--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃশেহতীয়াকৈ দেশৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে আন সেৱা সমূহৰো দাম বৃদ্ধি পাইছে। এনে সময়তে ৰাজহুৱা আৰু ব্যক্তিগত টেলিকম কোম্পানীসমূহৰ ৰিচাৰ্জৰ মূল্যও বৃদ্ধি পাইছে।  এই বৰ্ধিত মূল্যৰ বাবে, বহুলোকে প্ৰতি মাহে মোবাইল ফোনৰ ৰিচাৰ্জ কৰিবলৈ অসমৰ্থ হৈ পৰিছে। 

ফলস্বৰূপে, বহুলোকে তেওঁলোকৰ অতিৰিক্ত চিম এৰিব লগীয়া হৈছে। যোৱা বছৰ কেৱল  কলকাতা আৰু কাষৰীয়া অঞ্চলত ১৮,১২,০০০  ৰো অধিক লোকে একাধিক মোবাইল ফোনৰ সংযোগ ত্যাগ কৰিবলৈ বাধ্য হৈছিল। 

যোৱা বছৰৰ পৰা ৰিচাৰ্জৰ মূল্য বৃদ্ধিৰ বাবেই ৰাজহুৱা আৰু ব্যক্তিগত টেলিকম কোম্পানীৰ গ্ৰাহকৰ সংখ্যা হ্ৰাস হোৱা আৰম্ভ হৈছে। ভাৰতীয় টেলিকম নিয়ামক কৰ্তৃপক্ষৰ পৰিসংখ্যা অনুসৰি, পশ্চিম বংগত টেলিকম সংযোগ দ্ৰুত হাৰত মানুহে বাদ দিবলৈ লৈছে। 

 ২০২১ চনত কলকাতা আৰু কাষৰীয়া এলেকাৰ  ১৮.১২ লাখৰো অধিক গ্ৰাহকে সংযোগ ত্যাগ কৰিছে। জানুৱাৰী ২০২১ ৰ পৰা মাৰ্চ ২০২২ লৈ, প্ৰায় ২৩.৯৫ লাখ লোকে কলকাতাত টেলিকম সংযোগ বিচ্ছিন্ন কৰিছে।  ১ জানুৱাৰী, ২০২১ তাৰিখে কলকাতা চক্ৰত প্ৰায় ২.৬২ কোটি গ্ৰাহক আছিল, এই বছৰৰ মাৰ্চত সেয়া  ২.৩৮ কোটিলৈ হ্ৰাস পাইছে। 

ৰিচাৰ্জৰ মূল্য বৃদ্ধিৰ বাবেই  বহু  লোকে তেওঁলোকৰ অতিৰিক্ত চিম বোৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে বুলি ধাৰণা কৰা হৈছে।দেশৰ আন ৰাজ্যতো এনেদৰে লাখ লাখ লোকে মোবাইল ফোনৰ সংযোগ ত্যাগ কৰাৰ কথা জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক