--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধৰ্মীয় অসহিষ্ণুতাৰ কৰাল গ্ৰাসত ক্ৰমাৎ সোমাই পৰিছে ভাৰতবৰ্ষ।  ধৰ্মৰ দোহাই দি এতিয়া দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধৰ ঘটনা। একাংশ ধৰ্মান্ধৰ  ধৰ্মকেন্দ্ৰিক হিংসাত্মক কাৰ্যকলাপে দেশত ক্ৰমাৎ ভয়াৱহ হাৰত ছটিয়াইছে সাম্প্ৰদায়িক বিদ্বেষৰ বিষবাষ্প। এই ধৰ্মীয় অসহিষ্ণুতা আৰু কট্টৰ ধৰ্মীয় মানসিকতাৰ বিপদজনক বহি:প্ৰকাশ হৈছে মঙ্গলবাৰে ৰাজস্থানৰ উদয়পুৰত সংঘটিত হত্যাকাণ্ড। মঙ্গলবাৰে উদয়পুৰত সংঘটিত কানহাইয়া লাল নামৰ এগৰাকী দৰ্জীৰ নৃশংস হত্যাকাণ্ডই এতিয়া সমগ্ৰ দেশতে ব্যাপক উত্তেজনাৰ সৃষ্টি কৰিছে।দুগৰাকী কট্টৰ মুছলমান লোকে ধৰ্মীয় অপমানৰ দোহাই দি লালক দোকানৰ ভিতৰতে হত্যা কৰাৰ পাছত এই ভয়ংকৰ হত্যাকাণ্ডক লৈ সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

ইতিমধ্যে কানহাইয়া লালক হত্যা কৰা দুয়ো হত্যাকাৰী গাউছ মহম্মদ আৰু ৰিয়াজ আখটাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই নাৰকীয় হত্যাকাণ্ডৰ তদন্তৰ বাবে এটা বিশেষ তদন্ত দল (এছআইটি) গঠনৰ নিৰ্দেশ দিয়া হৈছে। সম্প্ৰতি ভাইৰেল হৈ পৰা হত্যাকাণ্ডটোৰ ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে যে গাউছ মহম্মদ আৰু ৰিয়াজ আখটাৰীয়ে গ্ৰাহকৰ ৰূপত কানহাইয়া লালৰ দোকানত প্ৰৱেশ কৰিছিল।কাপোৰৰ বাবে কানহাইয়া লালে তেওঁলোকৰ এগৰাকীৰ শৰীৰৰ জোখ লোৱাৰ সময়তে চোকা অস্ত্ৰৰে তেওঁক উপৰ্যুপৰি আক্ৰমণ কৰি হত্যা কৰে। 

এই সমগ্ৰ ঘটনাক হত্যাকাৰী দুগৰাকীয়ে নিজেই মোবাইল যোগে ভিডিঅ’ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে হত্যাকাৰী দুগৰাকীয়ে প্ৰথমে লালৰ মুণ্ডচ্ছেদ কৰিবলৈ চেষ্টা কৰিছিল। আনহাতে হত্যাৰ পাছতে দুই হত্যাকাৰী মহম্মদ আৰু ৰিয়াজে আন এটা ভিডিঅ' প্ৰকাশ কৰে। ভিডিঅ’টোত দুয়ো হত্যাত ব্যৱহৃত অস্ত্ৰ দেখুৱাই মুকলিকৈ লালৰ হত্যাক লৈ আনন্দ প্ৰকাশ কৰে। লগতে দুয়ো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাবুকি প্ৰদান কৰে। 

এই নৃশংস হত্যাকাণ্ডক কেন্দ্ৰই ইতিমধ্যে সন্ত্ৰাসবাদী ঘটনা হিচাপে গণ্য কৰিছে আৰু প্ৰাথমিক তথ্য অনুসৰি হত্যাকাৰী দুগৰাকীৰ  সন্ত্ৰাসবাদী গোট আইছিছৰ সৈতে সম্পৰ্ক থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা, চমুকৈ নিয়াৰ এটা দল ইতিমধ্যে এই সন্দৰ্ভত তদন্তৰ বাবে উদয়পুৰলৈ প্ৰেৰণ কৰা হৈছে। 

এই নাৰকীয় ঘটনাৰ পাছতে আইন-শৃংখলা বজাই ৰখাৰ বাবে ৰাজস্থানত এমাহৰ বাবে বৃহৎ সমাৱেশ নিষিদ্ধ কৰা হৈছে। লগতে উচতনিমূলক আৰু ভুৱা খবৰ প্ৰচাৰ হোৱাৰ আশংকাত ৰাজ্যখনত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা।

আনহাতে এই হত্যাকাণ্ডৰ পাৰ্শ্বক্ৰিয়া হিচাপে চহৰখনত সম্ভাৱ্য যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰায় ৬০০ অতিৰিক্ত সৈন্য মোতায়েন কৰা হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি চহৰখনৰ কিছু অঞ্চলৰ পৰা হিংসাত্মক ঘটনাৰ খবৰ পোৱাৰ পিছত যোৱা নিশা উদয়পুৰৰ কিছু অংশত কাৰফিউ জাৰি কৰা হৈছিল। 

উল্লেখ্য যে কানহাইয়া লালে পয়গম্বৰ মহম্মদৰ ওপৰত বিতৰ্কিত মন্তব্য কৰা বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাৰ প্ৰতি ছ'চিয়েল মিডিয়াত সমৰ্থন ব্যক্ত কৰিছিল। কিছুদিন পূৰ্বে নুপুৰ শৰ্মাৰ সমৰ্থনত সামাজিক মাধ্যমত এটা পোষ্টৰ বাবে গ্ৰেপ্তাৰো হৈছিল লাল। যোৱা ১৫ জুনত জামিনত মুকলি হোৱাৰ পিছত লালে আৰক্ষীক তেওঁ ভাবুকিমূলক ফোন কল লাভ কৰিছে বুলি অভিযোগ কৰিছিল।

লালৰ এই নৃশংস হত্যাৰ পাছত ৰাজস্থান চৰকাৰে কানহাইয়া লালৰ পৰিয়ালৰ সদস্যসকলৰ বাবে ৫০ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে৷ মুখ্যমন্ত্ৰী অশোক গেহলটে টুইটযোগে ৰাজ্যখনৰ সকলো লোককে শান্তি বজাই ৰাখিবলৈ আহ্বান জনায় আৰু হত্যাকাৰীসকলৰ বিৰুদ্ধে দ্ৰুত আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে৷ আনহাতে ৰাহুল গান্ধী, শশী থাৰুৰ, অৰবিন্দ কেজৰিৱাল আৰু অনুৰাগ ঠাকুৰকে ধৰি কেইবাজনো ৰাজনীতিবিদে ঘটনাটোক গৰিহণা দিছে। 

উদয়পুৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি দেশত সাম্প্ৰদায়িক সংঘাতৰ সম্ভাৱনা গা কৰি উঠিছে। ধৰ্মৰ দোহাই দি দুই কট্টৰ ইছলামিক ব্যক্তিয়ে এইদৰে এগৰাকী হিন্দু ধৰ্মাৱলম্বী লোকক নিৰ্মমভাৱে হত্যা কৰাৰ পাছতে জাঙুৰ খাই উঠিছে হিন্দুত্ববাদী শিবিৰ। বিজেপিৰ এগৰাকী জেষ্ঠ নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী কে এছ ইশ্বৰপ্পাই উদয়পুৰ হত্যাকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হত্যাকাৰীক হত্যাৰ জৰিয়তেই পাঠ পঢ়াব লাগে বুলি মন্তব্য কৰিছে। 

সামাজিক মাধ্যমতো এই হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া স্বৰূপে দেখিবলৈ পোৱা গৈছে মুকলি ধৰ্মীয় বিদ্বষ। এনে পৰিস্থিতিত এই ঘটনাৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে বা এনে ধৰ্মীয় বিদ্বেষৰ পাৰস্পৰিক পৰিপূৰক হিচাপে ধৰ্মীয় সংঘাতৰ আশংকাই চিন্তিত কৰি তুলিছে সকলোকে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ