--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দিল্লী বিশ্ববিদ্যালয়ত সৃষ্টি হৈছে এক অবাঞ্চিত পৰিস্থিতিৰ। বছৰৰ পাছত বছৰ ধৰি একাংশ অধ্যাপকে নিজৰ সকলো প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হোৱাক লৈ এতিয়া অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছে। দিল্লী বিশ্ববিদ্যালয় শিক্ষক সন্মিলনী (ডিইউটিএ)য়ে এক বিশেষ অভিযান আৰম্ভ কৰিছে আৰু বিশ্ববিদ্যালয়খনৰ ভিতৰচ’ৰাত চলি থকা একধৰণৰ খাম-খেয়ালিক ৰাষ্ট্ৰপতিৰ কাষলৈ লৈ যোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতিলৈ সম্বোধনসূচক এখন আবেদনত বিশ্ববিদ্যালখনৰ এডহক অধ্যাপকসকলৰ বিভিন্ন সমস্যাৰ কথা উল্লেখেৰে এই বিষয়টো সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে। সংগঠনটোৱে এই আবেদনত উল্লেখ কৰিছে যে, এইসকল সহকাৰী অধ্যাপকে তেওঁলোকৰ জীৱনৰ এছোৱা গুৰুত্বপূ্ৰ্ণ বিশ্ববিদ্যালয়ৰ নামত অতিবাহিত কৰাৰ পাছতো তেওঁলোক নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। বাৰ্ষিক দৰমহা বৃদ্ধি, পদোন্নতি, স্বাস্থ্যজনিত সা-সুবিধা, ছুটী, চাইল্ড কেয়াৰ লিভ আদিৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে। তেওঁলোকে তেওঁলোকৰ আন সহকৰ্মীসকলৰ সমানে দায়িত্ব পালন কৰি যোৱাৰ পাছতো তেওঁলোক এই সা-সুবিধাবোৰৰ পৰা বঞ্চিত হৈ আছে। সংগঠনটোৱে সকলো অনুমোদিত পোষ্টৰ বিপৰীতে এককালীন সমাৱেশৰ দাবী তুলি কয় যে, দিল্লী বিশ্ববিদ্যালয়ে ইণ্টাৰভিউৰ ক্ষেত্ৰত পলম কৰি আহিছে আৰু অধ্যাপকসকলক তেওঁলোকৰ চাকৰিৰ নিৰাপত্তাৰ পৰা বঞ্চিত কৰি ৰাখিছে। এডহক আৰু অংশকালীনভাৱে কাম কৰি থকা অধ্যাপকসকলৰ পদ নিয়মীয়াকৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী তুলিছে সংগঠনটোৱে। ইফালে, যোৱা ২ ফেব্ৰুৱাৰীত ৰাজ্যসভাৰ সাংসদ আব্দুল ৱাহিবৰ এটা প্ৰশ্নৰ উত্তৰ শিক্ষা বিভাগৰ ফালৰ পৰা এইকথা প্ৰকাশ কৰে যে, ইউজিচি ৰেগুলেচন ২০২৮ অনুসৰি ৱান টাইম এবছৰপচনৰ জৰিয়তে অংশকালীন আৰু এড হক শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ কোনো ব্যৱস্থা নাই। অৰ্থাৎ দিল্লী বিশ্ববিদ্যালয়ৰ এইসকল এডহক অধ্যাপকে সোনকালে ন্যায় লাভ কৰাৰ কোনো সম্ভাৱনা নাই। মন কৰিবলগীয়া কথাটো হৈছে যে, দিল্লী বিশ্ববিদ্যালয়ৰ দৰে দেশৰ ভিতৰতে আগশাৰীৰ এখন শিক্ষানুষ্ঠানতে এনে অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হোৱাটো সাধাৰণভাৱে ল’ব পৰা কথা নিশ্চয় নহয়। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰো ভালেমান ঠাইৰ পৰা জ্ঞানাৰ্জনৰ বাবে এই বিশ্ববিদ্যালয়লৈ বিভিন্ন শিক্ষাৰ্থী প্ৰতিবছৰে আহে। কিন্তু এনে এখন গুৰুত্বপূৰ্ণ বিশ্ববিদ্যালয়ক এনে এক ব্যৱস্থাৰে একপ্ৰকাৰ পংগু কৰি তুলিব খোজা প্ৰক্ৰিয়া সন্দৰ্ভত বৃহৎ প্ৰশ্নবোধকৰ সৃষ্টি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক