--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মিজোৰাম'ৰ আগ্ৰাসনে অসমৰ মাটিত একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে৷ অসমে পুনৰ মিজোৰামৰ ওপৰত বেদখলৰ অভিযোগ উত্থাপন কৰিছে৷ অসম-মিজোৰাম সীমান্তৱৰ্তী হাইলাকান্দি জিলাত মিজোৰামে আৰম্ভ কৰিছে বেদখল৷ হাইলাকান্দিৰ বন বিষয়াসকলে অনুমান কৰিছিল যে ১.৫ হেক্টৰ বনাঞ্চল মিজোৰামৰ বাসিন্দাই কাটি টহিলং কৰাৰ লগকে তেওঁলোকে আৰু অধিক বনাঞ্চল ধ্বংস কৰিব বিচাৰিছিল। অৱশ্যে, অসম আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছত মিজোৰামৰ লোকসকল ঘূৰি যায়৷ অভিযোগ অনুসৰি মিজোৰামৰ এদল লোকে অসমৰ হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তৰ ওচৰৰ বনাঞ্চল পৰিষ্কাৰ কৰিবলৈ বনাঞ্চল ধ্বংস কৰি জুই লগাই দিছিল। শেহতীয়াকৈ, মিজোৰামৰ কিছুসংখ্যক লোকে হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তৰ ওচৰত কেইবাজোপাও বৃহৎ বৃক্ষ আৰু শ শ বাঁহগছ ধ্বংস কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষী বিষয়া আৰু বন বিভাগৰ কৰ্মচাৰীসকলে ইয়াক অসমৰ ভূমি বেদখল কৰাৰ এক নতুন প্ৰয়াস বুলি অভিহিত কৰিছে। বিষয়াসকলৰ মতে, মঙলবাৰে নিশা তথ্য পোৱাৰ পিছতেই আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকে মিজোৰামৰ লোকসকলৰ মুখামুখি হৈছিল আৰু তেওঁলোকক ঘূৰি যাবলৈ কৈছিল। হাইলাকান্দি জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে কয়, এতিয়া পৰিস্থিতি স্বাভাৱিক, আমি তেওঁলোকক নিৰ্দেশ দিয়াৰ দৰে তেওঁলোক পিছুৱাই গৈছিল। কিন্তু, বনাঞ্চলৰ এটা ডাঙৰ অংশ ধ্বংস কৰিছিল। আমি ইতিমধ্যে ঘটনাটোৰ বিষয়ে আমাৰ শীৰ্ষমহলক অৱগত কৰিছোঁ আৰু মিজোৰামৰ কোলাচিব জিলাৰ বিষয়াসকলৰ সৈতেও কথা পাতিছোঁ৷ তেওঁ লগতে জনায় যে ৰামনাথপুৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত দুটা অঞ্চল, গেলাৰচেৰা আৰু গুটগুটিত বনাঞ্চল ধ্বংস কৰাৰ চেষ্টা কৰা হৈছে। গেলাৰচেৰা হৈছে এনে এক অঞ্চল য’ত মিজোসকলে বহু বছৰ ধৰি বাস কৰি আহিছে৷ কিন্তু এইবাৰ গুটগুটিৰ এটা নতুন বনাঞ্চলকো লক্ষ্য কৰা হৈছিল। তেওঁলোকে অৰণ্য ধ্বংস কৰিছিল আৰু সেইবোৰত জুই লগাই দিছিল। এইটো এটা সংৰক্ষিত বনাঞ্চল আৰু সেই অঞ্চলবোৰত কোনো লোক বাস কৰা নাই বুলি উপাধ্যায়ে সদৰি কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি