--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে নতুন দিল্লীত। দিল্লীৰ বতাহ এতিয়া বিষাক্ত হৈ পৰিছে। সেয়ে এনে পৰিস্থিতিত ছোনিয়া গান্ধীক দিল্লীৰ বাহিৰলৈ যোৱাৰ পৰামৰ্শ দিছিল চিকিৎসকে। ছোনিয়া গান্ধীয়ে দীৰ্ঘদিন ধৰি শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগি আছে। তেওঁ কেইবাবাৰো কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছিল। তেওঁক দুমাহ আগতে চিকিৎসালয়ত ভৰ্তি কৰোৱা  হৈছিল।এনে পৰিস্থিতিত স্বাস্থ্যৰ অধিক অৱনতি ঘটিব পাৰে বুলি আশংকা কৰিয়েই ছোনিয়া গান্ধীক দিল্লীৰ বাহিৰলৈ যোৱাৰ পৰামৰ্শ দিয়া হৈছিল।

  কংগ্ৰেছ অনেত্ৰী গান্ধীয়ে  চিকিৎসকৰ পৰামৰ্শ অনুসৰি দিল্লীৰ পৰা ৰাজস্থানৰ ৰাজধানী জয়পুৰলৈ ৰাওনা হৈছে। দিল্লীৰ ধূলি আৰু ধোঁৱাৰ ফলত ৭৬ বছৰীয়া নেত্ৰীগৰাকীৰ অসুস্থতা বৃদ্ধি পাব পাৰে বুলি আশংকাৰ কৰা হৈছিল। 

 বুধবাৰে পুৱা দিল্লীৰ বায়ুৰ মান "গুৰুতৰ" হৈ পৰে। আৰ কে পুৰমৰ একিউআই ৪১৭, আনন্দ বিহাৰৰ  ৪০৩, ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৪৩০ হয়গৈ। ৰাজধানী চহৰ খনৰ  বেছিভাগ অংশত বায়ুৰ একিউআই ৪০০ বা ততোধিক হৈ আছে । যদিও বৰষুণৰ পিছত পৰিস্থিতি  সামান্য উন্নত হৈছে, দেৱালীত আতচবাজীৰ বাবে ৰাজধানীত প্ৰদূষণৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে।   চিকিৎসকসকলে কৈছে  যে এনে পৰিস্থিতিয়ে বৃদ্ধ, শিশু আৰু ৰোগীসকলক যথেষ্ট বিপদত  পেলাব পাৰে।


কংগ্ৰেছৰ  দলীয় সূত্ৰই প্ৰকাশ কৰা  অনুসৰি, জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে প্ৰদূষণৰ পৰা হাত সাৰি থাকিবলৈয়েই  দিল্লী ত্যাগ কৰিছে। চিকিৎসকসকলে আশংকা কৰিছিল  যে  দূষিত বায়ুয়ে ছোনিয়াৰ দেহত সংক্ৰমণ ঘটাব পাৰে। কাৰণ তেওঁ পূৰ্বৰে পৰা অসুস্থ।  ২০২০ চনতো ছোনিয়া গান্ধীয়ে  প্ৰদূষণৰ বাবে চিকিৎসকৰ পৰামৰ্শ অনুসৰি দিল্লীৰ পৰা গোৱালৈ গৈছিল





FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক