--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী প্ৰতিভাৱান খেলুৱৈৰ বিৰুদ্ধে উঠিছিল ধৰ্ষণৰ অভিযোগ। এই অভিযোগৰ বাবেই খেলুৱৈজনে আত্মহত্যাৰ পথ বাচি লয়।এই ঘটনা উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ। খেলুৱৈজনৰ নাম আছিল ৰাহুল। ৰাহুলে আত্মহত্যাৰ পূৰ্বে ছুইচাইড নোট লিখি থৈ গৈছে। ৰাহুলে ছুইচাইড নোটত লিখিছে যে তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ মিছা অভিযোগ উত্থাপন হৈছে। ধৰ্ষণৰ অভিযোগৰ বাবে ১৯ মাহ জে'লত কটাবলগীয়া হৈছিল খেলুৱৈগৰাকীয়ে। যাৰ বাবেই ৰাহুল ডিপ্ৰেছনত সোমাই পৰিছিল। 

আৰক্ষীয়ে যুৱ খেলুৱৈগৰাকীৰ আত্মহত্যাৰ খবৰ লাভৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে, লগতে উদ্ধাৰ কৰে ছুইচাইড নোটখন। তাত লিখা আছিল-‘মই ধৰ্ষণ কৰা নাছিলো’। ২৩ বছৰীয়া ৰাহুলে দেশৰ লগতে বিদেশতো দৌৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বহু সন্মান বুটলিবলৈ সক্ষম হৈছিল। সদ্যহতে দিল্লীত থাকি অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই আছিল ৰাহুলে। সেই সময়তেই দিল্লীৰ এগৰাকী যুৱতীৰ পৰিয়ালে ৰাহুলৰ বিৰুদ্ধে পলুৱাই নিয়া আৰু ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ৰাহুলক গ্ৰেপ্তাৰ কৰি ১৯ মাহ জে'লত ৰাখে। সদ্যহতে এমাহৰ জামিনত ঘৰলৈ আহিছিল ৰাহুল। মানসিকভাৱে তেওঁ বহুত ভাগি পৰিছিল আৰু শেষত গছৰ ডালত চিপ লৈ এই পৃথিৱীক বিদায় জনায়। 

ৰাহুলে ছুইচাইড নোটত লিখে যে ‘মই ধৰ্ষণ কৰা নাছিলোঁ। মোৰ গোটেই জীৱন ধ্বংস কৰি পেলালে। মোৰ ওপৰত ধৰ্ষণৰ মিছা গোচৰ তৰিছে। মই মানসিকভাৱে বহুত ভাগি পৰিছো। সেই যুৱতীগৰাকী কেৱল মোৰ বান্ধৱী আছিল। তাইহে মোক চাকৰি দিম বুলি মাতিছিল। ওলোটাই যুৱতীগৰাকীৰেই পিতৃ-মাতৃয়ে মোৰ ওপৰত মই অপহৰণ আৰু ধৰ্ষণ কৰা বুলি গোচৰ তৰিলে। ১৯ মাহ ধৰি জে’লত আছো, মোৰ গোটেই জীৱনেই শেষ হৈ গ’ল। মই আনকি এতিয়া একো কামো পাব নোৱাৰো। জে'ললৈ যোৱাৰ পিছত মই যথেষ্ট হতাশাত আছোঁ, সেয়েহে মই এই পদক্ষেপটো লৈছো। মই দুঃখিত। এইটো মোৰ পৰিয়ালৰ দোষ নহয়। মই যি কৰি আছো, নিজৰ ইচ্ছাৰে কৰিছো। কিন্তু ছোৱালীজনীৰ মাক দেউতাকক প্ৰশ্ন কৰিবই লাগিব। তেওঁলোকে মোক পইচাৰ লোভৰ বাবে বদনাম কৰিলে। দেউতা, অনুগ্ৰহ কৰি মোক ক্ষমা কৰি দিব। মোৰ সপোন আছিল এজন ডাঙৰ খেলুৱৈ হোৱা। মই কঠোৰ পৰিশ্ৰম কৰিছিলো, দেশ আৰু বিদেশত বহুতো পদক জিকিছিলো, কিন্তু মোৰ জীৱন ধ্বংস হৈ গ’ল। মই ধৰ্ষণ কৰা নাছিলো, তথাপিও মোক শাস্তি দিয়া হ’ল। মই এই কলংকৰ সৈতে জীয়াই থাকিব নোৱাৰো। সকলোৱে মোৰ বিষয়ে ভুল ভাবি আছে। মই কাৰো সৈতে কথা পাতিবলৈ যোগ্য হৈ থকা নাই। সেইকাৰণে মই মোৰ জীৱন শেষ কৰিছো। মই দুঃখিত, মই মোৰ পৰিয়ালক বহুত ভাল পাওঁ।”

আৰক্ষীয়ে ইতিমধ্যে গছত ওলমি থকা ৰাহুলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ৰাহুলৰ পিতৃয়ে কয় যে ছোৱালীজনীৰ পিতৃয়ে টকাৰ বাবে ব্লেকমেইল কৰি দহ লাখ টকা দাবী কৰিছিল। ৰাহুলৰ ছুইচাইড নোটত লিপিবদ্ধ কৰা অভিযোগসমূহৰ তদন্ত কৰি সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষী মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে। যদিহে এয়া প্ৰকৃততে ধৰ্ষণৰ মিছা অভিযোগ তেন্তে ন্যায় পাবনে ৰাহুলে? সেয়াই এই মূহুৰ্তত লাখটকীয়া প্ৰশ্ন হৈ ধৰা দিছে সকলোৰে সন্মুখত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি