--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ সেনাপ্ৰধান বিপিন ৰাৱটৰ শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে পুনৰ চৰ্চালৈ আহিছে দেশৰ বিমান দুৰ্ঘটনাৰ দীঘলীয়া ইতিহাসৰ কথা। আকাশীপথেৰে কৰা যাত্ৰাত দেশৰ ভালেসংখ্যক আগশাৰীৰ লোকে প্ৰাণ হেৰুওৱাৰ লগতে বহুতেই ভাগ্যৰ জোৰত দুৰ্ঘটনাগ্ৰস্ত হৈও প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।

জেনেৰেল বিপিন ৰাৱট সেইসকল ভাগ্যৱানৰ তালিকাত থাকিবলৈ সক্ষম নহ'ল। অতি শোকাৱহ এই দুৰ্ঘটনাটোত তেওঁ পত্নীসহ আৰোহন কৰা সেনাৰ হেলিকপ্টাৰখনৰ ১৪জন আৰোহীৰ ভিতৰত ১৩জনৰে মৃত্যু হ' ল আৰু এইসকলৰ মাজত ৰাৱট আৰু তেওঁৰ পত্নীও সন্নিৱিষ্ট হ'ল। শোকাৱহ এক পৰিস্থিতিত খহি পৰিল দেশৰ সামৰিক শক্তিৰ মূল স্তম্ভটো। বিপিন ৰাৱটৰ দুৰ্ঘটনাই পুনৰ পোহৰলৈ আনিছে দেশৰ বিভিন্নজন গুৰুত্বপূৰ্ণ প্ৰতিনিধিয়ে সময়ে সময়ে দুৰ্ঘটনাত পতিত হোৱাৰ ইতিহাসক।


২০১১চনৰ ৩০ এপ্ৰিল : অৰুণাচলৰ মু্খ্যমন্ত্ৰী দৰ্জী খাণ্ডুৱে টাৱাঙৰ পৰা উৰা মৰা বিমানখন সন্ধানহীন হৈ পৰিছিল। পাহাৰীয়া এলেকাত পাছত তেওঁৰ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু আন চাৰিজন লোকৰ সৈতে তেওঁৰ মৃত্যু হয়। পৱনহংসৰ বি-৮ হেলিকপ্টাৰৰ জৰিয়তে উৰা মাৰিছিল খাণ্ডুৱে।

২০০৯, ২ ছেপ্টেম্বৰ : ৱাই এছ আৰ ৰেড্ডিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু। বেল ৪৩০ হেলিকপ্টাৰখন সন্ধানহীন হৈ পৰাৰ পাছত দুৰ্ঘটনাগ্ৰস্ত হয়।
২০০৫, ৩১ মাৰ্চ : উত্তৰ প্ৰদেশৰ সাহাৰণপুৰত হেলিকপ্টাৰ দুৰ্ঘটনাত হাৰিয়ানাৰ মন্ত্ৰী অ’ পি জিন্দালৰ মৃত্যু। তেওঁৰ সৈতে আছিল প্ৰখ্যাত উদ্যোগপতি সুৰেন্দ্ৰ সিঙো।
২০০২, ৩ মাৰ্চ : অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাবৰীত হেলিকপ্টাৰ দুৰ্ঘটনাৰ ফলত লোকসভাৰ সাংসদ তথা তেলুগু দেশম পাৰ্টীৰ নেতা জিএমচি বালাযোগীৰ মৃত্যু।
২০০১, ৩০ ছেপ্টেম্বৰ : জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাধৱৰাও সিন্ধিয়াৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু। কানপুৰলৈ এখন ৰাজহুৱা সভাত অংশ ল’বলৈ যোৱাৰ সময়তে সিন্ধিয়াৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। উত্তৰ প্ৰদেশৰ মণিপুৰীত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত আন ছজন লোকৰো মৃত্যু হৈছিল।
২০০১ মে’ : অৰুণাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী ডেৰা নাটুং আৰু আন পাঁচজনৰ পৱনহংস হেলিকপ্টাৰ দুৰ্ঘটনাৰ ফলত মৃত্যু।
২০০১, ২৩ জুন : ছফদৰগঞ্জ বিমানবন্দৰৰ পৰা গ্লাইডাৰেৰে উৰা মৰাৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত হৈ সঞ্জয় গান্ধীৰ মৃত্যু।

বিভিন্ন সময়ত এনে অগণন লোকে বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে। দেশে হেৰুৱাবলগীয়া হৈছে বহু অমূল্য সম্পদ। তাৰ মাজতে এনে কিছুসংখ্যক লোকো আছে যিসকলে বিমান দুৰ্ঘটনাৰ মুখামুখি হৈও জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। জ্যেষ্ঠ কংগ্ৰেছে নেতা আহমদ পেটেল, কেন্দ্ৰীয় মন্ত্ৰী পৃথ্বিৰাজ চৌহান আৰু কুমাৰী শৈলজা ২০০৪ চনত বিমান দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ পাছত দৈবক্ৰমে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হৈছিল। একেদৰে পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ হেলিকপ্টাৰে উৰা মৰাৰ পাছতে ইলেক্ট্ৰেক তাঁৰত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হৈছিল যদিও তেওঁৰ প্ৰাণৰক্ষা পৰে। বিজেপি নেতা তথা এতিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নাকভীয়েও বিমান দুৰ্ঘটনাৰ সন্মুখীন হৈও প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক