--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হামাছ-ইজৰাইলৰ সংঘৰ্ষৰ মাজতে  গাজাত আৱদ্ধ হৈ পৰিছিল কাশ্মীৰৰ এগৰাকী মহিলা। লগত আছিল তেওঁৰ কন্যা আৰু  স্বামী । ইজৰাইলী সৈন্যই গাজাত বোমাবর্ষণৰ কৰিবলৈ আৰম্ভ কৰাৰ পিছতে কাশ্মীৰৰ পৰিয়ালটোৱে গাজাৰ  দক্ষিণলৈ নিৰাপদ স্থান বিচাৰি গৈছিল। ।  পানী নাই, ঔষধ নাই, বিদ্যুত নাই – প্ৰতি মুহূৰ্তত বোমা আৰু গুলীৰ শব্দ। এনে এক পৰিবেশৰ মাজতে তেওঁলোকে তাত দি নিয়াইছিল। 

লুবনা নামৰ মহিলাগৰাকীয়ে  তেল আভিভ আৰু কাইৰোত থকা ভাৰতীয় উচ্চায়ুক্তৰ  প্ৰতিনিধিসকললৈ বাৰে বাৰে বাৰ্তা প্ৰেৰণ কৰি তেওঁলোকক এই শোচনীয় পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছিল। অৱশেষত যুদ্ধবিধ্বস্ত গাজাৰ পৰা লুবনা নাজিৰ চাবু আৰু তেওঁৰ কন্যা কৰিমাক উদ্ধাৰ ককৰিবলৈ সক্ষম হয়। তাৰ পিছত তেওঁলোকক গাজা আৰু ইজিপ্তৰ মাজেৰে যোৱা  ৰাফা ক্ৰছিং পাৰ হৈ ইজিপ্তলৈ লৈ যোৱা হয় । লুবনাৰ স্বামীয়ে নিশ্চিত কৰিছে  যে তেওঁৰ পত্নী আৰু কন্যাই  ইজিপ্তৰ আল-আৰিছ চহৰত উপস্থিত হৈছে। তেওঁলোকে মঙলবাৰে কাইৰোলৈ ৰাওনা হয়।    

লুবনাই গাজাৰ নৰকগহ্বৰৰ পৰা উদ্ধাৰ কৰাৰ  বাবে ভাৰতীয় উচ্চায়ুক্তৰ প্ৰতিনিধিসকলক ধন্যবাদ জনাইছে। তেওঁ প্ৰথমে ১০ অক্টোবৰত সহায়ৰ বাবে আবেদন কৰিছিল। দিল্লীয়ে লগে লগে সঁহাৰি জনাইছিল।     

বিদেশী নাগৰিকসকলে এই মাহৰ আৰম্ভণিৰে পৰা যুদ্ধবিধ্বস্ত গাজা ত্যাগ কৰিবলৈ আৰম্ভ কৰিছিল। ১ নৱেম্বৰত কমেও ৪৪ খন দেশৰ নাগৰিকে গাজাৰ  সীমান্তৰ ৰাফা অঞ্চলৰ পৰা ইজিপ্তলৈ ৰাওনা হৈছিল। সূত্ৰ অনুসৰিকমেও ৪০০ বিদেশী লোকে  গাজা ত্যাগ কৰিছে। অৱশ্যে বহুতে এতিয়াও তাত আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। হাজাৰ হাজাৰ লোকে খোৱাপানী, খাদ্য আৰু জীৱনৰক্ষাকাৰী ঔষধৰ বাবে হাহাকাৰ কৰি  আছে।    



     

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক