--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মিজোৰাম'ৰ আগ্ৰাসনে অসমৰ মাটিত একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে৷ অসমে পুনৰ মিজোৰামৰ ওপৰত বেদখলৰ অভিযোগ উত্থাপন কৰিছে৷ অসম-মিজোৰাম সীমান্তৱৰ্তী হাইলাকান্দি জিলাত মিজোৰামে আৰম্ভ কৰিছে বেদখল৷ হাইলাকান্দিৰ বন বিষয়াসকলে অনুমান কৰিছিল যে ১.৫ হেক্টৰ বনাঞ্চল মিজোৰামৰ বাসিন্দাই কাটি টহিলং কৰাৰ লগকে তেওঁলোকে আৰু অধিক বনাঞ্চল ধ্বংস কৰিব বিচাৰিছিল। অৱশ্যে, অসম আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছত মিজোৰামৰ লোকসকল ঘূৰি যায়৷ অভিযোগ অনুসৰি মিজোৰামৰ এদল লোকে অসমৰ হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তৰ ওচৰৰ বনাঞ্চল পৰিষ্কাৰ কৰিবলৈ বনাঞ্চল ধ্বংস কৰি জুই লগাই দিছিল। শেহতীয়াকৈ, মিজোৰামৰ কিছুসংখ্যক লোকে হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তৰ ওচৰত কেইবাজোপাও বৃহৎ বৃক্ষ আৰু শ শ বাঁহগছ ধ্বংস কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষী বিষয়া আৰু বন বিভাগৰ কৰ্মচাৰীসকলে ইয়াক অসমৰ ভূমি বেদখল কৰাৰ এক নতুন প্ৰয়াস বুলি অভিহিত কৰিছে। বিষয়াসকলৰ মতে, মঙলবাৰে নিশা তথ্য পোৱাৰ পিছতেই আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকে মিজোৰামৰ লোকসকলৰ মুখামুখি হৈছিল আৰু তেওঁলোকক ঘূৰি যাবলৈ কৈছিল। হাইলাকান্দি জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে কয়, এতিয়া পৰিস্থিতি স্বাভাৱিক, আমি তেওঁলোকক নিৰ্দেশ দিয়াৰ দৰে তেওঁলোক পিছুৱাই গৈছিল। কিন্তু, বনাঞ্চলৰ এটা ডাঙৰ অংশ ধ্বংস কৰিছিল। আমি ইতিমধ্যে ঘটনাটোৰ বিষয়ে আমাৰ শীৰ্ষমহলক অৱগত কৰিছোঁ আৰু মিজোৰামৰ কোলাচিব জিলাৰ বিষয়াসকলৰ সৈতেও কথা পাতিছোঁ৷ তেওঁ লগতে জনায় যে ৰামনাথপুৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত দুটা অঞ্চল, গেলাৰচেৰা আৰু গুটগুটিত বনাঞ্চল ধ্বংস কৰাৰ চেষ্টা কৰা হৈছে। গেলাৰচেৰা হৈছে এনে এক অঞ্চল য’ত মিজোসকলে বহু বছৰ ধৰি বাস কৰি আহিছে৷ কিন্তু এইবাৰ গুটগুটিৰ এটা নতুন বনাঞ্চলকো লক্ষ্য কৰা হৈছিল। তেওঁলোকে অৰণ্য ধ্বংস কৰিছিল আৰু সেইবোৰত জুই লগাই দিছিল। এইটো এটা সংৰক্ষিত বনাঞ্চল আৰু সেই অঞ্চলবোৰত কোনো লোক বাস কৰা নাই বুলি উপাধ্যায়ে সদৰি কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক