--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জনসাধাৰণৰ সুৰক্ষা তথা আইন শৃং-খলা বৰ্তাই ৰাখিবৰ বাবে আৰক্ষী প্ৰশাসন আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ। আৰক্ষীৰ প্ৰতি সৰ্বসাধাৰণৰ মনত যিদৰে বিশ্বাস তথা সন্মান থকিব লাগে তাৰ পৰিৱৰ্তে অৰক্ষীৰ প্ৰতি এক ভীতিপূৰ্ণ মনোভাৱ হে পৰিলক্ষিত হয়৷ এনে হোৱাৰ আঁৰত বিভিন্ন কাৰকে ক্ৰিয়া কৰে, একপক্ষীয় ভাবে কাকো দায়ী বুলিব নোৱাৰি যদিও একাংশ অৰক্ষী বিষয়াৰ দুৰব্যৱহাৰ তথা অসৎ আচৰণে জনসাধাৰণক ভীতিগ্ৰস্ত কৰি আহিছে৷ সম্প্ৰতি উত্তৰ প্ৰদেশৰ বাৰাবাংকি জিলাত আৰক্ষীৰ বৰ্বৰ অমানৱীয় আচৰণৰ ঘটনা পোহৰলৈ আহিছে। 

বাৰাবাংকি আৰক্ষীচকীত আৰক্ষীৰ বৰ্বৰ অমানৱীয় আচৰণৰ ঘটনাই পুনৰবাৰ আৰক্ষী প্ৰশাসনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।প্ৰাপ্ত তথ্য অনুসৰি ধৰ্ষণৰ বলি হোৱা এগৰাকী মহিলাক আৰক্ষীয়ে অসৎ আচৰণ কৰাৰ লগতে আপোচ কৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ খবৰ পোহৰলৈ আহিছে। সূত্ৰ অনুসৰি ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীক ১০ ঘন্টা ধৰি অৰক্ষী চকীত বহুৱাই থোৱাৰ লগতে অশ্লীল মন্তব্য কৰি আপোচ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষী চকীত গোচৰ দিবলৈ গৈ ভুক্তভোগী মহিলা গৰাকী এই পৰিস্থিতিৰ সন্মুখীন হয়৷ ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালৰ সদস্যলৈ ৫০ হাজাৰ টকা অনলাইন ট্ৰেন্সফাৰ কৰা বুলিও জানিব পৰা গৈছে

সমগ্ৰ ঘটনা ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে, বাৰাবাংকি আৰক্ষী অধীক্ষকে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে। উপ-পৰিদৰ্শক মনোজ কুমাৰক নিলম্বন কৰা বুলি জানিব পৰা গৈছে যদিও প্ৰকৃত ঘটনা সন্দৰ্ভত সঠিক তদন্ত কৰা পৰিলক্ষিত হোৱা নাই ৷ প্ৰশ্ন হয় ভুক্তভোগী মহিলা গৰাকীয়ে ন্যায় লাভ কৰিব নে? নে আইনৰ সুৰুঙাৰে অপৰাধী সাৰি যাব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু