--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ জালনাৰ গণেশোৎসৱত আৰতিৰ অন্তত ভক্তসকলে সংবিধানৰ প্ৰস্তাৱনা আবৃত্তি কৰে। আয়োজকসকলে কয় যে এই নতুন পদক্ষেপৰ লক্ষ্য হৈছে গণতান্ত্ৰিক নীতিৰ প্ৰসাৰ আৰু মানুহৰ মাজত তেওঁলোকৰ মৌলিক অধিকাৰৰ বিষয়ে সজাগতা অনা। এজন আয়োজকে কয় যে এই পদক্ষেপৰ জৰিয়তে কেৱল ভগৱান গণেশক পূজা কৰাই নহয়, সংবিধানত সন্নিৱিষ্ট মূল্যবোধকো সন্মান কৰা হৈছে।


এই অনন্য পদক্ষেপৰ আয়োজক গণেশ মহাসংঘৰ সভাপতি অশোক পাংগাৰকাৰে এই কাৰ্যসূচীত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা ৰাইছাহেব ডানাই আৰু বিধায়ক কৈলাশ গোৰান্তিয়ালাকে ধৰি বহু বিশেষ অতিথিক আমন্ত্ৰণ জনাইছিল।

১০ দিনীয়া গণেশোৎসৱৰ আৰম্ভণিতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে দক্ষিণ মুম্বাইৰ চৰকাৰী বাসগৃহত ভগৱান গণেশক স্থাপন কৰে। পত্নী আৰু পুত্ৰ সাংসদ শ্ৰীকান্ত শিণ্ডেৰ সৈতে প্ৰাৰ্থনা আগবঢ়াই মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ সমৃদ্ধি আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰে।

মুখ্যমন্ত্ৰী শিণ্ডে কয় যে এইবাৰ ৰাজ্যত বৰষুণ হৈছে, যাৰ বাবে কৃষকসকলৰ মাজত সমৃদ্ধিৰ আশা আছে, যদিও অত্যধিক বৰষুণৰ বাবে কিছু অঞ্চলত শস্যৰ ওপৰত প্ৰভাৱ পৰিছে। তেওঁ আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰে কৃষকৰ সৈতে থিয় দি তেওঁলোকৰ স্বাৰ্থ ৰক্ষা কৰিব। ইয়াৰ সমান্তৰালকৈ তেওঁ ৰাজ্যখনৰ মহিলা আৰু কৃষকৰ কল্যাণৰ বাবে চলি থকা আঁচনিসমূহৰ বিষয়ে আলোচনা কৰি কয় যে প্রত্যক্ষ বিদেশী বিনিয়োগ (এফ ডি আই)ত মহাৰাষ্ট্রই ৫২ শতাংশ অংশীদাৰিত্বৰে প্রথম স্থানত আছে৷

ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে তেওঁৰ চৰকাৰী বাসগৃহ ‘জল ভূষণ’ত ভগৱান গণেশৰ আৰতি পালন কৰে। উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনভিছে ভগৱান গণেশক তেওঁৰ বাসগৃহ ‘সাগৰ’ত আদৰণি জনোৱাৰ বিপৰীতে এম এন এছৰ মুৰব্বী ৰাজ ঠাকৰে ‘শিৱতীৰ্থ’ত পূজা কৰে। গণেশোৎসৱৰ সময়ত নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আৰক্ষী সম্পূর্ণ সজাগ হৈ থকা বুলি সংবাদ মাধ্যমৰ আগত ফডনবিছে জনায়৷ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়েও নাগপুৰত থকা তেওঁৰ বাসগৃহত ভগৱান গণেশৰ প্ৰতিমা স্থাপন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ