--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আহি আছে পোহৰৰ উৎসৱ দিপাৱলী৷ সম্প্ৰতি দিপাৱলীত পোহৰৰ লগতে শব্দৰো সমাহাৰ অধিক ভাৱে পৰিলক্ষিত হয়৷ বৰ্ধিত প্ৰযুক্তি তথা যন্তৰ ব্যৱহাৰ তথা বৰ্ধিত উদ্যোগ আদিৰ বাবে দিনে দিনে প্ৰদুষণৰ হাৰ বাঢ়ি আহিছে৷ ভাৰতে প্ৰতি বছৰে প্ৰায় ৩ গিগাটন(Gt) CO2eq সেউজ গৃহ গেছ নিৰ্গত কৰে, উত্তৰপূৰ্বাঞ্চলতো বায়ুৰ গুণাগুণ নিম্নগামী হৈ আহিছে৷ৰাজধনী চহৰ দিল্লীটো বায়ু প্ৰদূষণৰ সূচকাংক দৈনিক বৃদ্ধি পাই আহিছে৷

ৰাজধানী চহৰ দিল্লীত বৰ্ধিত বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে দিল্লী চৰকাৰে ফটকা উৎপাদন, বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে। দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে ঘোষণা কৰিছে যে বিগতবৰ্ষৰ দৰে দেৱালীৰ সময়ত ফটকা ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।           
 
বায়ু প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি কৰি ২১টা মূল ক্ষেত্ৰক সামৰি ‘শীতকালীন কাৰ্য্য পৰিকল্পনা’ প্ৰস্তুত কৰা হৈছে বুলি সদৰি কৰিছে৷ এই পৰিকল্পনা অধীনত প্ৰদূষণ নিয়ন্ত্ৰণৰ লক্ষ্যৰে বিভিন্ন অভিযান চলোৱা হ’ব৷ আৰু ইয়াৰ সফলতা নিশ্চিত কৰিবৰ বাবে চৰকাৰে জনসাধাৰনৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি যাব বুলি সদৰি কৰে পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে৷ সমূহ দিল্লীবাসীক ফটকা ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে লেম্প জ্বলাই মিঠাই বিতৰণ কৰি দিপাৱলী উদযাপন কৰা কৰিবলৈ আহ্বান জনাইছে। আমি একত্ৰিত ভাৱে প্ৰদূষণ হ্ৰাস কৰাৰ লগতে পৰিৱেশ সুৰক্ষাৰ দায়িত্ব গ্ৰহণ কৰিব পাৰোঁ। প্ৰতিজন নাগৰিক 'প্ৰদূষণ যোদ্ধা' হয় তেন্তে আমি বায়ু প্ৰদূষণৰ ফলত হোৱা স্বাস্থ্যজনিত সমস্যা সমূহ ৰোধ কৰিব পাৰিম।’ বুলি মন্তব্য আগবঢ়াই। 

নিষেধাজ্ঞা কঠোৰভাৱে কাৰ্যকৰী কৰিবৰ বাবে দিল্লী আৰক্ষী তথা দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতি আৰু ৰাজহ বিভাগৰ সহযোগত পৰিকল্পনা প্ৰস্তুত কৰা হ’ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।উল্লেখযোগ্য যে ২০২৫ চনৰ ১ জানুৱাৰী লৈ বাহাল থাকিব এই নিষেদ্ধাজ্ঞা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু