--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে নতুন দিল্লীত। দিল্লীৰ বতাহ এতিয়া বিষাক্ত হৈ পৰিছে। সেয়ে এনে পৰিস্থিতিত ছোনিয়া গান্ধীক দিল্লীৰ বাহিৰলৈ যোৱাৰ পৰামৰ্শ দিছিল চিকিৎসকে। ছোনিয়া গান্ধীয়ে দীৰ্ঘদিন ধৰি শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগি আছে। তেওঁ কেইবাবাৰো কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছিল। তেওঁক দুমাহ আগতে চিকিৎসালয়ত ভৰ্তি কৰোৱা  হৈছিল।এনে পৰিস্থিতিত স্বাস্থ্যৰ অধিক অৱনতি ঘটিব পাৰে বুলি আশংকা কৰিয়েই ছোনিয়া গান্ধীক দিল্লীৰ বাহিৰলৈ যোৱাৰ পৰামৰ্শ দিয়া হৈছিল।

  কংগ্ৰেছ অনেত্ৰী গান্ধীয়ে  চিকিৎসকৰ পৰামৰ্শ অনুসৰি দিল্লীৰ পৰা ৰাজস্থানৰ ৰাজধানী জয়পুৰলৈ ৰাওনা হৈছে। দিল্লীৰ ধূলি আৰু ধোঁৱাৰ ফলত ৭৬ বছৰীয়া নেত্ৰীগৰাকীৰ অসুস্থতা বৃদ্ধি পাব পাৰে বুলি আশংকাৰ কৰা হৈছিল। 

 বুধবাৰে পুৱা দিল্লীৰ বায়ুৰ মান "গুৰুতৰ" হৈ পৰে। আৰ কে পুৰমৰ একিউআই ৪১৭, আনন্দ বিহাৰৰ  ৪০৩, ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৪৩০ হয়গৈ। ৰাজধানী চহৰ খনৰ  বেছিভাগ অংশত বায়ুৰ একিউআই ৪০০ বা ততোধিক হৈ আছে । যদিও বৰষুণৰ পিছত পৰিস্থিতি  সামান্য উন্নত হৈছে, দেৱালীত আতচবাজীৰ বাবে ৰাজধানীত প্ৰদূষণৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে।   চিকিৎসকসকলে কৈছে  যে এনে পৰিস্থিতিয়ে বৃদ্ধ, শিশু আৰু ৰোগীসকলক যথেষ্ট বিপদত  পেলাব পাৰে।


কংগ্ৰেছৰ  দলীয় সূত্ৰই প্ৰকাশ কৰা  অনুসৰি, জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে প্ৰদূষণৰ পৰা হাত সাৰি থাকিবলৈয়েই  দিল্লী ত্যাগ কৰিছে। চিকিৎসকসকলে আশংকা কৰিছিল  যে  দূষিত বায়ুয়ে ছোনিয়াৰ দেহত সংক্ৰমণ ঘটাব পাৰে। কাৰণ তেওঁ পূৰ্বৰে পৰা অসুস্থ।  ২০২০ চনতো ছোনিয়া গান্ধীয়ে  প্ৰদূষণৰ বাবে চিকিৎসকৰ পৰামৰ্শ অনুসৰি দিল্লীৰ পৰা গোৱালৈ গৈছিল





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক