--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দৰিদ্ৰক সহায় কৰিবলৈ গৈ বিপদত পৰিল বলিউডৰ জনপ্ৰিয় গায়িকা নেহা কক্কৰ ৷ শিশুৰ প্ৰতি মোহ অতুলনীয় নেহাৰ৷ শিশু দেখিলেই ওচৰলৈ দৌৰি যায় নেহাই৷ এনে সময়তে ঘটে এক অঘটন৷ দৰিদ্ৰ শিশুক সহায়ৰ হাত আগবঢ়াবলৈ গৈ জনপ্ৰিয় গায়িকা পৰে বিপাঙত। ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ'টো৷

ভিডিঅ'টোত দেখা গৈছে যে, নেহাই দৰিদ্ৰ শিশুসকলক সহায়ৰ অৰ্থে গাড়ীত বহি খিৰিকীৰে শিশুসকলক ৫০০ টকাৰ নোট বিতৰণ কৰিছিল। আৰু এই খবৰে মুহূৰ্ততে অঞ্চলটোত ভিৰ কৰি তুলিছিল। নেহাই বিতৰণ টকা ল'বলৈ হেতাওপৰা লাগিছিল দৰিদ্ৰ শিশুসকলৰ মাজত৷ মুহুৰ্ততে পৰিস্থিতি ধাৱমাণ হৈছিল বিপৰীত দিশলৈ। বহু লোকৰ চিঞৰ বাখৰে উত্তপ্ত কৰি তুলিছিল পৰিস্থিতি৷ আনহাতে ভিৰৰ মাজতে কিছু সংখ্যক লোকে আক্ৰমণৰ চেষ্টা চলাইছিল নেহাক ৷ পৰিস্থিতি দেখি বিভূৰ্তিত পৰিছিল গায়িকাগৰাকী৷

মাত্ৰ অলপ সময়ৰ ভিতৰতে, তেওঁক অতিৰিক্ত লোকৰ হেঁচাত অস্থিৰ হৈ পৰিছিল। অনুৰাগীৰ অত্যাধিক সমাগমে বিভূৰ্তিত পৰিছিল মোহময়ী গায়িকাগৰাকী। ইতিমধ্যেই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ'টো৷

৯ ডিচেম্বৰত মুম্বাইৰ বান্দ্ৰাত এই ঘটনা সংঘটিত হয় বুলি জানিবলৈ পোৱা গৈছে। এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছত অসন্তুষ্টি প্ৰকাশ কৰে গায়িকাগৰাকীৰ অনুৰাগীসকলে৷ ইয়াক লৈ ছ'চিয়েল মিডিয়াত বিভিন্ন জনে বিভিন্ন মন্তব্য কৰে৷ অনুৰাগীসকলৰ মতে, তাত থিয় হৈ থকা লোকসকলে কেনেকৈ এই সকলো বোৰ দৃশ্য চাই আছিল। আনহাতে কিছু সংখ্যক অনুৰাগীৰ মতে, এই শিশুসকল চোৰ আছিল আৰু ভিক্ষাৰী নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ