--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী প্ৰতিভাৱান খেলুৱৈৰ বিৰুদ্ধে উঠিছিল ধৰ্ষণৰ অভিযোগ। এই অভিযোগৰ বাবেই খেলুৱৈজনে আত্মহত্যাৰ পথ বাচি লয়।এই ঘটনা উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ। খেলুৱৈজনৰ নাম আছিল ৰাহুল। ৰাহুলে আত্মহত্যাৰ পূৰ্বে ছুইচাইড নোট লিখি থৈ গৈছে। ৰাহুলে ছুইচাইড নোটত লিখিছে যে তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ মিছা অভিযোগ উত্থাপন হৈছে। ধৰ্ষণৰ অভিযোগৰ বাবে ১৯ মাহ জে'লত কটাবলগীয়া হৈছিল খেলুৱৈগৰাকীয়ে। যাৰ বাবেই ৰাহুল ডিপ্ৰেছনত সোমাই পৰিছিল। 

আৰক্ষীয়ে যুৱ খেলুৱৈগৰাকীৰ আত্মহত্যাৰ খবৰ লাভৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে, লগতে উদ্ধাৰ কৰে ছুইচাইড নোটখন। তাত লিখা আছিল-‘মই ধৰ্ষণ কৰা নাছিলো’। ২৩ বছৰীয়া ৰাহুলে দেশৰ লগতে বিদেশতো দৌৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বহু সন্মান বুটলিবলৈ সক্ষম হৈছিল। সদ্যহতে দিল্লীত থাকি অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই আছিল ৰাহুলে। সেই সময়তেই দিল্লীৰ এগৰাকী যুৱতীৰ পৰিয়ালে ৰাহুলৰ বিৰুদ্ধে পলুৱাই নিয়া আৰু ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ৰাহুলক গ্ৰেপ্তাৰ কৰি ১৯ মাহ জে'লত ৰাখে। সদ্যহতে এমাহৰ জামিনত ঘৰলৈ আহিছিল ৰাহুল। মানসিকভাৱে তেওঁ বহুত ভাগি পৰিছিল আৰু শেষত গছৰ ডালত চিপ লৈ এই পৃথিৱীক বিদায় জনায়। 

ৰাহুলে ছুইচাইড নোটত লিখে যে ‘মই ধৰ্ষণ কৰা নাছিলোঁ। মোৰ গোটেই জীৱন ধ্বংস কৰি পেলালে। মোৰ ওপৰত ধৰ্ষণৰ মিছা গোচৰ তৰিছে। মই মানসিকভাৱে বহুত ভাগি পৰিছো। সেই যুৱতীগৰাকী কেৱল মোৰ বান্ধৱী আছিল। তাইহে মোক চাকৰি দিম বুলি মাতিছিল। ওলোটাই যুৱতীগৰাকীৰেই পিতৃ-মাতৃয়ে মোৰ ওপৰত মই অপহৰণ আৰু ধৰ্ষণ কৰা বুলি গোচৰ তৰিলে। ১৯ মাহ ধৰি জে’লত আছো, মোৰ গোটেই জীৱনেই শেষ হৈ গ’ল। মই আনকি এতিয়া একো কামো পাব নোৱাৰো। জে'ললৈ যোৱাৰ পিছত মই যথেষ্ট হতাশাত আছোঁ, সেয়েহে মই এই পদক্ষেপটো লৈছো। মই দুঃখিত। এইটো মোৰ পৰিয়ালৰ দোষ নহয়। মই যি কৰি আছো, নিজৰ ইচ্ছাৰে কৰিছো। কিন্তু ছোৱালীজনীৰ মাক দেউতাকক প্ৰশ্ন কৰিবই লাগিব। তেওঁলোকে মোক পইচাৰ লোভৰ বাবে বদনাম কৰিলে। দেউতা, অনুগ্ৰহ কৰি মোক ক্ষমা কৰি দিব। মোৰ সপোন আছিল এজন ডাঙৰ খেলুৱৈ হোৱা। মই কঠোৰ পৰিশ্ৰম কৰিছিলো, দেশ আৰু বিদেশত বহুতো পদক জিকিছিলো, কিন্তু মোৰ জীৱন ধ্বংস হৈ গ’ল। মই ধৰ্ষণ কৰা নাছিলো, তথাপিও মোক শাস্তি দিয়া হ’ল। মই এই কলংকৰ সৈতে জীয়াই থাকিব নোৱাৰো। সকলোৱে মোৰ বিষয়ে ভুল ভাবি আছে। মই কাৰো সৈতে কথা পাতিবলৈ যোগ্য হৈ থকা নাই। সেইকাৰণে মই মোৰ জীৱন শেষ কৰিছো। মই দুঃখিত, মই মোৰ পৰিয়ালক বহুত ভাল পাওঁ।”

আৰক্ষীয়ে ইতিমধ্যে গছত ওলমি থকা ৰাহুলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ৰাহুলৰ পিতৃয়ে কয় যে ছোৱালীজনীৰ পিতৃয়ে টকাৰ বাবে ব্লেকমেইল কৰি দহ লাখ টকা দাবী কৰিছিল। ৰাহুলৰ ছুইচাইড নোটত লিপিবদ্ধ কৰা অভিযোগসমূহৰ তদন্ত কৰি সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষী মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে। যদিহে এয়া প্ৰকৃততে ধৰ্ষণৰ মিছা অভিযোগ তেন্তে ন্যায় পাবনে ৰাহুলে? সেয়াই এই মূহুৰ্তত লাখটকীয়া প্ৰশ্ন হৈ ধৰা দিছে সকলোৰে সন্মুখত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ