--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হামাছ-ইজৰাইলৰ সংঘৰ্ষৰ মাজতে  গাজাত আৱদ্ধ হৈ পৰিছিল কাশ্মীৰৰ এগৰাকী মহিলা। লগত আছিল তেওঁৰ কন্যা আৰু  স্বামী । ইজৰাইলী সৈন্যই গাজাত বোমাবর্ষণৰ কৰিবলৈ আৰম্ভ কৰাৰ পিছতে কাশ্মীৰৰ পৰিয়ালটোৱে গাজাৰ  দক্ষিণলৈ নিৰাপদ স্থান বিচাৰি গৈছিল। ।  পানী নাই, ঔষধ নাই, বিদ্যুত নাই – প্ৰতি মুহূৰ্তত বোমা আৰু গুলীৰ শব্দ। এনে এক পৰিবেশৰ মাজতে তেওঁলোকে তাত দি নিয়াইছিল। 

লুবনা নামৰ মহিলাগৰাকীয়ে  তেল আভিভ আৰু কাইৰোত থকা ভাৰতীয় উচ্চায়ুক্তৰ  প্ৰতিনিধিসকললৈ বাৰে বাৰে বাৰ্তা প্ৰেৰণ কৰি তেওঁলোকক এই শোচনীয় পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছিল। অৱশেষত যুদ্ধবিধ্বস্ত গাজাৰ পৰা লুবনা নাজিৰ চাবু আৰু তেওঁৰ কন্যা কৰিমাক উদ্ধাৰ ককৰিবলৈ সক্ষম হয়। তাৰ পিছত তেওঁলোকক গাজা আৰু ইজিপ্তৰ মাজেৰে যোৱা  ৰাফা ক্ৰছিং পাৰ হৈ ইজিপ্তলৈ লৈ যোৱা হয় । লুবনাৰ স্বামীয়ে নিশ্চিত কৰিছে  যে তেওঁৰ পত্নী আৰু কন্যাই  ইজিপ্তৰ আল-আৰিছ চহৰত উপস্থিত হৈছে। তেওঁলোকে মঙলবাৰে কাইৰোলৈ ৰাওনা হয়।    

লুবনাই গাজাৰ নৰকগহ্বৰৰ পৰা উদ্ধাৰ কৰাৰ  বাবে ভাৰতীয় উচ্চায়ুক্তৰ প্ৰতিনিধিসকলক ধন্যবাদ জনাইছে। তেওঁ প্ৰথমে ১০ অক্টোবৰত সহায়ৰ বাবে আবেদন কৰিছিল। দিল্লীয়ে লগে লগে সঁহাৰি জনাইছিল।     

বিদেশী নাগৰিকসকলে এই মাহৰ আৰম্ভণিৰে পৰা যুদ্ধবিধ্বস্ত গাজা ত্যাগ কৰিবলৈ আৰম্ভ কৰিছিল। ১ নৱেম্বৰত কমেও ৪৪ খন দেশৰ নাগৰিকে গাজাৰ  সীমান্তৰ ৰাফা অঞ্চলৰ পৰা ইজিপ্তলৈ ৰাওনা হৈছিল। সূত্ৰ অনুসৰিকমেও ৪০০ বিদেশী লোকে  গাজা ত্যাগ কৰিছে। অৱশ্যে বহুতে এতিয়াও তাত আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। হাজাৰ হাজাৰ লোকে খোৱাপানী, খাদ্য আৰু জীৱনৰক্ষাকাৰী ঔষধৰ বাবে হাহাকাৰ কৰি  আছে।    



     

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক