--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ বিখ্যাত লৱ-কুশ ৰামলীলা কমিটীয়ে ৩ অক্টোবৰত মঞ্চস্থ কৰে ৰামলীলাৰ নাট, য’ত বিভিন্ন চৰিত্ৰত বহু বিখ্যাত মুখ দেখা গৈছে। বিজেপি সাংসদ মনোজ তিৱাৰীয়েও ৰামলীলাত অংশগ্ৰহণ কৰি পৰশুৰামৰ চৰিত্ৰত অভিনয় কৰিছে। পৰশুৰামৰ ৰূপত মনোজ তিৱাৰীয়ে মেকআপ কৰা ভিডিঅ’ বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

সংবাদ মাধ্যমত শনিবাৰে মনোজ তিৱাৰীয়ে কয় যে ‘‘মই ৰামলীলাক সমৰ্থন কৰো আৰু এই ৰামলীলালৈ মই নিমন্ত্ৰণ পোৱাত মই অতিশয় সুখী। আজি মই ৰামলীলাত পৰশুৰামৰ চৰিত্ৰত অভিনয় কৰিম। আমি আজি এটা অতি গুৰুত্বপূৰ্ণ বাৰ্তা দিবলৈ ওলাইছো পৰশুৰামক ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ বুলি গণ্য কৰা হয়।’’


এই ৰামলীলাত বিজেপি আৰু আপৰ আন একাংশ নেতাইও অংশগ্ৰহন কৰিছে ৷ বিধানসভাৰ বিৰোধী দলপতি বিজেন্দ্ৰ গুপ্তাই ৰজা জনকৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে প্ৰাক্তন বিধায়ক বিজয় জলীয়ে ঋষি বশিষ্ঠৰ চৰিত্ৰত অভিনয় কৰিছে। একে সময়তে মেঘনাদৰ চৰিত্ৰত আম আদমি পাৰ্টিৰ নেতা বৃজেশ গোয়াল। অভিনেতা হিমাংশু ছোনীয়ে ভগৱান ৰাম, সীতাৰ চৰিত্ৰত সমীক্ষা ভাটনগৰ আৰু হনুমানৰ চৰিত্ৰত কেতন কৰণ্ডেয়ে অভিনয় কৰিছে।

Dussehra 2024 Oldest Ramlila Ayodhya famous ramleela history when its begin  know 42 BOLLYWOOD ACTORS PLAY ROLE | Ayodhya Ramleela 2024: विश्व सुंदरी  निभाएगी अयोध्या की रामलीला में सीता का रोल, रवि


মেঘনাদৰ চৰিত্ৰত অভিনয় সন্দৰ্ভত বৃজেশ গোয়ালে কয়, ‘‘যোৱা তিনি বছৰ ধৰি মই লৱকুশ ৰামলীলাত 'অংগদ'ৰ চৰিত্ৰত অভিনয় কৰি আছিলো। এইবাৰ মই ‘মেঘনাদ’ৰ চৰিত্ৰত অভিনয় কৰিম। মোৰ দেউতাই ২০ বছৰ ধৰি জয়পুৰৰ এখন ৰামলীলাত ‘মেঘনাদ’ৰ চৰিত্ৰত অভিনয় কৰিছিল। পৰিয়ালৰ পৰাও প্ৰেৰণা পাইছিলোঁ।’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু