--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সকলোৰে সপোন থাকে পছন্দৰ কাম এটাত নিয়োজিত হোৱাৰ৷এই সপোন কাৰোবাৰ পূৰ্ণ হয় কাৰোবাৰ নহয়৷ সকলো যুঁজি আছে নিজৰ লক্ষ্যত উপনিত হ’বলৈ৷ দেশৰ অধিকাংশ যুৱক যুৱতীয়ে সামৰিক বাহিনীত যোগদান কৰাৰ সপোন পুহি ৰাখে৷ সমৰিক বাহিনীত ভৰ্তি হৈ দেশক সেৱা আগবঢ়োৱাৰ সপোন পূৰ্ণ কৰিবলৈ গৈ মৃত্যুক সাৱটিব লগা হ’ল ঝাৰখণ্ডৰ এঘাৰ গৰাকীকৈ যুৱকে৷    

আৰক্ষীয়ে সূত্ৰই জানিবলৈ দিয়া অনুসৰি, ঝাৰখণ্ডত আবকাৰী কনিষ্টবল নিযুক্তিৰ বাবে ৩০ আগষ্টলৈকে মুঠ ১,২৭,৭৭২ গৰাকী পৰীক্ষাৰ্থীয়ে শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল, ইয়াৰে ৭৮,০২৩ গৰাকী সফল হৈছিল। শাৰীৰিক পৰীক্ষাৰ সময়তে ১১ জন প্ৰাৰ্থীৰ মৃত্যু ঘটাৰ তথ্য পোহৰলৈ আহিছে৷ এই সংক্ৰান্তত আৰক্ষীয়ে অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে বুলি সদৰি কৰিছে। 

অৰক্ষী মহাপৰিদৰ্শক আমোল ভি হোমকাৰে সদৰি কৰা অনুসৰি ঝাৰখণ্ডত আবকাৰী কনিষ্টবল নিযুক্তিৰ বাবে ২২ আগষ্টৰ পৰা ৰাঁচী, গিৰিহিদ, হাজৰিবাগ, পালামু, পূব সিংভূম আৰু চাহেবগঞ্জ জিলাকে ধৰি মুঠ ৭টা কেন্দ্ৰত প্ৰাৰ্থীৰ শাৰীৰিক পৰীক্ষা আৰম্ভ কৰা হৈছিল। পৰীক্ষাৰ সময়ত পালমুত চাৰিজন, গিৰিডিহ আৰু হাজৰিবাগত দুজন, ৰাঁচী, ইষ্ট সিংভুম আৰু চাহেবগঞ্জ কেন্দ্ৰত এজনকৈ প্ৰাৰ্থি মুঠ এঘাৰ জন প্ৰাৰ্থিৰ মৃত্যু ঘটা বুলি জানিবলৈ দিয়ে ।

এই ঘটনাৰ তীব্ৰ বিৰোধ কৰি ঝাৰখণ্ড বিজেপিৰ সভাপতি বাবুলাল মাৰাণ্ডীয়ে মুখ্যমন্ত্ৰী হেমন্ত চুৰেনৰ ঝাৰখণ্ড মুক্তিমৰ্চাৰ চৰকাৰক কটাক্ষ কৰি কয় যে এই চৰকাৰে চাকৰি দিয়া নাই মৃ্ত্যু দিছে৷

একে সময়তে এই ঘটনাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে বিজেপিৰ যুৱ মৰ্চা৷ বিজেপিৰ যুৱ মৰ্চাই শাৰীৰিক পৰীক্ষাৰ সময়ত বিষয়াসকলৰ সু-ব্যৱস্থাপনা নথকাৰ বাবে প্রার্থীসকলৰ মৃত্যু হৈছে বুলি অভিযোগ উত্থাপন কৰি হেমন্ত চুৰেন চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ