--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ জালনাৰ গণেশোৎসৱত আৰতিৰ অন্তত ভক্তসকলে সংবিধানৰ প্ৰস্তাৱনা আবৃত্তি কৰে। আয়োজকসকলে কয় যে এই নতুন পদক্ষেপৰ লক্ষ্য হৈছে গণতান্ত্ৰিক নীতিৰ প্ৰসাৰ আৰু মানুহৰ মাজত তেওঁলোকৰ মৌলিক অধিকাৰৰ বিষয়ে সজাগতা অনা। এজন আয়োজকে কয় যে এই পদক্ষেপৰ জৰিয়তে কেৱল ভগৱান গণেশক পূজা কৰাই নহয়, সংবিধানত সন্নিৱিষ্ট মূল্যবোধকো সন্মান কৰা হৈছে।


এই অনন্য পদক্ষেপৰ আয়োজক গণেশ মহাসংঘৰ সভাপতি অশোক পাংগাৰকাৰে এই কাৰ্যসূচীত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা ৰাইছাহেব ডানাই আৰু বিধায়ক কৈলাশ গোৰান্তিয়ালাকে ধৰি বহু বিশেষ অতিথিক আমন্ত্ৰণ জনাইছিল।

১০ দিনীয়া গণেশোৎসৱৰ আৰম্ভণিতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে দক্ষিণ মুম্বাইৰ চৰকাৰী বাসগৃহত ভগৱান গণেশক স্থাপন কৰে। পত্নী আৰু পুত্ৰ সাংসদ শ্ৰীকান্ত শিণ্ডেৰ সৈতে প্ৰাৰ্থনা আগবঢ়াই মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ সমৃদ্ধি আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰে।

মুখ্যমন্ত্ৰী শিণ্ডে কয় যে এইবাৰ ৰাজ্যত বৰষুণ হৈছে, যাৰ বাবে কৃষকসকলৰ মাজত সমৃদ্ধিৰ আশা আছে, যদিও অত্যধিক বৰষুণৰ বাবে কিছু অঞ্চলত শস্যৰ ওপৰত প্ৰভাৱ পৰিছে। তেওঁ আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰে কৃষকৰ সৈতে থিয় দি তেওঁলোকৰ স্বাৰ্থ ৰক্ষা কৰিব। ইয়াৰ সমান্তৰালকৈ তেওঁ ৰাজ্যখনৰ মহিলা আৰু কৃষকৰ কল্যাণৰ বাবে চলি থকা আঁচনিসমূহৰ বিষয়ে আলোচনা কৰি কয় যে প্রত্যক্ষ বিদেশী বিনিয়োগ (এফ ডি আই)ত মহাৰাষ্ট্রই ৫২ শতাংশ অংশীদাৰিত্বৰে প্রথম স্থানত আছে৷

ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে তেওঁৰ চৰকাৰী বাসগৃহ ‘জল ভূষণ’ত ভগৱান গণেশৰ আৰতি পালন কৰে। উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনভিছে ভগৱান গণেশক তেওঁৰ বাসগৃহ ‘সাগৰ’ত আদৰণি জনোৱাৰ বিপৰীতে এম এন এছৰ মুৰব্বী ৰাজ ঠাকৰে ‘শিৱতীৰ্থ’ত পূজা কৰে। গণেশোৎসৱৰ সময়ত নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আৰক্ষী সম্পূর্ণ সজাগ হৈ থকা বুলি সংবাদ মাধ্যমৰ আগত ফডনবিছে জনায়৷ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়েও নাগপুৰত থকা তেওঁৰ বাসগৃহত ভগৱান গণেশৰ প্ৰতিমা স্থাপন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু