--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৰুতৰভাবে অসুস্থ হৈ পৰিছে পোপ ফ্ৰান্সিছ। ৰোমৰ এখন চিকিৎসালয়ত পোপগৰাকীক ভৰ্তি কৰোৱা হৈছে । তেওঁ পৰৱৰ্তী কেইদিনমান চিকিৎসালয়ত থাকিব লাগিব বুলি জানিব পৰা গৈছে। ভেটিকানে প্ৰকাশ কৰা মতে পোপ শ্বাস-প্ৰশ্বাসৰ সমস্যাত আক্ৰান্ত হৈছে। তেওঁ  উশাহ লোৱাত অসুবিধা পোৱাৰ পিছতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়  । চিকিৎসকসকলে পৰীক্ষা কৰি  পোপৰ শ্বাসনলীত সংক্ৰমণ  ধৰা পেলাইছে৷ 

ভেটিকানৰ মুখপাত্ৰ মাত্তেও ব্ৰুনিয়ে কয়  যে পোপ ফ্ৰান্সিছক নিয়মীয়া শাৰীৰিক পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। পিছত তেওঁক শ্বাসনলীৰ সংক্ৰমণৰ বাবে  চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকৰ মতে  তেওঁ কিছু দিনৰ বাবে হয়তো  চিকিৎসালয়ত থাকিব লাগিব পাৰে। কেথলিক খ্ৰীষ্টান ধৰ্মৰ মুৰব্বীগৰাকী  কোভিডত আকৰান্ত হোৱা বুলি ওলোৱা খবৰক  উৰাবাতৰি আখ্যা দিছে ভেটিকানে।

উল্লেখ্য চলিত  মাহত ভেটিকানত পোপ ফ্ৰান্সিছৰ কাৰ্যকালৰ দশম বাৰ্ষিকী উদযাপন কৰা হৈছে। সেই উপলক্ষ্যে তেওঁৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিল। অৱশ্যে অসুস্থতাৰ বাবে  সেই সকলো কাৰ্যসূচী বাতিল কৰা হৈছে। 

ফ্ৰান্সিছৰ  দুবছৰ ধৰি মাজে সময়ে অসুস্থ হৈ আহিছে৷  ২০২১ চনত তেওঁক অন্ত্ৰত সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। সেই সময়ত পোপৰ অন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। অৱশ্যে, তেওঁ সোনকালে সুস্থ হৈ উঠিছিল। তাৰ পিছতেই তেওঁ আঁঠুৰ বিষত ভুগি আছিল। এইবাৰ তেওঁক শ্বাসতন্ত্ৰৰ সংক্ৰমণত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।বিশ্বজুৰি পোপৰ আৰোগ্য কামনাৰে বহু লোকে প্ৰাৰ্থনা জনাইছে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন