--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: আনবাৰতকৈ পৃথক হ'ব এইবাৰৰ গণতন্ত্ৰ দিৱস৷ ক'ভিড-১৯ মহামাৰীয়ে সলনি কৰা প্ৰেক্ষাপটত দেশৰ গণতন্ত্ৰ দিৱস উদযাপনৰ কাৰ্যসূচীও পূৰ্বতকৈ কিছু পৃথকভাৱে পৰিকল্পনা কৰা হৈছে৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচীত এইবাৰ বাদ পৰিব এইসমূহ বিষয়:

আৰু পঢ়িব পাৰিব : কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সভা, নলবাৰীত ১৪৪ ধাৰা


পাঁচ দশকতকৈও অধিক কালৰ ভিতৰত প্ৰথমবাৰৰ বাবে এই বছৰ মুখ্য অতিথি অবিহনে অনুষ্ঠিত হ'ব গণতন্ত্ৰ দিৱসৰ পেৰেড। ইয়াৰ আগতে ১৯৫২, ১৯৫৩ আৰু ১৯৬৬ চনত গণতন্ত্ৰ দিৱসৰ পেৰেডত কোনো মুখ্য অতিথি নাছিল। পেৰেডৰ সময়ত সদায় দেশবাসীক উৎসাহী কৰা এটা বিশেষ অনুষ্ঠান-- সেনা আৰু পেৰা মিলিটাৰী বাহিনীৰ জোৱানসকলৰদ্বাৰা মটৰচাইকেল ষ্টান্ট এইবাৰ নাথাকিব৷

আৰু পঢ়িব পাৰিব : ‘আয়ুষ্মান ভাৰত’ আঁচনিৰ আওতালৈ কেন্দ্ৰীয় বাহিনী, গৃহমন্ত্ৰীৰ পদক্ষেপ

মহামাৰীৰ বাবে অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ পেৰেড আৰু ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা প্ৰাপকসকলৰ পেৰেডো এইবাৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীৰপৰা বাদ পৰিব৷

আনহাতে মহিলা ফাইটাৰ পাইলট, ৰাফাল জেটৰ ফ্লাইপাষ্ট, মাস্ক পৰিহিত সেনা জোৱান, বাংলাদেশসশস্ত্ৰ বাহিনীৰ অংশগ্ৰহণ, ৰাম মন্দিৰৰ টেব্লিউ প্ৰদৰ্শন আদি এইবাৰৰ গণতন্ত্ৰ দিৱস উদযাপনৰ বিশেষত্ব হ'ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান