--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শিহৰণকাৰী, চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। অব্যাহত আছে উদয়পুৰৰ দৰ্জী কানহাইলালৰ হত্যাকাণ্ডৰ প্ৰতিবাদ-প্ৰতিক্ৰিয়া। মুখ্য সচিব উষা শৰ্মাই সকলো সংমণ্ডল আয়ুক্ত, আৰক্ষী মহাপৰিদৰ্শক আৰু জিলা দণ্ডাধীশক সমগ্ৰ ৰাজ্যজুৰি বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে। আগন্তুক এমাহৰ বাবে জিলাসমূহত ১৪৪ ধাৰা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে সকলো বিষয়াৰ ছুটী বাতিল কৰিবলৈ নিৰ্দেশ দিয়া বুলি খবৰ আহিছে। অঞ্চলটোৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জাৰী কৰা হৈছে সান্ধ্য আইন।

ইফালে, উদয়পুৰৰ শিহৰণকাৰী ঘটনাৰ ভিডিঅ’টো মোবাইল আৰু অন্যান্য মাধ্যমেৰে প্ৰচাৰ হোৱাটো কঠোৰভাৱে বন্ধ কৰিবলৈ মুখ্য সচিবে সকলো সংমণ্ডল আয়ুক্তক নিৰ্দেশ দিয়াৰ লগতে ভিডিঅ’টো সম্প্ৰচাৰ কৰা লোকসকলৰ বিৰুদ্ধে বিধি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাৰ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্য সচিবগৰাকীয়ে। জানিবলৈ পোৱা মতে,  দৰ্জী কানহাইয়ালালৰ হত্যাকাণ্ডক সন্ত্ৰাসবাদী আক্ৰমণ হিচাপে গণ্য কৰা হৈছে আৰু সন্ত্ৰাসবাদ বিৰোধী সংস্থা এনআইএৰ বিষয়াসকলক গঠিত এটা তদন্তকাৰী দল প্ৰেৰণ কৰা হৈছে। প্ৰাথমিক অনুসন্ধান অনুসৰি, আক্ৰমণকাৰী দুই যুৱকৰ আইছিছৰ সৈতে কিবা সম্পৰ্ক আছে নেকি তাক লৈয়ো সন্দেহ ওপজিছে বিষয়াসকলৰ। 

বিশেষভাৱে অনুসন্ধানৰত বিষয়াসকলে জনোৱা মতে, তদন্তকাৰী দলটোৱে বিষয়টোৰ সম্পূৰ্ণ তদন্ত কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা অভিযুক্ত দুজনৰ পটভূমি পৰীক্ষা কৰিব। নাম প্ৰকাশ নকৰা এজন জ্যেষ্ঠ বিষয়াই কয় যে, ‘প্ৰাইমা ফেচি ই এটা সন্ত্ৰাসবাদী গোচৰ যেন লাগে আৰু ইয়াৰ বাবে এক সম্যক তদন্তৰ প্ৰয়োজন আছে । য’ত তেওঁলোকৰ ছ’চিয়েল মিডিয়াৰ প্ৰফাইল স্কেন কৰাটোও অন্তৰ্ভুক্ত। পিছলৈ গোচৰটো গতাই দিয়াৰ সম্ভাৱনা আছে। তদন্তৰ বাবে ৰাষ্ট্ৰীয় তদন্ত সংস্থালৈ প্ৰেৰণ কৰা হৈছে সমস্ত তথ্য।’

ইফালে, কানহাইলালৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত পোহৰলৈ আহিছে আন এক শিহৰণকাৰী তথ্য। প্রতিবেদন অনুসৰি মৃতকৰ মৃতদেহত মুঠ ২৬টাকৈ আঘাতৰ চিন ধৰা পৰিছে। ডিঙিত ৮ৰ পৰা ১০ বাৰকৈ আঘাত কৰে দুৰ্বৃত্তই। অত্যধিক ৰক্তক্ষৰণৰ বাবে কানহাইয়ালালৰ মৃত্যু হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।  কানহাইলালৰ অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্য সমাধা হোৱাৰ পূৰ্বে ভুক্তভোগী পৰিয়ালটোৱে অভিযুক্তক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ