--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ ইন্দোৰ আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হল ধৰ্ষণৰ অভিযোগত অভিযুক্ত কংগ্ৰেছ বিধায়কৰ পুত্ৰক। কংগ্ৰেছী বিধায়ক মুৰুলী মৰৱালৰ পুত্ৰ কৰণ মৰৱাল ধৰ্ষণৰ অপৰাধত অভিযুক্ত হৈ ছয় মাহ ধৰি পলাতক হৈ আছিল। মধ্য প্ৰদেশৰ বৰনগৰৰ কংগ্ৰেছ বিধায়ক মুৰুলী মৰৱালৰ পুত্ৰ কৰণ মৰৱালৰ বিৰুদ্ধে আছিল ধৰ্ষণৰ দৰে গুৰুতৰ অভিযোগ। কৰণ মৰৱালক উজ্জয়িনীৰ ওচৰৰ মাকচীৰ পৰা গ্ৰেপ্তাৰ কৰা আৰক্ষীয়ে।

এগৰাকী মহিলা কংগ্ৰেছ কৰ্মীয়ে এপ্ৰিলত কৰণ মৰৱালৰ বিৰুদ্ধে বিবাহত প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁক ধৰ্ষণ কৰা বুলি এজাহাৰ দাখিল কৰিছিল। তেতিয়াৰে পৰা পলাতক হৈ আছিল বিধায়়কৰ পুত্ৰজন। আৰক্ষীয়ে তেওঁক ৬ মাহ ধৰি বিচাৰি আছিল। ইয়াৰ মাজতে, কৰণৰ ওপৰত এটা পুৰস্কাৰো ঘোষণা কৰিছিল। কৰণৰ সন্ধান দিওঁতাক ২৫,০০০ টকা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছিল আৰক্ষীয়ে। 

আৰু পঢ়কঃ পিতৃৰ নাই এখন ভৰি, পুত্ৰৰ নাই হাত-ভৰি; এখন বিশেষ ফটোগ্ৰাফৰ বিশ্বজুৰি আলোড়ন

শেহতীয়াকৈ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰাইকৰণে কৰণ মৰৱালক যিমান সম্ভৱ সোনকালে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ সকীয়নি দিছিল। কৰণ মৰৱালক ধৰিবলৈ আৰক্ষীয়ে চাৰিটা দল গঠন কৰিছিল৷ প্ৰায় ৩০ জন আৰক্ষী কৰ্মী আৰু এটা অপৰাধ-চোৰাংচোৱাৰ ৪ টাকৈ দলে কৰণৰ অনুসন্ধান চলাইছিল। অৱশেষত এখন ফাৰ্ম হাউচত লুকাই থকাৰ পৰা কৰণক গ্ৰেপ্তাৰ কৰে মধ্যপ্ৰদেশ অৰক্ষীয়ে। বৰ্তমান তেওঁ আৰক্ষীৰ জিম্মাত আছে আৰু ঘটনাটোৰ সন্দৰ্ভত তদন্ত আগবঢ়াই নিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ