--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰই উপস্থাপন কৰা কেন্দ্ৰীয় বাজেটত ২০২২-২৩ বৰ্ষৰ বাবে গ্ৰাম্য চাকৰি গেৰাণ্টি কাৰ্যসূচী অৰ্থাৎ এমজি এনৰেগাৰ বাবে ৭৩,০০০ কোটি টকা আৱণ্টন কৰিছে। যি চলিত বিত্তীয় বৰ্ষৰ সংশোধিত নিৰ্দ্ধাৰণতকৈ ২৫.৫১ শতাংশ কম আছিল। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা বছৰৰ বাজেটতো মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিযুক্তি গেৰাণ্টি কাৰ্যসূচীৰ বাবে ৭৩,০০০ কোটি টকা আৱণ্টন কৰিছিল। অৱশ্যে, এই কামৰ অধিক চাহিদাৰ বাবে পিছত ইয়াক ৯৮,০০০ কোটি টকালৈ সংশোধন কৰা হয়। ক’ৰোনা তৃতীয় ঢৌত, যেতিয়া দেশৰ অধিকাংশলোকে নিজৰ জীৱিকা হেৰুৱাব লগা হৈছে. যি সময়ত অৰ্থৰ অভাৱত মানুহৰ পকেট শূন্য হৈ পৰিছে, সেইসময়ত এনৰেগাৰ বাবে একেৰাহে দ্বিতীয় বাৰৰ বাবে বাজেটত টকা হ্ৰাস কৰাটো দেশৰ নিৱনুৱা পক্ষে ক্ষতিকাৰক। বাজেটত এনৰেগাৰ বাবে টকা হ্ৰাস কৰাৰ মানেই নিযুক্তিৰ সুযোগ হ্ৰাস পোৱা একে কথা। ২০২২ চনৰ ০১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সাধাৰণ বাজেট উপস্থাপন কৰে। এইবাৰ, ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে, এমজিএনৰেগাৰ অধীনত ৭৩,০০০ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে। যি আগৰ বিত্তীয় বৰ্ষত ৯৮,০০০ কোটি টকাৰ সংশোধিত বাজেটতকৈ ২৫.৫ শতাংশ কম হয়। কামৰ বৃহৎ চাহিদা থকা স্বত্বেও এনৰেগাত বাজেট হ্ৰাস কৰাটো এইটো একেৰাহে দ্বিতীয় বছৰ বাবে। ইয়াৰ আগতে, যোৱা বিত্তীয় বৰ্ষত, এনৰেগাৰ বাবে বাজেটত ৩৪.৫ শতাংশ হ্ৰাস কৰা হৈছিল। এমজিএনৰেগাৰ ৰ উদ্দেশ্য হৈছে দেশৰ গ্ৰাম্য অঞ্চলৰ পৰিয়ালবোৰৰ জীৱিকা সুৰক্ষা প্ৰদান কৰা, যিবোৰ পৰিয়ালৰ প্ৰাপ্তবয়স্ক সদস্যসকলে স্বেচ্ছাই কাম কৰিবলৈ আগবাঢ়ি আহে তেওঁলোকক বিত্তীয় বৰ্ষত কমেও ১০০ দিনৰ নিশ্চিত মজুৰী নিযুক্তি প্ৰদান কৰিব। প্ৰথম পৰ্যায়ত, আঁচনিখন ২ ফেব্ৰুৱাৰী, ২০০৬-ৰ পৰা কাৰ্যকৰী হোৱাকৈ ২০০ খন আটাইতকৈ পিছপৰা জিলাত ৰূপায়ণ কৰা হৈছিল। পৰৱৰ্তী সময়ত ইয়াক অতিৰিক্ত কেইবাখনো ৰাজ্য অথবা জিলালৈ সম্প্ৰসাৰিত কৰা হৈছিল, ১ এপ্ৰিল, ২০০৭ ৰ পৰা ১১৩ খন আৰু ১৫ মে, ২০০৭ ৰ পৰা ১৭ খন ৰাজ্যলৈ ইয়াক সম্প্ৰসাৰিত কৰা হৈছিল। আইনখনে এতিয়া দেশৰ সকলো গ্ৰাম্য জিলাক সামৰি লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক