--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যবাসীক প্ৰভাৱিত কৰি ৰখা মূল সমস্যাবোৰক আওকাণ কৰি এতিয়া শাসক-বিৰোধীৰ মাজত এটা কবিতাক কেন্দ্ৰ কৰি চুপতা-চুপতি অব্যাহত আছে৷ ৰাজনীতিকৰ পৰস্পৰ আক্ৰমণ, প্ৰত্যাক্ৰমণত তল পৰি ৰৈছে ৰাজ্যৰ মৌলিক বিষয়বোৰ৷ নিবনুৱা সমস্যা, কৰৰ বোজাৰে কোঙা অসমত এতিয়া তুলুঙা বিষয়েৰে ৰাজনীতি চলাইছে শাসক-বিৰোধীয়ে৷ ক’ভিডোত্তৰ ভগ্ন অৰ্থনীতিত জনসাধাৰণে যিসময়ত দিগবিদিক হেৰুৱাই পেলাইছে, সেই সময়ত কংগ্ৰেছ-বিজেপিৰ নেতাসকল ব্যস্ত হৈ পৰিছে মুখ চুপতিত৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এটা কবিতাৰ মাধ্যমেৰে মুখ্যমন্ত্ৰী আৰু বিজেপিক সমালোচনাৰ লক্ষ্য কৰি লৈছিল৷ তাৰ পাছৰে পৰা দুয়োটা দলৰ মাজত কথাৰ কটাকটি চলিছে৷ মন্ত্ৰী পীযূষ হাজৰিকাই ভূপেন বৰাক সমালোচনা কৰি পুনৰ কয়, দহবছৰ আগৰ কংগ্ৰেছ আৰু এতিয়াৰ কংগ্ৰেছৰ মাজত আকাশ পাতাল পাৰ্থক্য৷ সেই কথা ভূপেন বৰাই অস্বীকাৰ কৰি লাভ নাই৷ তেওঁ লগতে কয়, ভূপেন বৰাই য’ত চোৰ ডকাইত ধৰে তাত গৈ চোলা ফালে৷ ভূপেন বৰাই দিনটোত তিনিখনকৈ প্ৰেছমীট দিয়ে৷ ভূপেন বৰাক প্ৰেছমীট বৰাহে নাম দিব পাৰি বুলি কটাক্ষ পীযূষ হাজৰিকাৰ৷ এতিয়ালৈকে কমিটিখনকে গঠন কৰিব নোৱৰা ভূপেন বৰাই কি ৰাজ্য চলাব? চোৰ, ডকাইত, ধৰ্ষণকাৰী, দেখলকাৰীৰ হৈ মাত মতা ভূপেন বৰাই চৰকাৰ কৰিলে সেইসকলৰ মনোবলহে বৃদ্ধি কৰিব৷ পানীবিহীন ফায়াৰ ব্ৰীগেড ভূপেন বৰাই দুষ্কৃতিকাৰীৰ হৈ মাত মতা বন্ধ কৰক বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ৷ মোৰ পিতৃ জীয়াই থকা হ’লে পিতৃয়েও বৰ্তমানৰ কংগ্ৰেছক বুজি পালেহেঁতেন! মোৰ পিতৃয়ে আজিৰ কংগ্ৰেছক দেখি দুখ কৰিলেহঁতেন বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ ইপিনে, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰমেন বৰঠাকুৰে সংবাদমেল অনুষ্ঠিত কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযূষ হাজৰিকাক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ তেওঁ কয়, পীযূষ হাজৰিকা খাই পাত ফলা মানুহ৷ তেওঁৰ ৰাজনীতি কংগ্ৰেছৰ পৰাই আৰম্ভ হৈছিল৷ কংগ্ৰেছতেই আৰম্ভ কৰি কংগ্ৰেছতেই চোৰ, ডকাইত ৮০ শতাংশ আছে বুলি কৈছে৷ আমি তেওঁক গৰিহনা দিছোঁ৷ বৰঠাকুৰে লগতে কয় আমাৰমতে কংগ্ৰেছত চোৰ ডকাইত ২০ শতাংশহে আছিল৷ সেয়া ইতিমধ্যে বিজেপিত যোগদান কৰিছে৷ পীযূষ হাজৰিকাই ৰাজ্যৰ ২৫ লাখ লোকক অপমান কৰিছে৷ ৰমেন বৰঠাকুৰে লগতে কয়, ছিণ্ডিকেটৰ নায়ক আছিল পীযূষ হাজৰিকা৷ পাণ-মাছ- কণী আদিৰ ছিণ্ডিকেট চলাইছিল পীযূষ হাজৰিকাই৷ প্ৰদেশ কংগ্ৰেছৰ আন এগৰাকী জ্যেষ্ঠ নেতা ৰাণা গোস্বামীয়ে কয়, চৰকাৰৰ তলি উদং, ৰাজভঁৰাল খালী৷ সেইবাবেই আঁচনি ঘোষণা কৰিবলৈ বিভাগীয় মন্ত্ৰীক বাধা দিছে মুখ্যমন্ত্ৰীয়ে। পীযুষ হাজৰিকাও চোৰ -ডকাইত আছিল ,এতিয়াৰ মুখ্যমন্ত্ৰীও কংগ্ৰেছৰেই আছিল, গতিকে তেওঁলোক চোৰ -ডকাইত আছিল নেকি বুলি প্ৰশ্ন ৰমেন বৰঠাকুৰৰ৷ যুৱ কংগ্ৰেছৰ সভাপতি, কংগ্ৰেছৰ দিনতে বিধায়ক আছিল পীযূষ হাজৰিকা। প্ৰকৃততে আঁচনি ঘোষণা কৰিবলৈ নিদিয়াই ভ্ৰম বকিছে তেওঁলোকে। তেওঁৰ গাত ভুল নাই। আনহাতে, সৰুক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয়, কংগ্ৰেছৰ কৰ্মকৰ্তা আৰু সমৰ্থকক লৈ কটু মন্তব্য কৰাসকলে ভাৰতীয় সভ্যতা সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰিব লাগে৷ ব্ৰিটিছক খেদি ভাৰতক স্বাধীনতা দিয়া মূল চালিকা শক্তিয়ে আছিল জাতীয় কংগ্ৰেছ৷ অসমত কিমান অপৰাধী আছে সেয়া লক্ষ্য ৰখাৰ দায়িত্ব অসম চৰকাৰৰ৷ অপৰাধীক কৰায়ক্ত কৰাৰ সলনি যদি কেৱল মন্তব্য দি ফুৰে, ই প্ৰমাণ কৰে চৰকাৰৰ ব্যৰ্থতা৷ পীয়ূষ হাজৰিকালৈ আহ্বান জনায় তেওঁ কয়, এনে মন্তব্য কৰাৰ আগত অধ্যয়ন কৰক৷ নিৰ্বাচনত কোনোবা জিকিব, হাৰিব ; তাৰ লগত বেয়া মন্তব্যৰ কি প্ৰয়োজন আছে? শিকদাৰে পুনৰ কয় যে কংগ্ৰেছত ৮০% বেয়া মানুহ আছে বুলি প্ৰমাণ কৰি দিয়ক, অন্যথা সংবাদমাধ্যমত স্পষ্টীকৰণ দিয়ক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স