--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শিহৰণকাৰী, চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। অব্যাহত আছে উদয়পুৰৰ দৰ্জী কানহাইলালৰ হত্যাকাণ্ডৰ প্ৰতিবাদ-প্ৰতিক্ৰিয়া। মুখ্য সচিব উষা শৰ্মাই সকলো সংমণ্ডল আয়ুক্ত, আৰক্ষী মহাপৰিদৰ্শক আৰু জিলা দণ্ডাধীশক সমগ্ৰ ৰাজ্যজুৰি বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে। আগন্তুক এমাহৰ বাবে জিলাসমূহত ১৪৪ ধাৰা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে সকলো বিষয়াৰ ছুটী বাতিল কৰিবলৈ নিৰ্দেশ দিয়া বুলি খবৰ আহিছে। অঞ্চলটোৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জাৰী কৰা হৈছে সান্ধ্য আইন।

ইফালে, উদয়পুৰৰ শিহৰণকাৰী ঘটনাৰ ভিডিঅ’টো মোবাইল আৰু অন্যান্য মাধ্যমেৰে প্ৰচাৰ হোৱাটো কঠোৰভাৱে বন্ধ কৰিবলৈ মুখ্য সচিবে সকলো সংমণ্ডল আয়ুক্তক নিৰ্দেশ দিয়াৰ লগতে ভিডিঅ’টো সম্প্ৰচাৰ কৰা লোকসকলৰ বিৰুদ্ধে বিধি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাৰ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্য সচিবগৰাকীয়ে। জানিবলৈ পোৱা মতে,  দৰ্জী কানহাইয়ালালৰ হত্যাকাণ্ডক সন্ত্ৰাসবাদী আক্ৰমণ হিচাপে গণ্য কৰা হৈছে আৰু সন্ত্ৰাসবাদ বিৰোধী সংস্থা এনআইএৰ বিষয়াসকলক গঠিত এটা তদন্তকাৰী দল প্ৰেৰণ কৰা হৈছে। প্ৰাথমিক অনুসন্ধান অনুসৰি, আক্ৰমণকাৰী দুই যুৱকৰ আইছিছৰ সৈতে কিবা সম্পৰ্ক আছে নেকি তাক লৈয়ো সন্দেহ ওপজিছে বিষয়াসকলৰ। 

বিশেষভাৱে অনুসন্ধানৰত বিষয়াসকলে জনোৱা মতে, তদন্তকাৰী দলটোৱে বিষয়টোৰ সম্পূৰ্ণ তদন্ত কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা অভিযুক্ত দুজনৰ পটভূমি পৰীক্ষা কৰিব। নাম প্ৰকাশ নকৰা এজন জ্যেষ্ঠ বিষয়াই কয় যে, ‘প্ৰাইমা ফেচি ই এটা সন্ত্ৰাসবাদী গোচৰ যেন লাগে আৰু ইয়াৰ বাবে এক সম্যক তদন্তৰ প্ৰয়োজন আছে । য’ত তেওঁলোকৰ ছ’চিয়েল মিডিয়াৰ প্ৰফাইল স্কেন কৰাটোও অন্তৰ্ভুক্ত। পিছলৈ গোচৰটো গতাই দিয়াৰ সম্ভাৱনা আছে। তদন্তৰ বাবে ৰাষ্ট্ৰীয় তদন্ত সংস্থালৈ প্ৰেৰণ কৰা হৈছে সমস্ত তথ্য।’

ইফালে, কানহাইলালৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত পোহৰলৈ আহিছে আন এক শিহৰণকাৰী তথ্য। প্রতিবেদন অনুসৰি মৃতকৰ মৃতদেহত মুঠ ২৬টাকৈ আঘাতৰ চিন ধৰা পৰিছে। ডিঙিত ৮ৰ পৰা ১০ বাৰকৈ আঘাত কৰে দুৰ্বৃত্তই। অত্যধিক ৰক্তক্ষৰণৰ বাবে কানহাইয়ালালৰ মৃত্যু হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।  কানহাইলালৰ অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্য সমাধা হোৱাৰ পূৰ্বে ভুক্তভোগী পৰিয়ালটোৱে অভিযুক্তক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ