--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশক স্তব্ধ কৰি তোলা এটা দুৰ্ঘটনা। এটা শোকাৱহ দুৰ্ঘটনা। দেশৰ প্ৰতিৰক্ষাৰ গধুৰভাৰ যিজনে নিজৰ কান্ধত বহন কৰি ফুৰিছিল তেৱেঁই হেৰাই গ’ল এই দুৰ্ঘটনাত। দেশৰ চীফ অব্ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ মৃত্যু হ’ল দুৰ্ঘটনাত। ভাৰতীয় বায়ু সেনাৰ পৰা আনুষ্ঠানিকভাৱে নিশ্চিত কৰিলে বিপিন ৰাৱাটৰ মৃত্যুৰ কথা৷ ছুলুৰ বায়ুসেনা ঘাটিৰ পৰা ৱেলিংটনত থকা ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ গৈ থকাৰ বাটতে তামিলনাডুৰ কুন্নুৰৰ নাঞ্জাপাঞ্চাথিৰামত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন।

উল্লেখ্য যে, বিপিনৰ পত্নী মধুলিকা ৰাৱট আৰু কেইবাগৰাকীও সেনাৰ সৈতে আৰম্ভ কৰা এই কৰুণ যাত্ৰাকালত বিমানখনত মুঠ ১৪জন লোক আছিল তাৰ ভিতৰত কেৱল কেপ্টেইন বৰুণ সিঙক জীৱন্তে উদ্ধাৰ কৰা হৈছে আৰু আন সকলো লোকৰে মৃত্যু হৈছে৷ ভাৰতীয় বায়ু সেনাই লগতে কৈছিল যে, জিপি কেপ্টেইন বৰুণ সিং হৈছে দুৰ্ভাগ্যজনক ঘটনাটোত একমাত্ৰ জীৱিত ব্যক্তি।

তেওঁ বৰ্তমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু ৱেলিংটনৰ মিলিটাৰী হাস্পতালত চিকিৎসাধীন হৈ আছে। মৃতসকলৰ ভিতৰত আছে ৰাৱাটৰ প্ৰতিৰক্ষা সহায়ক ব্ৰিগেডিয়াৰ এল এছ লিডাৰ আৰু তেওঁৰ কৰ্মচাৰী বিষয়া লেফটেনেণ্ট কৰ্ণেল হৰজিন্দৰ সিং আৰু আন বিষয়াসকল। ৰাছিয়ান মূলৰ এমআই-১৭ ভি ৫ হেলিকপ্টাৰত হেলিকপ্টাৰৰ কৰ্মচাৰীসহ ১৪ জন লোক আছিল। দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ ইতিমধ্যে বায়ু সেনাই তদন্তৰ নিৰ্দেশ দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ