--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৰুতৰভাবে অসুস্থ হৈ পৰিছে পোপ ফ্ৰান্সিছ। ৰোমৰ এখন চিকিৎসালয়ত পোপগৰাকীক ভৰ্তি কৰোৱা হৈছে । তেওঁ পৰৱৰ্তী কেইদিনমান চিকিৎসালয়ত থাকিব লাগিব বুলি জানিব পৰা গৈছে। ভেটিকানে প্ৰকাশ কৰা মতে পোপ শ্বাস-প্ৰশ্বাসৰ সমস্যাত আক্ৰান্ত হৈছে। তেওঁ  উশাহ লোৱাত অসুবিধা পোৱাৰ পিছতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়  । চিকিৎসকসকলে পৰীক্ষা কৰি  পোপৰ শ্বাসনলীত সংক্ৰমণ  ধৰা পেলাইছে৷ 

ভেটিকানৰ মুখপাত্ৰ মাত্তেও ব্ৰুনিয়ে কয়  যে পোপ ফ্ৰান্সিছক নিয়মীয়া শাৰীৰিক পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। পিছত তেওঁক শ্বাসনলীৰ সংক্ৰমণৰ বাবে  চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকৰ মতে  তেওঁ কিছু দিনৰ বাবে হয়তো  চিকিৎসালয়ত থাকিব লাগিব পাৰে। কেথলিক খ্ৰীষ্টান ধৰ্মৰ মুৰব্বীগৰাকী  কোভিডত আকৰান্ত হোৱা বুলি ওলোৱা খবৰক  উৰাবাতৰি আখ্যা দিছে ভেটিকানে।

উল্লেখ্য চলিত  মাহত ভেটিকানত পোপ ফ্ৰান্সিছৰ কাৰ্যকালৰ দশম বাৰ্ষিকী উদযাপন কৰা হৈছে। সেই উপলক্ষ্যে তেওঁৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিল। অৱশ্যে অসুস্থতাৰ বাবে  সেই সকলো কাৰ্যসূচী বাতিল কৰা হৈছে। 

ফ্ৰান্সিছৰ  দুবছৰ ধৰি মাজে সময়ে অসুস্থ হৈ আহিছে৷  ২০২১ চনত তেওঁক অন্ত্ৰত সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। সেই সময়ত পোপৰ অন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। অৱশ্যে, তেওঁ সোনকালে সুস্থ হৈ উঠিছিল। তাৰ পিছতেই তেওঁ আঁঠুৰ বিষত ভুগি আছিল। এইবাৰ তেওঁক শ্বাসতন্ত্ৰৰ সংক্ৰমণত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।বিশ্বজুৰি পোপৰ আৰোগ্য কামনাৰে বহু লোকে প্ৰাৰ্থনা জনাইছে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা