--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত সম্পন্ন হ’ল বিকি কৌশল আৰু কেটৰিনা কাঈফৰ বিয়া। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত বিকি-কেটে মেলিলে যুগ্মজীৱনৰ পাতনি। নকইনা কেটৰিনাই খোজ থ’ব বিকীৰ পদূলিত। নৱ বিবাহিত দম্পতীয়ে কালি নিশা বিবাহৰ ফটো আনুষ্ঠানিকভাৱে অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত ৰাজহুৱা কৰিছে। দুই তাৰকাৰ প’ষ্টটোৱে অনুৰাগীৰ মাজত উছাহৰ ঢল বৈছে।

অতিথি অভ্যৰ্থনাৰ বাবে যোধপুৰৰ এখন প্ৰতিষ্ঠিত দোকানৰ পৰা ৮০ কিলোগ্ৰাম ওজনৰ ১০ প্ৰকাৰৰ মিঠাইয়ো অনা হৈছিল। চাৰি মহলীয়া কেক।বিদেশীৰ পৰা আমদানি কৰা ফল। মুঠতে এক ৰাজকীয় আয়োজন৷ কেট আৰু বিকিৰ অতিথি পৰায়নে বিমুগ্ধ কৰি তুলিছে উপস্থিত অতিথিক৷

উল্লেখ্য যে, কেটৰিনা কাইফ আৰু বিকি কৌশলৰ বিয়াত নিমন্ত্ৰিত অতিথিসকলে এতিয়া বিবাহৰ গ্ৰেণ্ড পাৰ্টীত ভাগ লৈ তেওঁলোকৰ নিজ ঘৰলৈ উভতিছে। অৱশ্যে, দম্পতীয়ে অতিথিসকলক খালী হাতেৰে যেন ঘৰ যাবলৈও নিদিয়ে। কেটৰিনা আৰু বিকিয়ে তেওঁলোকৰ অতিথিসকলক এটা বিশেষ উপহাৰৰ টোপোলাৰে বিদায় দিছে৷ তেওঁলোকৰ অতিথিসকলক মিঠাইৰ টোপালাৰ সৈতে দুয়োজনৰ নাম সন্নিৱিষ্ট থকা এটা সুন্দৰ টোকাও উপহাৰ দিছে।

বিশেষ উপহাৰৰ টোপোলা


টোকাটোত লিখা আছিল, ‘আমাৰ বিয়াত ওচৰৰ পৰা আৰু বহু দূৰৰ পৰা ভ্ৰমণ কৰা আটাইৰে বাবে আপোনালোকক বহুত ধন্যবাদ। আমাৰ এই বিশেষ দিনটোৰ বাবে আমি বহুত সপোন দেখিছিলোঁ; আপোনালোকৰ উপস্থিতি, আপোনালোকৰ কথা, আপোনালোকৰ আলিঙ্গন - এই সকলোবোৰে আমাৰ বিশেষ দিনটো আৰু অধিক বিশেষ কৰি তুলিলে। আমি আশা কৰিছোঁ যে আপুনালোকেও আমাৰ দৰে এটা ভাল সময় অতিবাহিত কৰিব পাৰিলে। এনেকৈয়ে আমি একেলগে আৰু বহুতো উদযাপন কৰিবলৈ বাকী আছে, এইয়া আৰম্ভণিহে!"


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু