--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰ পুনৰ উত্তপ্ত হৈ পৰিছে। শ্ৰীনগৰৰ পন্থা চ'কত ৯ম বেটেলিয়নৰ সেনা জোৱানৰ ওপৰত ভয়ংকৰ গুলিবৰ্ষণৰ ঘটনা সংঘটিত হৈছে। সেনা জোৱানৰ বাছত গুলিবৰ্ষণ কৰে সন্ত্ৰাসবাদীয়ে। সন্ত্ৰাসবাদীৰ এই আক্ৰমণত ২ জন সেনা জোৱান শ্বহীদ হোৱাৰ লগতে ১৪ গৰাকীকৈ সেনা আহত হয়।

বাছখনত মুঠ ২৫ জন জোৱান আছিল। আহত সেনা জোৱান কেইজনৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিছে চিকিৎসকে। সেনা জোৱানৰ এই বাছ বুলেটপ্ৰুফ নাছিল যাৰ বাবে এই আক্ৰমণ কৰিবলৈ সক্ষম হয় সন্ত্ৰাসবাদী। বৰ্তমানে এলেকাটোৰ সকলো যানবাহনত তালাচী চলাই আছে সুৰক্ষাকৰ্মীয়ে। অঞ্চলটোৰ সীমা অঞ্চল সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হৈছে।

ঘটনাৰ পিছতে সুৰক্ষাত নিয়োজিত সেনা জোৱানে সম্পূৰ্ণ অঞ্চলটোতে তীব্ৰ অভিযান আৰম্ভ কৰি দিছে। সেনাই সদৰী কৰা অনুসৰি মৃত সেনা দুজনৰ নাম গোলাম হাছান আৰু চফিক আলী। এই আক্ৰমণ 'কাশ্মীৰ টাইগাৰ্ছ' নামৰ নৱগঠিত সন্ত্ৰাসবাদী সংগঠনটোৱে সংঘটিত কৰা বুলি খবৰ পোৱা গৈছে। সংগঠনটো লস্কৰ-ই-তৈবাৰ সৈতে সম্পৰ্কিত। প্ৰত্যক্ষদৰ্শীয়ে ঘটনাটো বৰ্ণনা কৰা অনুসৰি মটৰচাইকেলত হেলমেট পিন্ধি অহা দুজন আৰোহীয়ে বাছখনলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল। প্ৰথমে বাহনথনৰ চাৰিওটা টায়াৰত গুলীচালনা কৰি সন্ত্ৰাসবাদীয়ে বাছখন পাংচাৰ কৰিছিল। পাংচাৰ হোৱাৰ পাছত বাছখন ঠাইতে ৰৈ গৈছিল আৰু উগ্ৰপন্থীয়ে ওচৰৰ পৰা বাছখনত গুলীচালনা কৰিছিল।

আৰু পঢ়কঃ পত্নীয়ে গম নোপোৱাকৈ কল ৰেকৰ্ড কৰাটো গোপনীয়তাৰ উলংঘনঃ উচ্চ ন্যায়ালয়

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই