--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যবাসীক প্ৰভাৱিত কৰি ৰখা মূল সমস্যাবোৰক আওকাণ কৰি এতিয়া শাসক-বিৰোধীৰ মাজত এটা কবিতাক কেন্দ্ৰ কৰি চুপতা-চুপতি অব্যাহত আছে৷ ৰাজনীতিকৰ পৰস্পৰ আক্ৰমণ, প্ৰত্যাক্ৰমণত তল পৰি ৰৈছে ৰাজ্যৰ মৌলিক বিষয়বোৰ৷ নিবনুৱা সমস্যা, কৰৰ বোজাৰে কোঙা অসমত এতিয়া তুলুঙা বিষয়েৰে ৰাজনীতি চলাইছে শাসক-বিৰোধীয়ে৷ ক’ভিডোত্তৰ ভগ্ন অৰ্থনীতিত জনসাধাৰণে যিসময়ত দিগবিদিক হেৰুৱাই পেলাইছে, সেই সময়ত কংগ্ৰেছ-বিজেপিৰ নেতাসকল ব্যস্ত হৈ পৰিছে মুখ চুপতিত৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এটা কবিতাৰ মাধ্যমেৰে মুখ্যমন্ত্ৰী আৰু বিজেপিক সমালোচনাৰ লক্ষ্য কৰি লৈছিল৷ তাৰ পাছৰে পৰা দুয়োটা দলৰ মাজত কথাৰ কটাকটি চলিছে৷ মন্ত্ৰী পীযূষ হাজৰিকাই ভূপেন বৰাক সমালোচনা কৰি পুনৰ কয়, দহবছৰ আগৰ কংগ্ৰেছ আৰু এতিয়াৰ কংগ্ৰেছৰ মাজত আকাশ পাতাল পাৰ্থক্য৷ সেই কথা ভূপেন বৰাই অস্বীকাৰ কৰি লাভ নাই৷ তেওঁ লগতে কয়, ভূপেন বৰাই য’ত চোৰ ডকাইত ধৰে তাত গৈ চোলা ফালে৷ ভূপেন বৰাই দিনটোত তিনিখনকৈ প্ৰেছমীট দিয়ে৷ ভূপেন বৰাক প্ৰেছমীট বৰাহে নাম দিব পাৰি বুলি কটাক্ষ পীযূষ হাজৰিকাৰ৷ এতিয়ালৈকে কমিটিখনকে গঠন কৰিব নোৱৰা ভূপেন বৰাই কি ৰাজ্য চলাব? চোৰ, ডকাইত, ধৰ্ষণকাৰী, দেখলকাৰীৰ হৈ মাত মতা ভূপেন বৰাই চৰকাৰ কৰিলে সেইসকলৰ মনোবলহে বৃদ্ধি কৰিব৷ পানীবিহীন ফায়াৰ ব্ৰীগেড ভূপেন বৰাই দুষ্কৃতিকাৰীৰ হৈ মাত মতা বন্ধ কৰক বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ৷ মোৰ পিতৃ জীয়াই থকা হ’লে পিতৃয়েও বৰ্তমানৰ কংগ্ৰেছক বুজি পালেহেঁতেন! মোৰ পিতৃয়ে আজিৰ কংগ্ৰেছক দেখি দুখ কৰিলেহঁতেন বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ ইপিনে, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰমেন বৰঠাকুৰে সংবাদমেল অনুষ্ঠিত কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযূষ হাজৰিকাক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ তেওঁ কয়, পীযূষ হাজৰিকা খাই পাত ফলা মানুহ৷ তেওঁৰ ৰাজনীতি কংগ্ৰেছৰ পৰাই আৰম্ভ হৈছিল৷ কংগ্ৰেছতেই আৰম্ভ কৰি কংগ্ৰেছতেই চোৰ, ডকাইত ৮০ শতাংশ আছে বুলি কৈছে৷ আমি তেওঁক গৰিহনা দিছোঁ৷ বৰঠাকুৰে লগতে কয় আমাৰমতে কংগ্ৰেছত চোৰ ডকাইত ২০ শতাংশহে আছিল৷ সেয়া ইতিমধ্যে বিজেপিত যোগদান কৰিছে৷ পীযূষ হাজৰিকাই ৰাজ্যৰ ২৫ লাখ লোকক অপমান কৰিছে৷ ৰমেন বৰঠাকুৰে লগতে কয়, ছিণ্ডিকেটৰ নায়ক আছিল পীযূষ হাজৰিকা৷ পাণ-মাছ- কণী আদিৰ ছিণ্ডিকেট চলাইছিল পীযূষ হাজৰিকাই৷ প্ৰদেশ কংগ্ৰেছৰ আন এগৰাকী জ্যেষ্ঠ নেতা ৰাণা গোস্বামীয়ে কয়, চৰকাৰৰ তলি উদং, ৰাজভঁৰাল খালী৷ সেইবাবেই আঁচনি ঘোষণা কৰিবলৈ বিভাগীয় মন্ত্ৰীক বাধা দিছে মুখ্যমন্ত্ৰীয়ে। পীযুষ হাজৰিকাও চোৰ -ডকাইত আছিল ,এতিয়াৰ মুখ্যমন্ত্ৰীও কংগ্ৰেছৰেই আছিল, গতিকে তেওঁলোক চোৰ -ডকাইত আছিল নেকি বুলি প্ৰশ্ন ৰমেন বৰঠাকুৰৰ৷ যুৱ কংগ্ৰেছৰ সভাপতি, কংগ্ৰেছৰ দিনতে বিধায়ক আছিল পীযূষ হাজৰিকা। প্ৰকৃততে আঁচনি ঘোষণা কৰিবলৈ নিদিয়াই ভ্ৰম বকিছে তেওঁলোকে। তেওঁৰ গাত ভুল নাই। আনহাতে, সৰুক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয়, কংগ্ৰেছৰ কৰ্মকৰ্তা আৰু সমৰ্থকক লৈ কটু মন্তব্য কৰাসকলে ভাৰতীয় সভ্যতা সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰিব লাগে৷ ব্ৰিটিছক খেদি ভাৰতক স্বাধীনতা দিয়া মূল চালিকা শক্তিয়ে আছিল জাতীয় কংগ্ৰেছ৷ অসমত কিমান অপৰাধী আছে সেয়া লক্ষ্য ৰখাৰ দায়িত্ব অসম চৰকাৰৰ৷ অপৰাধীক কৰায়ক্ত কৰাৰ সলনি যদি কেৱল মন্তব্য দি ফুৰে, ই প্ৰমাণ কৰে চৰকাৰৰ ব্যৰ্থতা৷ পীয়ূষ হাজৰিকালৈ আহ্বান জনায় তেওঁ কয়, এনে মন্তব্য কৰাৰ আগত অধ্যয়ন কৰক৷ নিৰ্বাচনত কোনোবা জিকিব, হাৰিব ; তাৰ লগত বেয়া মন্তব্যৰ কি প্ৰয়োজন আছে? শিকদাৰে পুনৰ কয় যে কংগ্ৰেছত ৮০% বেয়া মানুহ আছে বুলি প্ৰমাণ কৰি দিয়ক, অন্যথা সংবাদমাধ্যমত স্পষ্টীকৰণ দিয়ক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ