--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু জনপ্ৰিয় টেলিভিছন তাৰকাই চিনেমাত অভিনয়ৰ যোগেদি নিজৰ নাম উজলাবলৈ সক্ষম হৈছে। বলীউডতো এনে তাৰকাৰ আছে দীঘল তালিকা। শেহতীয়াকৈ শান্তনু মহেশ্বৰীয়ে ‘গংগুবাঈ কাঠিয়াৱাৰী’ত অভিনয় কৰি আলোড়নৰ সৃষ্টি কৰিছে। আনহাতে, ‘বিগ বছ’ৰ তাৰকা শ্বেহনাজ গিলে ছলমান খানৰ সৈতে ‘কভী ঈদ কভী দীৱালী’ত অভিনয় কৰি বলীউডত আত্মপ্ৰকাশৰ প্ৰস্তুতি চলাইছে।

আন এগৰাকী জনপ্ৰিয় টেলিভিছন তাৰকা হৈছে উৰ্ফি জাভেদ। নিজৰ সকলো অদ্ভুত ফেশ্বনৰ বাবে বিশেষ পৰিচিতি লাভ কৰিছে উৰ্ফি জাভেদে। ‘বিগ বছ অ’টিটি’ৰ এইগৰাকী তাৰকাৰ কথা সততে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখা যায়। কিন্তু ইমান খ্যাতি তথা জনপ্ৰিয়তা অৰ্জনৰ পাছতো এতিয়ালৈকে উৰ্ফি জাভেদে কোনো চলচ্চিত্ৰত অভিনয়ৰ প্ৰস্তাৱ লাভ কৰা নাই।

অ’টিটি প্লেটফৰ্মৰ যোগেদি উৰ্ফিয়ে বিগ বছত লাইম লাইটলৈ আহিছিল। ইয়াৰ পিছত বিভিন্ন সাজ-পোছাকৰ বাবে প্ৰিয় হৈ পৰিছিল নেটিজেনৰ। কেতিয়াবা যেদি ছেফটীপিন পিন্ধা পোছাকৰ বাবে , কেতিয়াবা আকৌ কাঁচ বা শিকলিৰে নিৰ্মিত পোছাকৰ বাবে সংবাদ শিৰোনাম দখল কৰিছে উৰ্ফি জাভেদে।

ইমান জনপ্ৰিয়তাৰ পাছতো বলীউডত কিয় স্থান লাভ কৰা নাই? শেহতীয়াকৈ টাইমছ টিভিয়ে উৰ্ফিক একেটা প্ৰশ্ন কৰিছিল। উৰ্ফিৰ স্পষ্ট উত্তৰ, ‘কাৰণ বলীউডখন মোৰ পিতৃৰ নহয়। খুব সোনকালে কাম এটা পাম বুলি ভবাটো ভুল হ’ব৷ বলীউডত কাম পাবলৈ আৰু পাঁচ বছৰ সময় দিব লাগিব।’
 
অভিনেত্ৰীগৰাকীক আৰু সোধা হৈছিল যে, তেওঁ দৃষ্টি আকৰ্ষণ কৰিবলৈ অদ্ভুত ডিজাইনৰ কাপোৰ পিন্ধে নেকি? প্ৰত্যুত্তৰত তেওঁ ক'লে, মনোযোগ কোনে নিবিচাৰে? মনোযোগ নিবিচাৰো বুলি কোৱা সকলে মিছা কথা কৈছে। মই চিনেমাত সুযোগ পোৱা নাই, কিন্তু এতিয়া নিজৰ বাবে ভাল কাম কৰি থকা নাই জানো?’

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান