--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃশেহতীয়াকৈ দেশৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে আন সেৱা সমূহৰো দাম বৃদ্ধি পাইছে। এনে সময়তে ৰাজহুৱা আৰু ব্যক্তিগত টেলিকম কোম্পানীসমূহৰ ৰিচাৰ্জৰ মূল্যও বৃদ্ধি পাইছে।  এই বৰ্ধিত মূল্যৰ বাবে, বহুলোকে প্ৰতি মাহে মোবাইল ফোনৰ ৰিচাৰ্জ কৰিবলৈ অসমৰ্থ হৈ পৰিছে। 

ফলস্বৰূপে, বহুলোকে তেওঁলোকৰ অতিৰিক্ত চিম এৰিব লগীয়া হৈছে। যোৱা বছৰ কেৱল  কলকাতা আৰু কাষৰীয়া অঞ্চলত ১৮,১২,০০০  ৰো অধিক লোকে একাধিক মোবাইল ফোনৰ সংযোগ ত্যাগ কৰিবলৈ বাধ্য হৈছিল। 

যোৱা বছৰৰ পৰা ৰিচাৰ্জৰ মূল্য বৃদ্ধিৰ বাবেই ৰাজহুৱা আৰু ব্যক্তিগত টেলিকম কোম্পানীৰ গ্ৰাহকৰ সংখ্যা হ্ৰাস হোৱা আৰম্ভ হৈছে। ভাৰতীয় টেলিকম নিয়ামক কৰ্তৃপক্ষৰ পৰিসংখ্যা অনুসৰি, পশ্চিম বংগত টেলিকম সংযোগ দ্ৰুত হাৰত মানুহে বাদ দিবলৈ লৈছে। 

 ২০২১ চনত কলকাতা আৰু কাষৰীয়া এলেকাৰ  ১৮.১২ লাখৰো অধিক গ্ৰাহকে সংযোগ ত্যাগ কৰিছে। জানুৱাৰী ২০২১ ৰ পৰা মাৰ্চ ২০২২ লৈ, প্ৰায় ২৩.৯৫ লাখ লোকে কলকাতাত টেলিকম সংযোগ বিচ্ছিন্ন কৰিছে।  ১ জানুৱাৰী, ২০২১ তাৰিখে কলকাতা চক্ৰত প্ৰায় ২.৬২ কোটি গ্ৰাহক আছিল, এই বছৰৰ মাৰ্চত সেয়া  ২.৩৮ কোটিলৈ হ্ৰাস পাইছে। 

ৰিচাৰ্জৰ মূল্য বৃদ্ধিৰ বাবেই  বহু  লোকে তেওঁলোকৰ অতিৰিক্ত চিম বোৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে বুলি ধাৰণা কৰা হৈছে।দেশৰ আন ৰাজ্যতো এনেদৰে লাখ লাখ লোকে মোবাইল ফোনৰ সংযোগ ত্যাগ কৰাৰ কথা জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ