--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভাৰ পিছত, ৰাজ্যসভাত কংগ্ৰেছকো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিভিন্ন কটো সমালোচনাৰে বিৰোধী কংগ্ৰেছক সমালোচনা কৰে প্ৰধানমন্ত্ৰীজনে। কংগ্ৰেছক জৰুৰীকালীন অৱস্থাৰ পৰা গোৱাৰ স্বাধীনতাৰ বিষয়লৈকে প্ৰধানমন্ত্ৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ভাৰত ৰত্ন সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ ৬ ফেব্ৰুৱাৰী তাৰিখে মৃত্যু হয়। সমগ্ৰ ভাৰতে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত থিয় হৈ লতা মংগেশকাৰৰ পৰিয়ালৰ বিৰুদ্ধে কংগ্ৰেছে দু ব্যৱহাৰ কৰা বুলি অভিযোগ আনিছে। তেওঁৰ ক’য় যে, মাত্ৰ আঠ দিনৰ আগতে, লতা মংগেশকাৰৰ ভাতৃ হৃদয়নাথ মংগেশকাৰক কংগ্ৰেছে অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰা বহিষ্কাৰ কৰিছিল। সংসদত থিয় হৈ মোদীয়ে ক’য়, "লতা মংগেশকাৰৰ পৰিয়ালৰ কেইবাজনো লোক গোৱাত বাস কৰে । লতাজীৰ সৰু ভায়েক, গোৱাৰ মাটিৰ গৌৰৱান্বিত পুত্ৰ পণ্ডিত হৃদয়নাথ মংগেশকাৰক কংগ্ৰেছে আকাশবাণীৰ চাকৰিৰ পৰা বাহিৰ কৰি দিছিল। তেওঁ ৰেডিঅ’ত সাভাৰকাৰৰ এটা দেশপ্ৰেমমূলক কবিতা আবৃত্তি কৰাৰ বাবে চাকৰিৰ পৰা নিলম্বন কৰিছিল বুলি মোদীয়ে অভিযোগ কৰিছে। ' আনহাতে মোদীয়ে কংগ্ৰেছৰ বিৰুদ্ধে সংসদৰ দুয়োখন সদনতে সৰৱ হৈ পৰে, তেওঁ কয় যে ‘কংগ্ৰেছ নথকা হ’লে কোনো জৰুৰীকালীন অৱস্থা সৃষ্টি নহ’ল হয়। কোনো শিখ সম্প্ৰদায়ৰ লোক নিহত নহ’ল হয়। জৰুৰীকালীন অৱস্থাই দেশৰ গণতন্ত্ৰক হত্যা কৰিছিল, যি কংগ্ৰেছ চৰকাৰৰ দিনতে হৈছিল। যৌতুকৰ দাবী কৰা ছোৱালীবোৰৰ সমস্যা বহু আগতে বন্ধ হ’লহেঁতেন। তেওঁ কয় যে ‘কংগ্ৰেছে গণতন্ত্ৰক হত্যা কৰিছে। কংগ্ৰেছে ৰাষ্ট্ৰপতি শাসন জাপি দি নিৰ্বাচিত ৰাজ্য চৰকাৰক উৎখাত কৰিছিল। ইন্দিৰা গান্ধীৰ নাম নোলোৱাকৈ মোডীয়ে তেওঁক সমালোচনা কৰে। নৰেন্দ্ৰ মোডীয়ে লগতে কংগ্ৰেছক সমালোচনা কৰি কয় যে কংগ্ৰেছৰ পাপৰ ফলতে দেশত বৰ্দ্ধিত হাৰত কৰ’না সংক্ৰমণ বৃদ্ধি পাইছিল! মহাৰাষ্ট্ৰ আৰু দিল্লীৰ পৰা ক’ভিড ভাইৰাছ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব, বিহাৰৰ দৰে ৰাজ্যলৈ বিয়পি পৰিছিল!’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে লোকসভাত কংগ্ৰেছক এই সন্দৰ্ভত আক্ৰমণ কৰে। ‘যেতিয়া কৰোনাৰ প্ৰথম ঢৌ সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল, বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি চিকিৎসক বিশেষজ্ঞসকলে ‘সকলো মানুহকে যত যেনেকৈ আছে তাতে থাকিবলৈ অনুৰোধ কৰিছিল যাতে ভাইৰাছটো আন ঠাইলৈ বিয়পি যাব নোৱাৰে। সেই সময়তে দেশৰ ক’ভিড পৰিস্থিতি এক প্ৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল, মোডীয়ে যুক্তি দিছিল যে বৰ্দ্ধিত ক’ভিড সংক্ৰমণৰ কাৰণে ৰাতিটোৰ ভিতৰতে দেশজুৰি লকডাউন ঘোষণা কৰা হৈছিল। অৱশ্যে, কংগ্ৰেছৰ সদস্যসকলে সেই সময়তে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক ঘৰলৈ উভতি যাবলৈ প্ৰৰোচিত কৰিছিল। তেওঁলোকে শ্ৰমিকসকলক একপ্ৰকাৰৰ বিপদত পেলাইছিল আৰু এনেদৰেই মহামাৰী সমগ্ৰ দেশতে বিয়পি পৰিছিল বুলি মোদীয়ে অভিযোগ আনিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি