--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাপুৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। ঘৰলৈ আহি লোন ৰিক’ভাৰী এজেণ্টে কৰিলে অপমান। অপমানত জৰ্জৰিত হৈ পতি-পত্নী আৰু কন্যাই কৰিলে আত্মহত্যা। স্বামী-স্ত্ৰী আৰু কন্যাই বিষ সেৱন কৰি আত্মহত্যা কৰে।

লোন ৰিক’ভাৰী এজেণ্টৰ দ্বাৰা অশান্তিগ্ৰস্ত হৈ কন্যাৰ সৈতে এহাল দম্পতীয়ে বিষ সেৱন কৰি আত্মহত্যা কৰে। একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃত্যুৰ বাবে অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

এই আত্মহত্যাৰ সন্দৰ্ভত আৰক্ষীয়ে জনোৱা মতে, স্বামী-স্ত্ৰী আৰু তেওঁলোকৰ ১৮ বছৰীয়া কন্যাই বিষ সেৱন কৰি আত্মহত্যা কৰে। বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে লোন ৰিক’ভাৰী এজেণ্টে তেওঁলোকক হাৰাশাস্তি কৰা বুলি দাবী কৰিছে গাঁওবাসীয়ে।


আৰক্ষীয়ে জনোৱা মতে, ব্যক্তিগত বেংকটোৰ এজেণ্টসকলে ঋণ পৰিশোধ কৰিবলৈ পৰিয়ালটোক অহৰহ হাৰাশাস্তি কৰি থকাৰ অভিযোগ উত্থাপন কৰে, তাৰ পিছত তেওঁলোকে এই মাৰাত্মক পদক্ষেপ গ্ৰহণ কৰে।

মৃত লোকসকলৰ নাম হ’ল সঞ্জীৱ ৰানা (৪৮), পত্নী প্ৰেমৱতী (৪৫) আৰু কন্যা পায়েল (১৮)। পৰিয়ালটোত নাবালক দুজন পুত্ৰও আছে। কাপুৰপুৰৰ এছ এইচ অ’ অবনীশ শৰ্মাই কয় যে কিছুদিনৰ পূৰ্বে তেওঁ নিজৰ সন্তানৰ পঢ়া-শুনাৰ বাবে ব্যক্তিগত বেংকৰ পৰা প্ৰায় ৫ লাখ টকাৰ ঋণ লৈছিল।

আৰক্ষীয়ে জনোৱা মতে, ৩১ আগষ্টৰ নিশা পাঁচজন লোন ৰিক’ভাৰী এজেণ্ট ৰাণাৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোক ভাবুকি দিয়ে। 

আৰক্ষীয়ে জনোৱা মতে, যেতিয়া দম্পতীহালে বিষ সেৱন কৰিছিল তেতিয়া তেওঁলোকৰ পুত্ৰ ঘৰত নাছিল। গাঁওবাসীয়ে তিনিওজনকে মেৰুটৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই যদিও তেওঁলোকে মৃত্যুক সাৱটি লয়।

চক্ৰ বিষয়া স্তুতি সিঙে কয় যে প্ৰাথমিক তদন্তত পৰিয়ালটোৱে ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে। সিঙে কয় যে দেওবাৰে নিশা সঞ্জীৱ ৰানাৰ মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ পত্নী আৰু কন্যাৰ সোমবাৰে মৃত্যু হয়। এছ এইচ অ’ শৰ্মাই কয় যে এই বিষয়ত কোনো অভিযোগ দাখিল কৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ