--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: শিক্ষা, স্বাস্থ্য, বহনক্ষম উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে কেইবাবছৰো দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে বিবেচিত হৈ আহিছে কেৰালা৷ অত্যন্ত পৰিশীলিতৰূপত ৰাজ্যখনক প্ৰগতিৰ নতুন বাটেৰে আগুৱাই নিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ানে৷ ভাৰতৰ শেহতীয়া অৰ্থনৈতিক সমীক্ষাত দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে বিবেচিত হৈছে কেৰালা৷ কিন্তু অসমে সদায় ফেইল মাৰে কিয় ?

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সংস্থা নীতি আয়োগৰ প্ৰতিবেদনৰ আধাৰত প্ৰস্তুত কৰা অৰ্থনৈতিক সমীক্ষাত কেৰালা শ্ৰেষ্ঠ ৰাজ্য হোৱাৰ বিপৰীতে অন্তিম তিনি স্থানতহে স্থান পাইছে অসমে৷ অসমৰ সৈতে অন্তিম ফালে স্থান পাইছে বিহাৰ আৰু ঝাৰখণ্ডে৷ দ্বিতীয় স্থান লাভ কৰিছে তামিলনাডু আৰু হিমাচল প্ৰদেশে৷ তৃতীয় স্থানত আছে অন্ধ্ৰপ্ৰদেশ, উত্তৰাখণ্ড, গোৱা আৰু কৰ্ণাটক৷ একেদৰে, চতুৰ্থ স্থানত আছে অসমৰ চুবুৰীয়া ছিকিম৷ কেৰালাৰ দৰেই ছিকিমো উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত দোপতদোপে আগুৱাই গৈছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে ছিকিম এতিয়া উন্নয়ন আৰু প্ৰগতি নতুন দৃষ্টান্ত হৈ পৰিছে৷ অথচ, এই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম হয়তো বহুতে নাজানে৷ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ নেতৃত্বত ৰাজ্যখন শিক্ষা, স্বাস্থ্য আৰু বহনক্ষম উন্নয়নৰ দিশত আগবাঢ়ি গৈছে৷ দেশৰ ভিতৰতে ধৰ্মীয় গোড়ামি, সাম্প্ৰদায়িকতাবাদ, ঘৃণাৰ ৰাজনীতিৰে সদাচৰ্চিত, সংবাদ শিৰোনামত থকা যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত শিক্ষা, স্বাস্থ্যৰ মান অধঃপতিত হৈ পৰিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতো আটাইতকৈ প্ৰচাৰমুখী আৰু বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰি থাকে অসম আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে৷ অথচ, এই ৰাজ্য দুখনত আলোচিত নহয় কেৰালাৰ কথা৷ কেৰালাৰ আদৰ্শৰ সলনি ব্যৰ্থ গুজৰাট মডেলক আগত লৈহে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমক শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ এখন কৰাৰ সপোন দেখে৷ অসম অন্তিম তৃতীয় স্থানত থাকিবলগীয়া হোৱাত আচৰিত হ’বলগাও একো নাই৷ য’ত তৰল একোটা বিষয়ক লৈ স্বয়ং মুখ্যমন্ত্ৰী ব্যস্ত হৈ থাকে, সেই ৰাজ্যখন শ্ৰেষ্ঠ ৰাজ্য হোৱাৰ সপোনটো দিবাস্বপ্ন৷ অসমত শিক্ষা, স্বাস্থ্যৰ সলনি আলোচ্য বিষয় হৈ পৰে শ্বেৰমান আলীৰ সাম্প্ৰদায়িক কথা-বতৰা৷ ধৰ্মীয় মেৰুকৰণেৰে ৰাজনীতি চলাই হয়তো ৰাজনীতিকে ব্যক্তিগত ৰাজনৈতিক জীৱনত সফল হ’ব পাৰিব, কিন্তু সামগ্ৰিকভাৱে ৰাজ্যখনৰ একো লাভ নহ’ব৷ অসমৰ ৰাইজক আঁচনিৰ পিছত আঁচনি প্ৰদান কৰি তেওঁলোকৰ জীৱনবোৰ পাঁচশ, এহেজাৰ টকাতে পৰিসীমিত কৰি ৰখা ৰাজ্যখনে বিকাশৰ ক্ষেত্ৰত আগবাঢ়ি যাব কেনেকৈ? অসমৰ প্ৰগতিশীল সমাজখনে বিচাৰে, যুক্তি, দৰ্শন আৰু সুস্থ ৰাজনীতিৰ আধাৰণত অসমে ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত হওক৷ কিন্তু, তাৰ বাবে ৰাইজৰ সদিচ্ছাৰ উপৰিও চৰকাৰখনৰ দায়বদ্ধতা, সততা আৰু শ্ৰমৰ বিষয়টোও নিৰ্ভৰ কৰে৷ অসমত দেখিবলৈ পোৱা যায় ফাঁকি মাথোঁ ফাঁকি৷ ৰাজনৈতিক নেতাসকলে ফাঁকিৰ মাজতেই জীৱন অতিবাহিত কৰে৷ কেৱল প্ৰচাৰ আৰু চমক সৃষ্টি কৰি জনসাধাৰণৰ মৌলিক সমস্যাবোৰ ঢাকি ৰখাৰ লগতে সেইবোৰৰ সমাধানৰ বাবেও তেওঁলোকৰ আন্তৰিক প্ৰয়াস চকুত নপৰে৷ যাৰ বাবে হয়তো বাৰে বাৰে কেৰালাই পাই ফাৰ্ষ্ট ডিভিজন, আৰু অসমে কৰে ফেইল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement