--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ আকাশত উৰি আছিল চোৰাংচোৱা বেলুন। এই দৃশ্য দেখিয়ে ভাৰতীয় বায়ুসেনাই ৰাফেল যুদ্ধ বিমান ব্যৱহাৰ কৰি ইষ্টাৰ্ণ ফ্ৰণ্ট এলেকাত উৰি থকা বেলুনবোৰ গুলীয়াই ধ্বংস কৰিলে। 

উচ্চ উচ্চতাত উৰি থকা এনে বেলুনবোৰে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ বিষয়টো ভাৰতীয় বায়ুসেনাই দীৰ্ঘদিন ধৰি আলোচনা কৰি আহিছে। যোৱা বছৰ আমেৰিকাৰ বায়ুসেনাৰ সৈতেও আলোচনা কৰা হৈছিল।

ইষ্টাৰ্ণ ফ্ৰণ্টত ৫৫ হাজাৰ ফুটতকৈও অধিক উচ্চতাত উৰি থকা চোৰাংচোৱা বেলুন চীনৰ পৰা প্ৰেৰণ কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। সূত্ৰ অনুসৰি ভাৰতীয় বায়ুসেনাই ধ্বংস কৰা বেলুনৰ আকাৰ যোৱা বছৰ আমেৰিকাৰ বায়ুসেনাই ধ্বংস কৰা চোৰাংচোৱা বেলুনতকৈ সৰু আছিল। যোৱা বছৰ আমেৰিকাৰ বায়ুসেনাই চীনৰ চোৰাংচোৱা বেলুন ধ্বংস কৰিবলৈ এফ-২২ ৰেপ্টৰ যুদ্ধ বিমান ব্যৱহাৰ কৰিছিল।

২০২৩ চনৰ আৰম্ভণিতে আমেৰিকাৰ বায়ুসেনাই দক্ষিণ কেৰ’লিনাৰ উপকূলত চীনৰ চোৰাংচোৱা বেলুন এটা এফ-২২ ৰেপ্টৰ বিমানেৰে ধ্বংস কৰিছিল। প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছিল যে আমেৰিকান বিমানখনৰ ওপৰেৰে উৰি থকা বেলুনটো চীনৰ আছিল আৰু ইয়াত হাই ৰিজ’লিউচন কেমেৰা লগোৱা হৈছিল। অৱশ্যে চীনে আমেৰিকাৰ এই দাবী নাকচ কৰে।

ভাৰতীয় বায়ুসেনাই ধ্বংস কৰা বেলুনটো আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ অঞ্চলৰ ওপৰেৰে উৰি আছিল। বিশ্বাস কৰা হয় যে এই বেলুনবোৰৰ সহায়ত বৃহৎ এলেকা নিৰীক্ষণ কৰা হয়। চীনৰ চোৰাংচোৱা বেলুনত এটা ষ্টিয়াৰিং ব্যৱস্থা আছে বুলিও আলোচনা কৰা হৈছে যিটো তেওঁলোকে নিজৰ অঞ্চল নিৰীক্ষণ কৰিবলৈ ব্যৱহাৰ কৰে।

ইষ্টাৰ্ণ এয়াৰ কমাণ্ড এলেকাৰ ওপৰেৰে উৰি থকা বেলুনবোৰক ধ্বংস কৰিবলৈ ৰাফেল যুদ্ধ বিমান ব্যৱহাৰ কৰি ভাৰতীয় বায়ুসেনাই নিজৰ সামৰ্থ্য প্ৰমাণ কৰিছে। এই অভিযান সহজ নাছিল কাৰণ বেলুন ৫৫০০০ ফুটতকৈও অধিক উচ্চতাত উৰি আছিল। বায়ুসেনাৰ এই প্ৰচেষ্টাই চীনৰ চোৰাংচোৱা বেলুনৰ বিৰুদ্ধে নিজৰ শক্তি দেখুৱাইছে।

উল্লেখ্য যে আমেৰিকাত চীনৰ বেলুন তললৈ নমাই দিয়াৰ পাছৰে পৰা আমেৰিকা আৰু চীনৰ মাজত বাক-বিতণ্ডা হৈছে। আমেৰিকাই কঠোৰ সমালোচনা কৰাৰ পাছত চীনৰ পৰাও এটা স্পষ্টীকৰণ আহিছিল য’ত কোৱা হৈছিল যে আমেৰিকাৰ ওপৰেৰে উৰি থকা বেলুন চোৰাংচোৱাগিৰিৰ বাবে নহয়, সেয়া ভুলবশতঃ আমেৰিকাৰ আকাশমাৰ্গত প্ৰৱেশ কৰিছে। গৱেষণাৰ উদ্দেশ্যে মুকলি কৰি দিয়া বেলুন বতৰৰ বাবে আমেৰিকাৰ আকাশৰ ওপৰেৰে গৈছিল। তাৰবাবে চীন দায়ী নহয়।

ভাৰতৰ আকাশত উৰি থকা চোৰাংচোৱা বেলুন কোনে কি উদ্দেশ্যৰে প্ৰেৰণ কৰিছিল সেয়া তদন্তৰ অন্ততহে গম পোৱা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক