--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত সম্পন্ন হ’ল বিকি কৌশল আৰু কেটৰিনা কাঈফৰ বিয়া। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত বিকি-কেটে মেলিলে যুগ্মজীৱনৰ পাতনি। নকইনা কেটৰিনাই খোজ থ’ব বিকীৰ পদূলিত। নৱ বিবাহিত দম্পতীয়ে কালি নিশা বিবাহৰ ফটো আনুষ্ঠানিকভাৱে অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত ৰাজহুৱা কৰিছে। দুই তাৰকাৰ প’ষ্টটোৱে অনুৰাগীৰ মাজত উছাহৰ ঢল বৈছে।

অতিথি অভ্যৰ্থনাৰ বাবে যোধপুৰৰ এখন প্ৰতিষ্ঠিত দোকানৰ পৰা ৮০ কিলোগ্ৰাম ওজনৰ ১০ প্ৰকাৰৰ মিঠাইয়ো অনা হৈছিল। চাৰি মহলীয়া কেক।বিদেশীৰ পৰা আমদানি কৰা ফল। মুঠতে এক ৰাজকীয় আয়োজন৷ কেট আৰু বিকিৰ অতিথি পৰায়নে বিমুগ্ধ কৰি তুলিছে উপস্থিত অতিথিক৷

উল্লেখ্য যে, কেটৰিনা কাইফ আৰু বিকি কৌশলৰ বিয়াত নিমন্ত্ৰিত অতিথিসকলে এতিয়া বিবাহৰ গ্ৰেণ্ড পাৰ্টীত ভাগ লৈ তেওঁলোকৰ নিজ ঘৰলৈ উভতিছে। অৱশ্যে, দম্পতীয়ে অতিথিসকলক খালী হাতেৰে যেন ঘৰ যাবলৈও নিদিয়ে। কেটৰিনা আৰু বিকিয়ে তেওঁলোকৰ অতিথিসকলক এটা বিশেষ উপহাৰৰ টোপোলাৰে বিদায় দিছে৷ তেওঁলোকৰ অতিথিসকলক মিঠাইৰ টোপালাৰ সৈতে দুয়োজনৰ নাম সন্নিৱিষ্ট থকা এটা সুন্দৰ টোকাও উপহাৰ দিছে।

বিশেষ উপহাৰৰ টোপোলা


টোকাটোত লিখা আছিল, ‘আমাৰ বিয়াত ওচৰৰ পৰা আৰু বহু দূৰৰ পৰা ভ্ৰমণ কৰা আটাইৰে বাবে আপোনালোকক বহুত ধন্যবাদ। আমাৰ এই বিশেষ দিনটোৰ বাবে আমি বহুত সপোন দেখিছিলোঁ; আপোনালোকৰ উপস্থিতি, আপোনালোকৰ কথা, আপোনালোকৰ আলিঙ্গন - এই সকলোবোৰে আমাৰ বিশেষ দিনটো আৰু অধিক বিশেষ কৰি তুলিলে। আমি আশা কৰিছোঁ যে আপুনালোকেও আমাৰ দৰে এটা ভাল সময় অতিবাহিত কৰিব পাৰিলে। এনেকৈয়ে আমি একেলগে আৰু বহুতো উদযাপন কৰিবলৈ বাকী আছে, এইয়া আৰম্ভণিহে!"


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ