--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰই উপস্থাপন কৰা কেন্দ্ৰীয় বাজেটত ২০২২-২৩ বৰ্ষৰ বাবে গ্ৰাম্য চাকৰি গেৰাণ্টি কাৰ্যসূচী অৰ্থাৎ এমজি এনৰেগাৰ বাবে ৭৩,০০০ কোটি টকা আৱণ্টন কৰিছে। যি চলিত বিত্তীয় বৰ্ষৰ সংশোধিত নিৰ্দ্ধাৰণতকৈ ২৫.৫১ শতাংশ কম আছিল। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা বছৰৰ বাজেটতো মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিযুক্তি গেৰাণ্টি কাৰ্যসূচীৰ বাবে ৭৩,০০০ কোটি টকা আৱণ্টন কৰিছিল। অৱশ্যে, এই কামৰ অধিক চাহিদাৰ বাবে পিছত ইয়াক ৯৮,০০০ কোটি টকালৈ সংশোধন কৰা হয়। ক’ৰোনা তৃতীয় ঢৌত, যেতিয়া দেশৰ অধিকাংশলোকে নিজৰ জীৱিকা হেৰুৱাব লগা হৈছে. যি সময়ত অৰ্থৰ অভাৱত মানুহৰ পকেট শূন্য হৈ পৰিছে, সেইসময়ত এনৰেগাৰ বাবে একেৰাহে দ্বিতীয় বাৰৰ বাবে বাজেটত টকা হ্ৰাস কৰাটো দেশৰ নিৱনুৱা পক্ষে ক্ষতিকাৰক। বাজেটত এনৰেগাৰ বাবে টকা হ্ৰাস কৰাৰ মানেই নিযুক্তিৰ সুযোগ হ্ৰাস পোৱা একে কথা। ২০২২ চনৰ ০১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সাধাৰণ বাজেট উপস্থাপন কৰে। এইবাৰ, ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে, এমজিএনৰেগাৰ অধীনত ৭৩,০০০ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে। যি আগৰ বিত্তীয় বৰ্ষত ৯৮,০০০ কোটি টকাৰ সংশোধিত বাজেটতকৈ ২৫.৫ শতাংশ কম হয়। কামৰ বৃহৎ চাহিদা থকা স্বত্বেও এনৰেগাত বাজেট হ্ৰাস কৰাটো এইটো একেৰাহে দ্বিতীয় বছৰ বাবে। ইয়াৰ আগতে, যোৱা বিত্তীয় বৰ্ষত, এনৰেগাৰ বাবে বাজেটত ৩৪.৫ শতাংশ হ্ৰাস কৰা হৈছিল। এমজিএনৰেগাৰ ৰ উদ্দেশ্য হৈছে দেশৰ গ্ৰাম্য অঞ্চলৰ পৰিয়ালবোৰৰ জীৱিকা সুৰক্ষা প্ৰদান কৰা, যিবোৰ পৰিয়ালৰ প্ৰাপ্তবয়স্ক সদস্যসকলে স্বেচ্ছাই কাম কৰিবলৈ আগবাঢ়ি আহে তেওঁলোকক বিত্তীয় বৰ্ষত কমেও ১০০ দিনৰ নিশ্চিত মজুৰী নিযুক্তি প্ৰদান কৰিব। প্ৰথম পৰ্যায়ত, আঁচনিখন ২ ফেব্ৰুৱাৰী, ২০০৬-ৰ পৰা কাৰ্যকৰী হোৱাকৈ ২০০ খন আটাইতকৈ পিছপৰা জিলাত ৰূপায়ণ কৰা হৈছিল। পৰৱৰ্তী সময়ত ইয়াক অতিৰিক্ত কেইবাখনো ৰাজ্য অথবা জিলালৈ সম্প্ৰসাৰিত কৰা হৈছিল, ১ এপ্ৰিল, ২০০৭ ৰ পৰা ১১৩ খন আৰু ১৫ মে, ২০০৭ ৰ পৰা ১৭ খন ৰাজ্যলৈ ইয়াক সম্প্ৰসাৰিত কৰা হৈছিল। আইনখনে এতিয়া দেশৰ সকলো গ্ৰাম্য জিলাক সামৰি লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি