--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভাৰ পিছত ৰাজ্যসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ প্ৰদান কৰে। আৰম্ভণিতে তেওঁ কয়, ‘আমি দেশখনক আগুৱাই নিব লাগিব। আমি দেশৰ দুখ-দুৰ্দশাবোৰ আঁতৰ কৰিব লাগিব। বিগত ১০০ ধৰি কৰ’নাৰ দৰে ডাঙৰ মহামাৰী ভাৰতে সাক্ষী হোৱা নাই। এই সন্দৰ্ভত তেওঁ সকলো স্বাস্থ্যকৰ্মী, গৱেষক আৰু বিজ্ঞানীকে ধৰি সকলো দেশবাসীকে প্ৰশংসা কৰে। তেওঁৰ মতে, ভাৰতে ক'ভিডৰ সৈতে মোকাবিলা কৰিব পৰাটোৱেই সৰ্বশ্ৰেষ্ঠ কাম, যাৰ বাবে ভাৰতে সমগ্ৰ বিশ্বতে প্ৰশংসিত হয়। ইয়াৰ বাবে তেওঁ দেশবাসীক কৃতিত্ব প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসভাত ভাষণ প্ৰসংগত দাবী কৰে যে ‘কৰ’না কালতো ষ্টাৰ্টআপত ভাৰত অত্যন্ত সফল। ষ্টাৰ্টআপ প্ৰকল্পত ভাৰত বৰ্তমান বিশ্বৰ তৃতীয় স্থানত আছে। মোদীয়ে লগতে কয়, ‘ক'ভিডৰ সময়তো ভাৰতৰ উন্নয়নৰ গতি বন্ধ হোৱা নাই। কেন্দ্ৰই ৮০ কোটি পৰিয়ালৰ বাবে বিনামূলীয়া ৰেচন প্ৰদান কৰিছে। এতিয়া দেশৰ দৰিদ্ৰসকলেও আটকধুনীয়া ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ সকলো দৰিদ্ৰ লোকক এতিয়া কোটিপতি বুলি ক'ব পাৰি।’ ইফালে বিৰোধী কংগ্ৰেছেও ৰাজ্যসভাৰ সমান্তৰালকৈ লোকসভাতো প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি লৈছে। আনহাতে মোদীয়ে কংগ্ৰেছক সমালোচনা কৰি কয় যে ‘কংগ্ৰেছ নথকা হ’লে কোনো জৰুৰীকালীন অৱস্থা সৃষ্টি নহ'ল হয়। কোনো শিখ সম্প্ৰদায়ৰ লোক নিহত নহ'ল হয়। জৰুৰীকালীন অৱস্থাই দেশৰ গণতন্ত্ৰক হত্যা কৰিছিল, যি কংগ্ৰেছ চৰকাৰৰ দিনতে হৈছিল। যৌতুকৰ দাবী কৰা ছোৱালীবোৰৰ সমস্যা বহু আগতে বন্ধ হ'লহেঁতেন। তেওঁ কয় যে ‘কংগ্ৰেছে গণতন্ত্ৰক হত্যা কৰিছে। কংগ্ৰেছে ৰাষ্ট্ৰপতি শাসন জাপি দি নিৰ্বাচিত ৰাজ্য চৰকাৰক উৎখাত কৰিছিল। ইন্দিৰা গান্ধীৰ নাম নোলোৱাকৈ মোডীয়ে তেওঁক সমালোচনা কৰে। নৰেন্দ্ৰ মোডীয়ে লগতে কংগ্ৰেছক সমালোচনা কৰি কয় যে কংগ্ৰেছৰ পাপৰ ফলতে দেশত বৰ্দ্ধিত হাৰত কৰ’না সংক্ৰমণ বৃদ্ধি পাইছিল! মহাৰাষ্ট্ৰ আৰু দিল্লীৰ পৰা ক’ভিড ভাইৰাছ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব, বিহাৰৰ দৰে ৰাজ্যলৈ বিয়পি পৰিছিল!’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে লোকসভাত কংগ্ৰেছক এই সন্দৰ্ভত আক্ৰমণ কৰে। ‘যেতিয়া কৰোনাৰ প্ৰথম ঢৌ সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল, বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি চিকিৎসক বিশেষজ্ঞসকলে ‘সকলো মানুহকে যত যেনেকৈ আছে তাতে থাকিবলৈ অনুৰোধ কৰিছিল যাতে ভাইৰাছটো আন ঠাইলৈ বিয়পি যাব নোৱাৰে। সেই সময়তে দেশৰ ক’ভিড পৰিস্থিতি এক প্ৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল, মোডীয়ে যুক্তি দিছিল যে বৰ্দ্ধিত ক’ভিড সংক্ৰমণৰ কাৰণে ৰাতিটোৰ ভিতৰতে দেশজুৰি লকডাউন ঘোষণা কৰা হৈছিল। অৱশ্যে, কংগ্ৰেছৰ সদস্যসকলে সেই সময়তে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক ঘৰলৈ উভতি যাবলৈ প্ৰৰোচিত কৰিছিল। তেওঁলোকে শ্ৰমিকসকলক একপ্ৰকাৰৰ বিপদত পেলাইছিল আৰু এনেদৰেই মহামাৰী সমগ্ৰ দেশতে বিয়পি পৰিছিল বুলি মোদীয়ে অভিযোগ আনিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক