--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ জীৱন বহু সংগ্ৰামপূৰ্ণ আছিল। নাম, যশ, প্ৰতিপত্তিৰে এতিয়া তেওঁৰ জীৱন পৰিপূৰ্ণ হলেও এটা সময়ত তেওঁ যে বহুত সংঘাতৰ সন্মুখীন হৈছিল। ভ্লাডিমিৰ পুটিনে ‘ৰাছিয়া: নিউ হিষ্ট্ৰী’ নামৰ এখন তথ্যচিত্ৰত ব্যক্তিগত জীৱনৰ কথা সদৰী কৰিছে। ইয়াৰ পাছতেই ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ জীৱনক লৈ বিশ্বজুৰি চৰ্চা আৰম্ভ হৈছে। ‘ৰাছিয়া: নিউ হিষ্ট্ৰী’ শীৰ্ষক তথ্যচিত্ৰত ভ্লাডিমিৰ পুটিনে ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পতনক ঐতিহাসিক ৰাছিয়াৰ মৃত্যু বুলি আখ্যা দি দুখ প্ৰকাশ কৰিছে।

ছোভিয়েট ৰাছিয়াৰ পতনৰ পাছত তেওঁৰ ব্যক্তিগত জীৱন কিমান দুৰ্দশাৰ সন্মুখীন হৈছিল সেই কথা খুব সুন্দৰকৈ বৰ্ণনা কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতি পুটিনে কয় যে ছোভিয়েট ইউনিয়নৰ পতনৰ পাছত আৰ্থিক সংকটত পৰি তেওঁ টেক্সি চলাই ভোকৰ ভাত যোগাৰ কৰিবলগীয়া হৈছিল।

উল্লেখ্য যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন বিশ্বৰ অন্যতম শক্তিশালী নেতা। এসময়ত তেওঁ টকা উপাৰ্জন কৰিবলৈ টেক্সি চালক হৈ পৰা কখাটোৱে জীৱন বাটত সংগ্ৰাম কৰি আগবাঢ়ি যাবৰ বাবে বহুতকে অনুপ্ৰাণিত কৰিছে। নিজৰ ব্যক্তিগত জীৱন বিশ্বৰ পৰা লুকুৱাই ৰখা পুটিনে এই তথ্যচিত্ৰত তেওঁৰ জীৱন সম্পৰ্কীয় বহুতো ৰহস্য প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ