--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আহি আছে পোহৰৰ উৎসৱ দিপাৱলী৷ সম্প্ৰতি দিপাৱলীত পোহৰৰ লগতে শব্দৰো সমাহাৰ অধিক ভাৱে পৰিলক্ষিত হয়৷ বৰ্ধিত প্ৰযুক্তি তথা যন্তৰ ব্যৱহাৰ তথা বৰ্ধিত উদ্যোগ আদিৰ বাবে দিনে দিনে প্ৰদুষণৰ হাৰ বাঢ়ি আহিছে৷ ভাৰতে প্ৰতি বছৰে প্ৰায় ৩ গিগাটন(Gt) CO2eq সেউজ গৃহ গেছ নিৰ্গত কৰে, উত্তৰপূৰ্বাঞ্চলতো বায়ুৰ গুণাগুণ নিম্নগামী হৈ আহিছে৷ৰাজধনী চহৰ দিল্লীটো বায়ু প্ৰদূষণৰ সূচকাংক দৈনিক বৃদ্ধি পাই আহিছে৷

ৰাজধানী চহৰ দিল্লীত বৰ্ধিত বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে দিল্লী চৰকাৰে ফটকা উৎপাদন, বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে। দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে ঘোষণা কৰিছে যে বিগতবৰ্ষৰ দৰে দেৱালীৰ সময়ত ফটকা ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।           
 
বায়ু প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি কৰি ২১টা মূল ক্ষেত্ৰক সামৰি ‘শীতকালীন কাৰ্য্য পৰিকল্পনা’ প্ৰস্তুত কৰা হৈছে বুলি সদৰি কৰিছে৷ এই পৰিকল্পনা অধীনত প্ৰদূষণ নিয়ন্ত্ৰণৰ লক্ষ্যৰে বিভিন্ন অভিযান চলোৱা হ’ব৷ আৰু ইয়াৰ সফলতা নিশ্চিত কৰিবৰ বাবে চৰকাৰে জনসাধাৰনৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি যাব বুলি সদৰি কৰে পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে৷ সমূহ দিল্লীবাসীক ফটকা ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে লেম্প জ্বলাই মিঠাই বিতৰণ কৰি দিপাৱলী উদযাপন কৰা কৰিবলৈ আহ্বান জনাইছে। আমি একত্ৰিত ভাৱে প্ৰদূষণ হ্ৰাস কৰাৰ লগতে পৰিৱেশ সুৰক্ষাৰ দায়িত্ব গ্ৰহণ কৰিব পাৰোঁ। প্ৰতিজন নাগৰিক 'প্ৰদূষণ যোদ্ধা' হয় তেন্তে আমি বায়ু প্ৰদূষণৰ ফলত হোৱা স্বাস্থ্যজনিত সমস্যা সমূহ ৰোধ কৰিব পাৰিম।’ বুলি মন্তব্য আগবঢ়াই। 

নিষেধাজ্ঞা কঠোৰভাৱে কাৰ্যকৰী কৰিবৰ বাবে দিল্লী আৰক্ষী তথা দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতি আৰু ৰাজহ বিভাগৰ সহযোগত পৰিকল্পনা প্ৰস্তুত কৰা হ’ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।উল্লেখযোগ্য যে ২০২৫ চনৰ ১ জানুৱাৰী লৈ বাহাল থাকিব এই নিষেদ্ধাজ্ঞা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ