--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ বিখ্যাত লৱ-কুশ ৰামলীলা কমিটীয়ে ৩ অক্টোবৰত মঞ্চস্থ কৰে ৰামলীলাৰ নাট, য’ত বিভিন্ন চৰিত্ৰত বহু বিখ্যাত মুখ দেখা গৈছে। বিজেপি সাংসদ মনোজ তিৱাৰীয়েও ৰামলীলাত অংশগ্ৰহণ কৰি পৰশুৰামৰ চৰিত্ৰত অভিনয় কৰিছে। পৰশুৰামৰ ৰূপত মনোজ তিৱাৰীয়ে মেকআপ কৰা ভিডিঅ’ বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

সংবাদ মাধ্যমত শনিবাৰে মনোজ তিৱাৰীয়ে কয় যে ‘‘মই ৰামলীলাক সমৰ্থন কৰো আৰু এই ৰামলীলালৈ মই নিমন্ত্ৰণ পোৱাত মই অতিশয় সুখী। আজি মই ৰামলীলাত পৰশুৰামৰ চৰিত্ৰত অভিনয় কৰিম। আমি আজি এটা অতি গুৰুত্বপূৰ্ণ বাৰ্তা দিবলৈ ওলাইছো পৰশুৰামক ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ বুলি গণ্য কৰা হয়।’’


এই ৰামলীলাত বিজেপি আৰু আপৰ আন একাংশ নেতাইও অংশগ্ৰহন কৰিছে ৷ বিধানসভাৰ বিৰোধী দলপতি বিজেন্দ্ৰ গুপ্তাই ৰজা জনকৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে প্ৰাক্তন বিধায়ক বিজয় জলীয়ে ঋষি বশিষ্ঠৰ চৰিত্ৰত অভিনয় কৰিছে। একে সময়তে মেঘনাদৰ চৰিত্ৰত আম আদমি পাৰ্টিৰ নেতা বৃজেশ গোয়াল। অভিনেতা হিমাংশু ছোনীয়ে ভগৱান ৰাম, সীতাৰ চৰিত্ৰত সমীক্ষা ভাটনগৰ আৰু হনুমানৰ চৰিত্ৰত কেতন কৰণ্ডেয়ে অভিনয় কৰিছে।

Dussehra 2024 Oldest Ramlila Ayodhya famous ramleela history when its begin  know 42 BOLLYWOOD ACTORS PLAY ROLE | Ayodhya Ramleela 2024: विश्व सुंदरी  निभाएगी अयोध्या की रामलीला में सीता का रोल, रवि


মেঘনাদৰ চৰিত্ৰত অভিনয় সন্দৰ্ভত বৃজেশ গোয়ালে কয়, ‘‘যোৱা তিনি বছৰ ধৰি মই লৱকুশ ৰামলীলাত 'অংগদ'ৰ চৰিত্ৰত অভিনয় কৰি আছিলো। এইবাৰ মই ‘মেঘনাদ’ৰ চৰিত্ৰত অভিনয় কৰিম। মোৰ দেউতাই ২০ বছৰ ধৰি জয়পুৰৰ এখন ৰামলীলাত ‘মেঘনাদ’ৰ চৰিত্ৰত অভিনয় কৰিছিল। পৰিয়ালৰ পৰাও প্ৰেৰণা পাইছিলোঁ।’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক