--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিগত ৭ বছৰত ৮ লাখ ৮১ হাজাৰ ২৫৪ গৰাকী ভাৰতীয়ই তেওঁলোকৰ নাগৰিকত্ব ত্যাগ কৰিছে৷ আঠ লক্ষাধিক ভাৰতীয়ই গুচি গৈছে বিদেশলৈ৷ গৃহ-মন্ত্ৰালয়ে লোকসভাত সদৰি কৰিছে এই উদ্বেগজনক তথ্য৷ তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ (টিআৰএছ) সাংসদ কোঠা প্ৰভাকৰ ৰেড্ডীয়ে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত গৃহ-মন্ত্ৰালয়ে আজি লোকসভাত অৱগত কৰে যে, ২০১৫ চনৰ পৰা এই বৰ্ষৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত ৮.৮১ লাখ ভাৰতীয়ই তেওঁলোকৰ নাগৰিকত্ব ত্যাগ কৰিছে। গৃহ-মন্ত্ৰালয়ে লগতে তথ্যৰ বিশ্লেষণ কৰি দেখুৱায় যে যোৱা সাত বছৰ ধৰি উপলব্ধ তথ্য অনুসৰি ২০১৯ চনত সৰ্বাধিক সংখ্যক নাগৰিকত্ব ত্যাগ কৰা হৈছিল, আৰু মহামাৰীপীড়িত ২০২০ত এই পৰিসংখ্যা নিম্নতম।

কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা সাত বছৰত ৮,৮১,২৫৪ জন ভাৰতীয়ই ৩০ ছেপ্টেম্বৰ, ২০২১লৈকে তেওঁলোকৰ নাগৰিকত্ব ত্যাগ কৰিছে৷ ২০১৫ চনত মুঠ ১ লাখ ৩১ হাজাৰ ৪৮৯ গৰাকী ভাৰতীয় নাগৰিকে তেওঁলোকৰ নাগৰিকত্ব ত্যাগ কৰিছিল৷ ২০১৬ চনত ১,৪১,৬০৩ গৰাকী, ২০১৭ চনত ১,৩৩,০৪৯ গৰাকী, ২০১৮ চনত ১,৩৪,৫৬১ গৰাকী, ২০১৯ চনত ১,৪৪,০১৭ গৰাকী, মহামাৰী-পীড়িত ২০২০ত ৮৫,২৪৮ গৰাকী আৰু ১,১১,২৮৭ জন নাগৰিকে ৩০ ছেপ্টেম্বৰলৈকে নাগৰিকত্ব ত্যাগ কৰিছে৷

এই তথ্য ৰাজহুৱা হোৱাৰ পাছতেই দেশজুৰি আৰম্ভ হৈছে চৰ্চা৷ কিয় দেশ এৰিছে ইজনৰ পাছত সিজন ভাৰতীয়ই৷ আৰু যিসকল নাগৰিকে দেশ এৰি গুচি গৈছে, তেওঁলোকৰ বেছিভাগেই উচ্চবিত্ত শ্ৰেণীৰ লোক৷ যিসকলে আনকি বিভিন্ন প্ৰতিষ্ঠানৰ জৰিয়তে বহুজনৰ সংস্থাপনৰ বাটো মুকলি কৰিছিল৷ দেশৰ বিধ্বস্ত অৰ্থনীতি আৰু ধৰ্মীয় গোড়ামিয়ে সৃষ্টি কৰা সামাজিক বিশৃংখলতাৰ বাবেই এইসকল নাগৰিকে স্বদেশত নিজকে সুৰক্ষিত যেন অনুভৱ নকৰাত দেশ এৰা বুলি আশংকা কৰা হৈছে৷ এই তথ্য প্ৰকাশ পোৱাৰ পাছতেই অসমতো প্ৰাসংগিকভাৱে চৰ্চিত হৈছে এটা বিষয়৷ যিসময়ত কেন্দ্ৰীয় চৰকাৰে কা প্ৰযোজ্য কৰি বিদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ উঠিপৰি লাগিছে, সেই সময়তে এইসকল ভাৰতীয়ই দেশ এৰি যোৱা বিষয়টোৱে ভাৰতৰ অৰ্থনৈতিক আন্তঃগাঁথনিৰ বিধ্বস্ত ৰূপ এটাকে প্ৰতিফলিত কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু