--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰ পুনৰ উত্তপ্ত হৈ পৰিছে। শ্ৰীনগৰৰ পন্থা চ'কত ৯ম বেটেলিয়নৰ সেনা জোৱানৰ ওপৰত ভয়ংকৰ গুলিবৰ্ষণৰ ঘটনা সংঘটিত হৈছে। সেনা জোৱানৰ বাছত গুলিবৰ্ষণ কৰে সন্ত্ৰাসবাদীয়ে। সন্ত্ৰাসবাদীৰ এই আক্ৰমণত ২ জন সেনা জোৱান শ্বহীদ হোৱাৰ লগতে ১৪ গৰাকীকৈ সেনা আহত হয়।

বাছখনত মুঠ ২৫ জন জোৱান আছিল। আহত সেনা জোৱান কেইজনৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিছে চিকিৎসকে। সেনা জোৱানৰ এই বাছ বুলেটপ্ৰুফ নাছিল যাৰ বাবে এই আক্ৰমণ কৰিবলৈ সক্ষম হয় সন্ত্ৰাসবাদী। বৰ্তমানে এলেকাটোৰ সকলো যানবাহনত তালাচী চলাই আছে সুৰক্ষাকৰ্মীয়ে। অঞ্চলটোৰ সীমা অঞ্চল সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হৈছে।

ঘটনাৰ পিছতে সুৰক্ষাত নিয়োজিত সেনা জোৱানে সম্পূৰ্ণ অঞ্চলটোতে তীব্ৰ অভিযান আৰম্ভ কৰি দিছে। সেনাই সদৰী কৰা অনুসৰি মৃত সেনা দুজনৰ নাম গোলাম হাছান আৰু চফিক আলী। এই আক্ৰমণ 'কাশ্মীৰ টাইগাৰ্ছ' নামৰ নৱগঠিত সন্ত্ৰাসবাদী সংগঠনটোৱে সংঘটিত কৰা বুলি খবৰ পোৱা গৈছে। সংগঠনটো লস্কৰ-ই-তৈবাৰ সৈতে সম্পৰ্কিত। প্ৰত্যক্ষদৰ্শীয়ে ঘটনাটো বৰ্ণনা কৰা অনুসৰি মটৰচাইকেলত হেলমেট পিন্ধি অহা দুজন আৰোহীয়ে বাছখনলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল। প্ৰথমে বাহনথনৰ চাৰিওটা টায়াৰত গুলীচালনা কৰি সন্ত্ৰাসবাদীয়ে বাছখন পাংচাৰ কৰিছিল। পাংচাৰ হোৱাৰ পাছত বাছখন ঠাইতে ৰৈ গৈছিল আৰু উগ্ৰপন্থীয়ে ওচৰৰ পৰা বাছখনত গুলীচালনা কৰিছিল।

আৰু পঢ়কঃ পত্নীয়ে গম নোপোৱাকৈ কল ৰেকৰ্ড কৰাটো গোপনীয়তাৰ উলংঘনঃ উচ্চ ন্যায়ালয়


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন