--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সকলোৰে সপোন থাকে পছন্দৰ কাম এটাত নিয়োজিত হোৱাৰ৷এই সপোন কাৰোবাৰ পূৰ্ণ হয় কাৰোবাৰ নহয়৷ সকলো যুঁজি আছে নিজৰ লক্ষ্যত উপনিত হ’বলৈ৷ দেশৰ অধিকাংশ যুৱক যুৱতীয়ে সামৰিক বাহিনীত যোগদান কৰাৰ সপোন পুহি ৰাখে৷ সমৰিক বাহিনীত ভৰ্তি হৈ দেশক সেৱা আগবঢ়োৱাৰ সপোন পূৰ্ণ কৰিবলৈ গৈ মৃত্যুক সাৱটিব লগা হ’ল ঝাৰখণ্ডৰ এঘাৰ গৰাকীকৈ যুৱকে৷    

আৰক্ষীয়ে সূত্ৰই জানিবলৈ দিয়া অনুসৰি, ঝাৰখণ্ডত আবকাৰী কনিষ্টবল নিযুক্তিৰ বাবে ৩০ আগষ্টলৈকে মুঠ ১,২৭,৭৭২ গৰাকী পৰীক্ষাৰ্থীয়ে শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল, ইয়াৰে ৭৮,০২৩ গৰাকী সফল হৈছিল। শাৰীৰিক পৰীক্ষাৰ সময়তে ১১ জন প্ৰাৰ্থীৰ মৃত্যু ঘটাৰ তথ্য পোহৰলৈ আহিছে৷ এই সংক্ৰান্তত আৰক্ষীয়ে অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে বুলি সদৰি কৰিছে। 

অৰক্ষী মহাপৰিদৰ্শক আমোল ভি হোমকাৰে সদৰি কৰা অনুসৰি ঝাৰখণ্ডত আবকাৰী কনিষ্টবল নিযুক্তিৰ বাবে ২২ আগষ্টৰ পৰা ৰাঁচী, গিৰিহিদ, হাজৰিবাগ, পালামু, পূব সিংভূম আৰু চাহেবগঞ্জ জিলাকে ধৰি মুঠ ৭টা কেন্দ্ৰত প্ৰাৰ্থীৰ শাৰীৰিক পৰীক্ষা আৰম্ভ কৰা হৈছিল। পৰীক্ষাৰ সময়ত পালমুত চাৰিজন, গিৰিডিহ আৰু হাজৰিবাগত দুজন, ৰাঁচী, ইষ্ট সিংভুম আৰু চাহেবগঞ্জ কেন্দ্ৰত এজনকৈ প্ৰাৰ্থি মুঠ এঘাৰ জন প্ৰাৰ্থিৰ মৃত্যু ঘটা বুলি জানিবলৈ দিয়ে ।

এই ঘটনাৰ তীব্ৰ বিৰোধ কৰি ঝাৰখণ্ড বিজেপিৰ সভাপতি বাবুলাল মাৰাণ্ডীয়ে মুখ্যমন্ত্ৰী হেমন্ত চুৰেনৰ ঝাৰখণ্ড মুক্তিমৰ্চাৰ চৰকাৰক কটাক্ষ কৰি কয় যে এই চৰকাৰে চাকৰি দিয়া নাই মৃ্ত্যু দিছে৷

একে সময়তে এই ঘটনাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে বিজেপিৰ যুৱ মৰ্চা৷ বিজেপিৰ যুৱ মৰ্চাই শাৰীৰিক পৰীক্ষাৰ সময়ত বিষয়াসকলৰ সু-ব্যৱস্থাপনা নথকাৰ বাবে প্রার্থীসকলৰ মৃত্যু হৈছে বুলি অভিযোগ উত্থাপন কৰি হেমন্ত চুৰেন চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু