--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মণিপুৰত ২০২৩ চনৰ ৩ মে’ৰ পৰা আৰম্ভ হোৱা হিংসাত্মক জুই এই পৰ্যন্ত নিৰ্বাপিত হোৱা নাই।ৰাজ্যখনত শুকুৰবাৰে সংঘটিত ৰকেট চালিত গ্ৰেনেড আক্ৰমণ সংঘটিত হোৱাৰ পাছৰে পৰা অধিক নিৰাপত্তাহীনতাত ভুগিছে মণিপুৰবাসী৷ মণিপুৰৰ উত্তপ্ত পৰিস্থিতিক লৈ সৰৱ হৈ  পৰিছে ৰাজ্যখনৰ তদানীন্তন ৰাজ্যপাল অনুসুইয়া উইকে৷ 

মনিপুৰৰ তদানীন্তন ৰাজ্যপাল অনুসুইয়া উইকেয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,‘হিংসা জৰ্জৰিত ৰাজ্যখনৰ জনসাধাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইপৰ্যন্ত অশান্ত মণিপুৰত উপস্থিত নোহোৱা লৈ দুখ প্ৰকাশ কৰিছে৷’ তদানীন্তন ৰাজ্যপাল গৰাকীয়ে কয় যে সেই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে বহুতো সিদ্ধান্ত গ্ৰহণ কৰিছিল যিবিলাকৰ বিষয়ে তেওঁ জ্ঞাত নাছিল৷ 

উল্লেখযেগ্য যে মেইটেই আৰু কুকিসকলৰ এই সংঘাতত দুশৰো অধিক লোকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈছে।তদানীন্তন ৰাজ্যপাল গৰাকীয়ে কয় যে মণিপুৰৰ পৰিস্থিতি সম্প্ৰতি বহু পৰিমাণে নিয়ন্ত্ৰনত আহিছে৷ আশ্ৰয় শিবিৰত দুয়োটা সম্প্ৰদায়ৰ বহু লোকক লগ পোৱা বুলিও সদৰি কৰে অনুসুইয়া উইকেয়ে।
 
মণিপুৰত শুকুৰবাৰে সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী এন.বীৰেণ সিঙে উদ্বেগ প্ৰকাশ কৰাৰ লগতে, কেন্দ্রক ৰাজ্যখনৰ ভূখণ্ডীয় অখণ্ডতা ৰক্ষাৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনাইছে৷ কুকি-জো গোটে উত্থাপন কৰা সুকীয়া প্ৰশাসনৰ দাবীৰ আগত হাৰ নামানে বুলিও সিঙে কেন্দ্ৰীয় চৰকাৰক সদৰি কৰিছে। মুখ্যমন্ত্ৰী এন.বীৰেণ সিঙে ৰাজ্যপালক সাক্ষাৎ কৰি ৰাজভৱনত কেইবাজনো বিধায়ক আৰু বিধানসভাৰ অধ্যক্ষৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰৰা লগতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত স্মাৰকপত্ৰত দাখিল কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ