--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ ইন্দোৰ আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হল ধৰ্ষণৰ অভিযোগত অভিযুক্ত কংগ্ৰেছ বিধায়কৰ পুত্ৰক। কংগ্ৰেছী বিধায়ক মুৰুলী মৰৱালৰ পুত্ৰ কৰণ মৰৱাল ধৰ্ষণৰ অপৰাধত অভিযুক্ত হৈ ছয় মাহ ধৰি পলাতক হৈ আছিল। মধ্য প্ৰদেশৰ বৰনগৰৰ কংগ্ৰেছ বিধায়ক মুৰুলী মৰৱালৰ পুত্ৰ কৰণ মৰৱালৰ বিৰুদ্ধে আছিল ধৰ্ষণৰ দৰে গুৰুতৰ অভিযোগ। কৰণ মৰৱালক উজ্জয়িনীৰ ওচৰৰ মাকচীৰ পৰা গ্ৰেপ্তাৰ কৰা আৰক্ষীয়ে।

এগৰাকী মহিলা কংগ্ৰেছ কৰ্মীয়ে এপ্ৰিলত কৰণ মৰৱালৰ বিৰুদ্ধে বিবাহত প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁক ধৰ্ষণ কৰা বুলি এজাহাৰ দাখিল কৰিছিল। তেতিয়াৰে পৰা পলাতক হৈ আছিল বিধায়়কৰ পুত্ৰজন। আৰক্ষীয়ে তেওঁক ৬ মাহ ধৰি বিচাৰি আছিল। ইয়াৰ মাজতে, কৰণৰ ওপৰত এটা পুৰস্কাৰো ঘোষণা কৰিছিল। কৰণৰ সন্ধান দিওঁতাক ২৫,০০০ টকা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছিল আৰক্ষীয়ে। 

আৰু পঢ়কঃ পিতৃৰ নাই এখন ভৰি, পুত্ৰৰ নাই হাত-ভৰি; এখন বিশেষ ফটোগ্ৰাফৰ বিশ্বজুৰি আলোড়ন

শেহতীয়াকৈ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰাইকৰণে কৰণ মৰৱালক যিমান সম্ভৱ সোনকালে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ সকীয়নি দিছিল। কৰণ মৰৱালক ধৰিবলৈ আৰক্ষীয়ে চাৰিটা দল গঠন কৰিছিল৷ প্ৰায় ৩০ জন আৰক্ষী কৰ্মী আৰু এটা অপৰাধ-চোৰাংচোৱাৰ ৪ টাকৈ দলে কৰণৰ অনুসন্ধান চলাইছিল। অৱশেষত এখন ফাৰ্ম হাউচত লুকাই থকাৰ পৰা কৰণক গ্ৰেপ্তাৰ কৰে মধ্যপ্ৰদেশ অৰক্ষীয়ে। বৰ্তমান তেওঁ আৰক্ষীৰ জিম্মাত আছে আৰু ঘটনাটোৰ সন্দৰ্ভত তদন্ত আগবঢ়াই নিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ