--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মণিপুৰত ২০২৩ চনৰ ৩ মে’ৰ পৰা আৰম্ভ হোৱা হিংসাত্মক জুই এই পৰ্যন্ত নিৰ্বাপিত হোৱা নাই।ৰাজ্যখনত শুকুৰবাৰে সংঘটিত ৰকেট চালিত গ্ৰেনেড আক্ৰমণ সংঘটিত হোৱাৰ পাছৰে পৰা অধিক নিৰাপত্তাহীনতাত ভুগিছে মণিপুৰবাসী৷ মণিপুৰৰ উত্তপ্ত পৰিস্থিতিক লৈ সৰৱ হৈ  পৰিছে ৰাজ্যখনৰ তদানীন্তন ৰাজ্যপাল অনুসুইয়া উইকে৷ 

মনিপুৰৰ তদানীন্তন ৰাজ্যপাল অনুসুইয়া উইকেয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,‘হিংসা জৰ্জৰিত ৰাজ্যখনৰ জনসাধাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইপৰ্যন্ত অশান্ত মণিপুৰত উপস্থিত নোহোৱা লৈ দুখ প্ৰকাশ কৰিছে৷’ তদানীন্তন ৰাজ্যপাল গৰাকীয়ে কয় যে সেই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে বহুতো সিদ্ধান্ত গ্ৰহণ কৰিছিল যিবিলাকৰ বিষয়ে তেওঁ জ্ঞাত নাছিল৷ 

উল্লেখযেগ্য যে মেইটেই আৰু কুকিসকলৰ এই সংঘাতত দুশৰো অধিক লোকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈছে।তদানীন্তন ৰাজ্যপাল গৰাকীয়ে কয় যে মণিপুৰৰ পৰিস্থিতি সম্প্ৰতি বহু পৰিমাণে নিয়ন্ত্ৰনত আহিছে৷ আশ্ৰয় শিবিৰত দুয়োটা সম্প্ৰদায়ৰ বহু লোকক লগ পোৱা বুলিও সদৰি কৰে অনুসুইয়া উইকেয়ে।
 
মণিপুৰত শুকুৰবাৰে সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী এন.বীৰেণ সিঙে উদ্বেগ প্ৰকাশ কৰাৰ লগতে, কেন্দ্রক ৰাজ্যখনৰ ভূখণ্ডীয় অখণ্ডতা ৰক্ষাৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনাইছে৷ কুকি-জো গোটে উত্থাপন কৰা সুকীয়া প্ৰশাসনৰ দাবীৰ আগত হাৰ নামানে বুলিও সিঙে কেন্দ্ৰীয় চৰকাৰক সদৰি কৰিছে। মুখ্যমন্ত্ৰী এন.বীৰেণ সিঙে ৰাজ্যপালক সাক্ষাৎ কৰি ৰাজভৱনত কেইবাজনো বিধায়ক আৰু বিধানসভাৰ অধ্যক্ষৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰৰা লগতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত স্মাৰকপত্ৰত দাখিল কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু