--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ জীৱন বহু সংগ্ৰামপূৰ্ণ আছিল। নাম, যশ, প্ৰতিপত্তিৰে এতিয়া তেওঁৰ জীৱন পৰিপূৰ্ণ হলেও এটা সময়ত তেওঁ যে বহুত সংঘাতৰ সন্মুখীন হৈছিল। ভ্লাডিমিৰ পুটিনে ‘ৰাছিয়া: নিউ হিষ্ট্ৰী’ নামৰ এখন তথ্যচিত্ৰত ব্যক্তিগত জীৱনৰ কথা সদৰী কৰিছে। ইয়াৰ পাছতেই ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ জীৱনক লৈ বিশ্বজুৰি চৰ্চা আৰম্ভ হৈছে। ‘ৰাছিয়া: নিউ হিষ্ট্ৰী’ শীৰ্ষক তথ্যচিত্ৰত ভ্লাডিমিৰ পুটিনে ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পতনক ঐতিহাসিক ৰাছিয়াৰ মৃত্যু বুলি আখ্যা দি দুখ প্ৰকাশ কৰিছে।

ছোভিয়েট ৰাছিয়াৰ পতনৰ পাছত তেওঁৰ ব্যক্তিগত জীৱন কিমান দুৰ্দশাৰ সন্মুখীন হৈছিল সেই কথা খুব সুন্দৰকৈ বৰ্ণনা কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতি পুটিনে কয় যে ছোভিয়েট ইউনিয়নৰ পতনৰ পাছত আৰ্থিক সংকটত পৰি তেওঁ টেক্সি চলাই ভোকৰ ভাত যোগাৰ কৰিবলগীয়া হৈছিল।

উল্লেখ্য যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন বিশ্বৰ অন্যতম শক্তিশালী নেতা। এসময়ত তেওঁ টকা উপাৰ্জন কৰিবলৈ টেক্সি চালক হৈ পৰা কখাটোৱে জীৱন বাটত সংগ্ৰাম কৰি আগবাঢ়ি যাবৰ বাবে বহুতকে অনুপ্ৰাণিত কৰিছে। নিজৰ ব্যক্তিগত জীৱন বিশ্বৰ পৰা লুকুৱাই ৰখা পুটিনে এই তথ্যচিত্ৰত তেওঁৰ জীৱন সম্পৰ্কীয় বহুতো ৰহস্য প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু