--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশক স্তব্ধ কৰি তোলা এটা দুৰ্ঘটনা। এটা শোকাৱহ দুৰ্ঘটনা। দেশৰ প্ৰতিৰক্ষাৰ গধুৰভাৰ যিজনে নিজৰ কান্ধত বহন কৰি ফুৰিছিল তেৱেঁই হেৰাই গ’ল এই দুৰ্ঘটনাত। দেশৰ চীফ অব্ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ মৃত্যু হ’ল দুৰ্ঘটনাত। ভাৰতীয় বায়ু সেনাৰ পৰা আনুষ্ঠানিকভাৱে নিশ্চিত কৰিলে বিপিন ৰাৱাটৰ মৃত্যুৰ কথা৷ ছুলুৰ বায়ুসেনা ঘাটিৰ পৰা ৱেলিংটনত থকা ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ গৈ থকাৰ বাটতে তামিলনাডুৰ কুন্নুৰৰ নাঞ্জাপাঞ্চাথিৰামত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন।


উল্লেখ্য যে, বিপিনৰ পত্নী মধুলিকা ৰাৱট আৰু কেইবাগৰাকীও সেনাৰ সৈতে আৰম্ভ কৰা এই কৰুণ যাত্ৰাকালত বিমানখনত মুঠ ১৪জন লোক আছিল তাৰ ভিতৰত কেৱল কেপ্টেইন বৰুণ সিঙক জীৱন্তে উদ্ধাৰ কৰা হৈছে আৰু আন সকলো লোকৰে মৃত্যু হৈছে৷ ভাৰতীয় বায়ু সেনাই লগতে কৈছিল যে, জিপি কেপ্টেইন বৰুণ সিং হৈছে দুৰ্ভাগ্যজনক ঘটনাটোত একমাত্ৰ জীৱিত ব্যক্তি।

তেওঁ বৰ্তমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু ৱেলিংটনৰ মিলিটাৰী হাস্পতালত চিকিৎসাধীন হৈ আছে। মৃতসকলৰ ভিতৰত আছে ৰাৱাটৰ প্ৰতিৰক্ষা সহায়ক ব্ৰিগেডিয়াৰ এল এছ লিডাৰ আৰু তেওঁৰ কৰ্মচাৰী বিষয়া লেফটেনেণ্ট কৰ্ণেল হৰজিন্দৰ সিং আৰু আন বিষয়াসকল। ৰাছিয়ান মূলৰ এমআই-১৭ ভি ৫ হেলিকপ্টাৰত হেলিকপ্টাৰৰ কৰ্মচাৰীসহ ১৪ জন লোক আছিল। দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ ইতিমধ্যে বায়ু সেনাই তদন্তৰ নিৰ্দেশ দিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন