তব্য কৰি আপোচ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষী চকীত গোচৰ দিবলৈ গৈ ভুক্তভোগী মহিলা গৰাকী এই পৰিস্থিতিৰ সন্মুখীন হয়৷ ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালৰ সদস্যলৈ ৫০ হাজাৰ টকা অনলাইন ট্ৰেন্সফাৰ কৰা বুলিও জানিব পৰা গৈছে

সমগ্ৰ ঘটনা ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে, বাৰাবাংকি আৰক্ষী অধীক্ষকে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে। উপ-পৰিদৰ্শক মনোজ কুমাৰক নিলম্বন কৰা বুলি জানিব পৰা গৈছে যদিও প্ৰকৃত ঘটনা সন্দৰ্ভত সঠিক তদন্ত কৰা পৰিলক্ষিত হোৱা নাই ৷ প্ৰশ্ন হয় ভুক্তভোগী মহিলা গৰাকীয়ে ন্যায় লাভ কৰিব নে? নে আইনৰ সুৰুঙাৰে অপৰাধী সাৰি যাব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ