--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু জনপ্ৰিয় টেলিভিছন তাৰকাই চিনেমাত অভিনয়ৰ যোগেদি নিজৰ নাম উজলাবলৈ সক্ষম হৈছে। বলীউডতো এনে তাৰকাৰ আছে দীঘল তালিকা। শেহতীয়াকৈ শান্তনু মহেশ্বৰীয়ে ‘গংগুবাঈ কাঠিয়াৱাৰী’ত অভিনয় কৰি আলোড়নৰ সৃষ্টি কৰিছে। আনহাতে, ‘বিগ বছ’ৰ তাৰকা শ্বেহনাজ গিলে ছলমান খানৰ সৈতে ‘কভী ঈদ কভী দীৱালী’ত অভিনয় কৰি বলীউডত আত্মপ্ৰকাশৰ প্ৰস্তুতি চলাইছে।

আন এগৰাকী জনপ্ৰিয় টেলিভিছন তাৰকা হৈছে উৰ্ফি জাভেদ। নিজৰ সকলো অদ্ভুত ফেশ্বনৰ বাবে বিশেষ পৰিচিতি লাভ কৰিছে উৰ্ফি জাভেদে। ‘বিগ বছ অ’টিটি’ৰ এইগৰাকী তাৰকাৰ কথা সততে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখা যায়। কিন্তু ইমান খ্যাতি তথা জনপ্ৰিয়তা অৰ্জনৰ পাছতো এতিয়ালৈকে উৰ্ফি জাভেদে কোনো চলচ্চিত্ৰত অভিনয়ৰ প্ৰস্তাৱ লাভ কৰা নাই।

অ’টিটি প্লেটফৰ্মৰ যোগেদি উৰ্ফিয়ে বিগ বছত লাইম লাইটলৈ আহিছিল। ইয়াৰ পিছত বিভিন্ন সাজ-পোছাকৰ বাবে প্ৰিয় হৈ পৰিছিল নেটিজেনৰ। কেতিয়াবা যেদি ছেফটীপিন পিন্ধা পোছাকৰ বাবে , কেতিয়াবা আকৌ কাঁচ বা শিকলিৰে নিৰ্মিত পোছাকৰ বাবে সংবাদ শিৰোনাম দখল কৰিছে উৰ্ফি জাভেদে।

ইমান জনপ্ৰিয়তাৰ পাছতো বলীউডত কিয় স্থান লাভ কৰা নাই? শেহতীয়াকৈ টাইমছ টিভিয়ে উৰ্ফিক একেটা প্ৰশ্ন কৰিছিল। উৰ্ফিৰ স্পষ্ট উত্তৰ, ‘কাৰণ বলীউডখন মোৰ পিতৃৰ নহয়। খুব সোনকালে কাম এটা পাম বুলি ভবাটো ভুল হ’ব৷ বলীউডত কাম পাবলৈ আৰু পাঁচ বছৰ সময় দিব লাগিব।’
 
অভিনেত্ৰীগৰাকীক আৰু সোধা হৈছিল যে, তেওঁ দৃষ্টি আকৰ্ষণ কৰিবলৈ অদ্ভুত ডিজাইনৰ কাপোৰ পিন্ধে নেকি? প্ৰত্যুত্তৰত তেওঁ ক'লে, মনোযোগ কোনে নিবিচাৰে? মনোযোগ নিবিচাৰো বুলি কোৱা সকলে মিছা কথা কৈছে। মই চিনেমাত সুযোগ পোৱা নাই, কিন্তু এতিয়া নিজৰ বাবে ভাল কাম কৰি থকা নাই জানো?’

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?