--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দিল্লী বিশ্ববিদ্যালয়ত সৃষ্টি হৈছে এক অবাঞ্চিত পৰিস্থিতিৰ। বছৰৰ পাছত বছৰ ধৰি একাংশ অধ্যাপকে নিজৰ সকলো প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হোৱাক লৈ এতিয়া অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছে। দিল্লী বিশ্ববিদ্যালয় শিক্ষক সন্মিলনী (ডিইউটিএ)য়ে এক বিশেষ অভিযান আৰম্ভ কৰিছে আৰু বিশ্ববিদ্যালয়খনৰ ভিতৰচ’ৰাত চলি থকা একধৰণৰ খাম-খেয়ালিক ৰাষ্ট্ৰপতিৰ কাষলৈ লৈ যোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতিলৈ সম্বোধনসূচক এখন আবেদনত বিশ্ববিদ্যালখনৰ এডহক অধ্যাপকসকলৰ বিভিন্ন সমস্যাৰ কথা উল্লেখেৰে এই বিষয়টো সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে। সংগঠনটোৱে এই আবেদনত উল্লেখ কৰিছে যে, এইসকল সহকাৰী অধ্যাপকে তেওঁলোকৰ জীৱনৰ এছোৱা গুৰুত্বপূ্ৰ্ণ বিশ্ববিদ্যালয়ৰ নামত অতিবাহিত কৰাৰ পাছতো তেওঁলোক নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। বাৰ্ষিক দৰমহা বৃদ্ধি, পদোন্নতি, স্বাস্থ্যজনিত সা-সুবিধা, ছুটী, চাইল্ড কেয়াৰ লিভ আদিৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে। তেওঁলোকে তেওঁলোকৰ আন সহকৰ্মীসকলৰ সমানে দায়িত্ব পালন কৰি যোৱাৰ পাছতো তেওঁলোক এই সা-সুবিধাবোৰৰ পৰা বঞ্চিত হৈ আছে। সংগঠনটোৱে সকলো অনুমোদিত পোষ্টৰ বিপৰীতে এককালীন সমাৱেশৰ দাবী তুলি কয় যে, দিল্লী বিশ্ববিদ্যালয়ে ইণ্টাৰভিউৰ ক্ষেত্ৰত পলম কৰি আহিছে আৰু অধ্যাপকসকলক তেওঁলোকৰ চাকৰিৰ নিৰাপত্তাৰ পৰা বঞ্চিত কৰি ৰাখিছে। এডহক আৰু অংশকালীনভাৱে কাম কৰি থকা অধ্যাপকসকলৰ পদ নিয়মীয়াকৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী তুলিছে সংগঠনটোৱে। ইফালে, যোৱা ২ ফেব্ৰুৱাৰীত ৰাজ্যসভাৰ সাংসদ আব্দুল ৱাহিবৰ এটা প্ৰশ্নৰ উত্তৰ শিক্ষা বিভাগৰ ফালৰ পৰা এইকথা প্ৰকাশ কৰে যে, ইউজিচি ৰেগুলেচন ২০২৮ অনুসৰি ৱান টাইম এবছৰপচনৰ জৰিয়তে অংশকালীন আৰু এড হক শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ কোনো ব্যৱস্থা নাই। অৰ্থাৎ দিল্লী বিশ্ববিদ্যালয়ৰ এইসকল এডহক অধ্যাপকে সোনকালে ন্যায় লাভ কৰাৰ কোনো সম্ভাৱনা নাই। মন কৰিবলগীয়া কথাটো হৈছে যে, দিল্লী বিশ্ববিদ্যালয়ৰ দৰে দেশৰ ভিতৰতে আগশাৰীৰ এখন শিক্ষানুষ্ঠানতে এনে অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হোৱাটো সাধাৰণভাৱে ল’ব পৰা কথা নিশ্চয় নহয়। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰো ভালেমান ঠাইৰ পৰা জ্ঞানাৰ্জনৰ বাবে এই বিশ্ববিদ্যালয়লৈ বিভিন্ন শিক্ষাৰ্থী প্ৰতিবছৰে আহে। কিন্তু এনে এখন গুৰুত্বপূৰ্ণ বিশ্ববিদ্যালয়ক এনে এক ব্যৱস্থাৰে একপ্ৰকাৰ পংগু কৰি তুলিব খোজা প্ৰক্ৰিয়া সন্দৰ্ভত বৃহৎ প্ৰশ্নবোধকৰ সৃষ্টি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ