--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাপুৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। ঘৰলৈ আহি লোন ৰিক’ভাৰী এজেণ্টে কৰিলে অপমান। অপমানত জৰ্জৰিত হৈ পতি-পত্নী আৰু কন্যাই কৰিলে আত্মহত্যা। স্বামী-স্ত্ৰী আৰু কন্যাই বিষ সেৱন কৰি আত্মহত্যা কৰে।

লোন ৰিক’ভাৰী এজেণ্টৰ দ্বাৰা অশান্তিগ্ৰস্ত হৈ কন্যাৰ সৈতে এহাল দম্পতীয়ে বিষ সেৱন কৰি আত্মহত্যা কৰে। একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃত্যুৰ বাবে অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

এই আত্মহত্যাৰ সন্দৰ্ভত আৰক্ষীয়ে জনোৱা মতে, স্বামী-স্ত্ৰী আৰু তেওঁলোকৰ ১৮ বছৰীয়া কন্যাই বিষ সেৱন কৰি আত্মহত্যা কৰে। বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে লোন ৰিক’ভাৰী এজেণ্টে তেওঁলোকক হাৰাশাস্তি কৰা বুলি দাবী কৰিছে গাঁওবাসীয়ে।


আৰক্ষীয়ে জনোৱা মতে, ব্যক্তিগত বেংকটোৰ এজেণ্টসকলে ঋণ পৰিশোধ কৰিবলৈ পৰিয়ালটোক অহৰহ হাৰাশাস্তি কৰি থকাৰ অভিযোগ উত্থাপন কৰে, তাৰ পিছত তেওঁলোকে এই মাৰাত্মক পদক্ষেপ গ্ৰহণ কৰে।

মৃত লোকসকলৰ নাম হ’ল সঞ্জীৱ ৰানা (৪৮), পত্নী প্ৰেমৱতী (৪৫) আৰু কন্যা পায়েল (১৮)। পৰিয়ালটোত নাবালক দুজন পুত্ৰও আছে। কাপুৰপুৰৰ এছ এইচ অ’ অবনীশ শৰ্মাই কয় যে কিছুদিনৰ পূৰ্বে তেওঁ নিজৰ সন্তানৰ পঢ়া-শুনাৰ বাবে ব্যক্তিগত বেংকৰ পৰা প্ৰায় ৫ লাখ টকাৰ ঋণ লৈছিল।

আৰক্ষীয়ে জনোৱা মতে, ৩১ আগষ্টৰ নিশা পাঁচজন লোন ৰিক’ভাৰী এজেণ্ট ৰাণাৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোক ভাবুকি দিয়ে। 

আৰক্ষীয়ে জনোৱা মতে, যেতিয়া দম্পতীহালে বিষ সেৱন কৰিছিল তেতিয়া তেওঁলোকৰ পুত্ৰ ঘৰত নাছিল। গাঁওবাসীয়ে তিনিওজনকে মেৰুটৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই যদিও তেওঁলোকে মৃত্যুক সাৱটি লয়।

চক্ৰ বিষয়া স্তুতি সিঙে কয় যে প্ৰাথমিক তদন্তত পৰিয়ালটোৱে ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে। সিঙে কয় যে দেওবাৰে নিশা সঞ্জীৱ ৰানাৰ মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ পত্নী আৰু কন্যাৰ সোমবাৰে মৃত্যু হয়। এছ এইচ অ’ শৰ্মাই কয় যে এই বিষয়ত কোনো অভিযোগ দাখিল কৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু