--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধৰ্মীয় অসহিষ্ণুতাৰ কৰাল গ্ৰাসত ক্ৰমাৎ সোমাই পৰিছে ভাৰতবৰ্ষ।  ধৰ্মৰ দোহাই দি এতিয়া দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধৰ ঘটনা। একাংশ ধৰ্মান্ধৰ  ধৰ্মকেন্দ্ৰিক হিংসাত্মক কাৰ্যকলাপে দেশত ক্ৰমাৎ ভয়াৱহ হাৰত ছটিয়াইছে সাম্প্ৰদায়িক বিদ্বেষৰ বিষবাষ্প। এই ধৰ্মীয় অসহিষ্ণুতা আৰু কট্টৰ ধৰ্মীয় মানসিকতাৰ বিপদজনক বহি:প্ৰকাশ হৈছে মঙ্গলবাৰে ৰাজস্থানৰ উদয়পুৰত সংঘটিত হত্যাকাণ্ড। মঙ্গলবাৰে উদয়পুৰত সংঘটিত কানহাইয়া লাল নামৰ এগৰাকী দৰ্জীৰ নৃশংস হত্যাকাণ্ডই এতিয়া সমগ্ৰ দেশতে ব্যাপক উত্তেজনাৰ সৃষ্টি কৰিছে।দুগৰাকী কট্টৰ মুছলমান লোকে ধৰ্মীয় অপমানৰ দোহাই দি লালক দোকানৰ ভিতৰতে হত্যা কৰাৰ পাছত এই ভয়ংকৰ হত্যাকাণ্ডক লৈ সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

ইতিমধ্যে কানহাইয়া লালক হত্যা কৰা দুয়ো হত্যাকাৰী গাউছ মহম্মদ আৰু ৰিয়াজ আখটাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই নাৰকীয় হত্যাকাণ্ডৰ তদন্তৰ বাবে এটা বিশেষ তদন্ত দল (এছআইটি) গঠনৰ নিৰ্দেশ দিয়া হৈছে। সম্প্ৰতি ভাইৰেল হৈ পৰা হত্যাকাণ্ডটোৰ ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে যে গাউছ মহম্মদ আৰু ৰিয়াজ আখটাৰীয়ে গ্ৰাহকৰ ৰূপত কানহাইয়া লালৰ দোকানত প্ৰৱেশ কৰিছিল।কাপোৰৰ বাবে কানহাইয়া লালে তেওঁলোকৰ এগৰাকীৰ শৰীৰৰ জোখ লোৱাৰ সময়তে চোকা অস্ত্ৰৰে তেওঁক উপৰ্যুপৰি আক্ৰমণ কৰি হত্যা কৰে। 

এই সমগ্ৰ ঘটনাক হত্যাকাৰী দুগৰাকীয়ে নিজেই মোবাইল যোগে ভিডিঅ’ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে হত্যাকাৰী দুগৰাকীয়ে প্ৰথমে লালৰ মুণ্ডচ্ছেদ কৰিবলৈ চেষ্টা কৰিছিল। আনহাতে হত্যাৰ পাছতে দুই হত্যাকাৰী মহম্মদ আৰু ৰিয়াজে আন এটা ভিডিঅ' প্ৰকাশ কৰে। ভিডিঅ’টোত দুয়ো হত্যাত ব্যৱহৃত অস্ত্ৰ দেখুৱাই মুকলিকৈ লালৰ হত্যাক লৈ আনন্দ প্ৰকাশ কৰে। লগতে দুয়ো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাবুকি প্ৰদান কৰে। 

এই নৃশংস হত্যাকাণ্ডক কেন্দ্ৰই ইতিমধ্যে সন্ত্ৰাসবাদী ঘটনা হিচাপে গণ্য কৰিছে আৰু প্ৰাথমিক তথ্য অনুসৰি হত্যাকাৰী দুগৰাকীৰ  সন্ত্ৰাসবাদী গোট আইছিছৰ সৈতে সম্পৰ্ক থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা, চমুকৈ নিয়াৰ এটা দল ইতিমধ্যে এই সন্দৰ্ভত তদন্তৰ বাবে উদয়পুৰলৈ প্ৰেৰণ কৰা হৈছে। 

এই নাৰকীয় ঘটনাৰ পাছতে আইন-শৃংখলা বজাই ৰখাৰ বাবে ৰাজস্থানত এমাহৰ বাবে বৃহৎ সমাৱেশ নিষিদ্ধ কৰা হৈছে। লগতে উচতনিমূলক আৰু ভুৱা খবৰ প্ৰচাৰ হোৱাৰ আশংকাত ৰাজ্যখনত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা।

আনহাতে এই হত্যাকাণ্ডৰ পাৰ্শ্বক্ৰিয়া হিচাপে চহৰখনত সম্ভাৱ্য যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰায় ৬০০ অতিৰিক্ত সৈন্য মোতায়েন কৰা হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি চহৰখনৰ কিছু অঞ্চলৰ পৰা হিংসাত্মক ঘটনাৰ খবৰ পোৱাৰ পিছত যোৱা নিশা উদয়পুৰৰ কিছু অংশত কাৰফিউ জাৰি কৰা হৈছিল। 

উল্লেখ্য যে কানহাইয়া লালে পয়গম্বৰ মহম্মদৰ ওপৰত বিতৰ্কিত মন্তব্য কৰা বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাৰ প্ৰতি ছ'চিয়েল মিডিয়াত সমৰ্থন ব্যক্ত কৰিছিল। কিছুদিন পূৰ্বে নুপুৰ শৰ্মাৰ সমৰ্থনত সামাজিক মাধ্যমত এটা পোষ্টৰ বাবে গ্ৰেপ্তাৰো হৈছিল লাল। যোৱা ১৫ জুনত জামিনত মুকলি হোৱাৰ পিছত লালে আৰক্ষীক তেওঁ ভাবুকিমূলক ফোন কল লাভ কৰিছে বুলি অভিযোগ কৰিছিল।

লালৰ এই নৃশংস হত্যাৰ পাছত ৰাজস্থান চৰকাৰে কানহাইয়া লালৰ পৰিয়ালৰ সদস্যসকলৰ বাবে ৫০ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে৷ মুখ্যমন্ত্ৰী অশোক গেহলটে টুইটযোগে ৰাজ্যখনৰ সকলো লোককে শান্তি বজাই ৰাখিবলৈ আহ্বান জনায় আৰু হত্যাকাৰীসকলৰ বিৰুদ্ধে দ্ৰুত আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে৷ আনহাতে ৰাহুল গান্ধী, শশী থাৰুৰ, অৰবিন্দ কেজৰিৱাল আৰু অনুৰাগ ঠাকুৰকে ধৰি কেইবাজনো ৰাজনীতিবিদে ঘটনাটোক গৰিহণা দিছে। 

উদয়পুৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি দেশত সাম্প্ৰদায়িক সংঘাতৰ সম্ভাৱনা গা কৰি উঠিছে। ধৰ্মৰ দোহাই দি দুই কট্টৰ ইছলামিক ব্যক্তিয়ে এইদৰে এগৰাকী হিন্দু ধৰ্মাৱলম্বী লোকক নিৰ্মমভাৱে হত্যা কৰাৰ পাছতে জাঙুৰ খাই উঠিছে হিন্দুত্ববাদী শিবিৰ। বিজেপিৰ এগৰাকী জেষ্ঠ নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী কে এছ ইশ্বৰপ্পাই উদয়পুৰ হত্যাকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হত্যাকাৰীক হত্যাৰ জৰিয়তেই পাঠ পঢ়াব লাগে বুলি মন্তব্য কৰিছে। 

সামাজিক মাধ্যমতো এই হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া স্বৰূপে দেখিবলৈ পোৱা গৈছে মুকলি ধৰ্মীয় বিদ্বষ। এনে পৰিস্থিতিত এই ঘটনাৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে বা এনে ধৰ্মীয় বিদ্বেষৰ পাৰস্পৰিক পৰিপূৰক হিচাপে ধৰ্মীয় সংঘাতৰ আশংকাই চিন্তিত কৰি তুলিছে সকলোকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ট্ৰাম্পৰ ভ্ৰমণ খবৰ মিছা ! স্পষ্টীকৰণ হোৱাইট হাউচৰ
২ খন নাওৰ সৈতে ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে