--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ সেনাপ্ৰধান বিপিন ৰাৱটৰ শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে পুনৰ চৰ্চালৈ আহিছে দেশৰ বিমান দুৰ্ঘটনাৰ দীঘলীয়া ইতিহাসৰ কথা। আকাশীপথেৰে কৰা যাত্ৰাত দেশৰ ভালেসংখ্যক আগশাৰীৰ লোকে প্ৰাণ হেৰুওৱাৰ লগতে বহুতেই ভাগ্যৰ জোৰত দুৰ্ঘটনাগ্ৰস্ত হৈও প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।

জেনেৰেল বিপিন ৰাৱট সেইসকল ভাগ্যৱানৰ তালিকাত থাকিবলৈ সক্ষম নহ'ল। অতি শোকাৱহ এই দুৰ্ঘটনাটোত তেওঁ পত্নীসহ আৰোহন কৰা সেনাৰ হেলিকপ্টাৰখনৰ ১৪জন আৰোহীৰ ভিতৰত ১৩জনৰে মৃত্যু হ' ল আৰু এইসকলৰ মাজত ৰাৱট আৰু তেওঁৰ পত্নীও সন্নিৱিষ্ট হ'ল। শোকাৱহ এক পৰিস্থিতিত খহি পৰিল দেশৰ সামৰিক শক্তিৰ মূল স্তম্ভটো। বিপিন ৰাৱটৰ দুৰ্ঘটনাই পুনৰ পোহৰলৈ আনিছে দেশৰ বিভিন্নজন গুৰুত্বপূৰ্ণ প্ৰতিনিধিয়ে সময়ে সময়ে দুৰ্ঘটনাত পতিত হোৱাৰ ইতিহাসক।


২০১১চনৰ ৩০ এপ্ৰিল : অৰুণাচলৰ মু্খ্যমন্ত্ৰী দৰ্জী খাণ্ডুৱে টাৱাঙৰ পৰা উৰা মৰা বিমানখন সন্ধানহীন হৈ পৰিছিল। পাহাৰীয়া এলেকাত পাছত তেওঁৰ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু আন চাৰিজন লোকৰ সৈতে তেওঁৰ মৃত্যু হয়। পৱনহংসৰ বি-৮ হেলিকপ্টাৰৰ জৰিয়তে উৰা মাৰিছিল খাণ্ডুৱে।

২০০৯, ২ ছেপ্টেম্বৰ : ৱাই এছ আৰ ৰেড্ডিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু। বেল ৪৩০ হেলিকপ্টাৰখন সন্ধানহীন হৈ পৰাৰ পাছত দুৰ্ঘটনাগ্ৰস্ত হয়।
২০০৫, ৩১ মাৰ্চ : উত্তৰ প্ৰদেশৰ সাহাৰণপুৰত হেলিকপ্টাৰ দুৰ্ঘটনাত হাৰিয়ানাৰ মন্ত্ৰী অ’ পি জিন্দালৰ মৃত্যু। তেওঁৰ সৈতে আছিল প্ৰখ্যাত উদ্যোগপতি সুৰেন্দ্ৰ সিঙো।
২০০২, ৩ মাৰ্চ : অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাবৰীত হেলিকপ্টাৰ দুৰ্ঘটনাৰ ফলত লোকসভাৰ সাংসদ তথা তেলুগু দেশম পাৰ্টীৰ নেতা জিএমচি বালাযোগীৰ মৃত্যু।
২০০১, ৩০ ছেপ্টেম্বৰ : জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাধৱৰাও সিন্ধিয়াৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু। কানপুৰলৈ এখন ৰাজহুৱা সভাত অংশ ল’বলৈ যোৱাৰ সময়তে সিন্ধিয়াৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। উত্তৰ প্ৰদেশৰ মণিপুৰীত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত আন ছজন লোকৰো মৃত্যু হৈছিল।
২০০১ মে’ : অৰুণাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী ডেৰা নাটুং আৰু আন পাঁচজনৰ পৱনহংস হেলিকপ্টাৰ দুৰ্ঘটনাৰ ফলত মৃত্যু।
২০০১, ২৩ জুন : ছফদৰগঞ্জ বিমানবন্দৰৰ পৰা গ্লাইডাৰেৰে উৰা মৰাৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত হৈ সঞ্জয় গান্ধীৰ মৃত্যু।

বিভিন্ন সময়ত এনে অগণন লোকে বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে। দেশে হেৰুৱাবলগীয়া হৈছে বহু অমূল্য সম্পদ। তাৰ মাজতে এনে কিছুসংখ্যক লোকো আছে যিসকলে বিমান দুৰ্ঘটনাৰ মুখামুখি হৈও জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। জ্যেষ্ঠ কংগ্ৰেছে নেতা আহমদ পেটেল, কেন্দ্ৰীয় মন্ত্ৰী পৃথ্বিৰাজ চৌহান আৰু কুমাৰী শৈলজা ২০০৪ চনত বিমান দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ পাছত দৈবক্ৰমে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হৈছিল। একেদৰে পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ হেলিকপ্টাৰে উৰা মৰাৰ পাছতে ইলেক্ট্ৰেক তাঁৰত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হৈছিল যদিও তেওঁৰ প্ৰাণৰক্ষা পৰে। বিজেপি নেতা তথা এতিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নাকভীয়েও বিমান দুৰ্ঘটনাৰ সন্মুখীন হৈও প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন