--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘‘মেড ইন ইণ্ডিয়া...মেড ইন ইণ্ডিয়া
এক ডিল চাহিয়ে ডেটছ মেড ইন ইণ্ডিয়া
অ’ হ’ হ’ হ’ মেড ইন ইণ্ডিয়া... এক প্যাৰা ছ’নিয়া
এক ডিল চাহিয়ে ডেটছ মেড ইন ইণ্ডিয়া...’’

এই গানে এসময়ত কঁপাইছিল দেশৰ আকাশ-বতাহ। ৯০ৰ দশকৰ অতি জনপ্ৰিয় গীত আছিল ‘মেড ইন ইণ্ডিয়া’। সেই সময়ত ঘৰে-ঘৰে বাজিছিল এই গান। জনপ্ৰিয়তাৰ শিখৰ চুমা এই গানটো গাইছিল এলিছা চিনয়ে। এই গীতটোৰ জৰিয়তে নিশাটোৰ ভিতৰতে সংগীত জগতৰ তাৰকা হৈ পৰিছিল এলিছা। ‘মেড ইন ইণ্ডিয়া’ৰ বাবেই এলিছাক মানুহে ‘কুইন অৱ ইণ্ডিপপ’ বুলি ক’বলৈ ধৰিছিল। হিন্দী সংগীত জগতত আলিছা চিনয়ৰ কেৰিয়াৰ ভালকৈ আৰম্ভ হৈছিল যদিও তাৰপিছত গায়কী জগতৰ পৰা হঠাতে তেওঁ অন্তৰ্ধান হ’ল। এলিছা চিনয়ৰ কণ্ঠৰ যাদুৱে সকলোকে মোহাচ্ছন্ন কৰিছিল। গতিকে বহুতো সংগীত প্ৰেমীয়ে মনত পেলায় এলিছাক।
 
১৯৬৫ চনত গুজৰাটৰ আহমেদাবাদত জন্মগ্ৰহণ কৰা এলিছাৰ প্ৰকৃত নাম আছিল সুজাতা চিনয়। ১৯৮৫ চনত তেওঁৰ প্ৰথম এলবাম ‘যাদু’ আহিছিল যদিও ‘মেড ইন ইণ্ডিয়া’ গীতটোৰ পৰাই তেওঁ প্ৰকৃত পৰিচয় লাভ কৰিছিল। এলিছা চিনয়ৰ হিট গীতৰ তালিকাখন যথেষ্ট দীঘল। এলিছাক হিন্দী চিনেমালৈ অনাৰ কৃতিত্ব বাপ্পী লাহিৰীলৈ যায়। বাপ্পী দাৰ সৈতে মিলি তেওঁ সংগীত জগতত বহুতো হিট গান আগবঢ়াইছিল। কেৱল এয়াই নহয়, এলিছাই অনু মালিকৰ সৈতেও বহু হিট গান আগবঢ়াইছিল।
 
আনকি অনু মালিকৰ সৈতে টিভিত ‘ইণ্ডিয়ান আইডল ৩’ আৰু ‘ষ্টাৰ য়া ৰকষ্টাৰ’ৰ দৰে ৰিয়েলিটি শ্ব’তো এলিছা চিনয় বিচাৰক হৈছিল। হঠাতে এদিন এলিছাই অনু মালিকক লৈ এটা চাঞ্চল্যকৰ বক্তব্য দিলে। এটা সাক্ষাৎকাৰত এলিছাই অনু মালিকে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছিল। অনু মালিকক তেওঁ ‘নৰপিশাচ’ বুলি অভিহিত কৰিছিল। কিন্তু অনু মালিকে এলিছাৰ এইবোৰ কথাত বিশেষ গুৰুত্ব নিদিলে আৰু বিষয়টোও সিমানতে তল পৰে।
 ১৯৮৬ চনত এলিছা চিনয়ে তেওঁৰ মেনেজাৰ ৰাজেশ ঝাবেৰীক বিয়া কৰাইছিল। ৮ বছৰ ধৰি তেওঁলোকৰ বৈবাহিক সম্পৰ্কটো ভালদৰে চলিছিল পাছলৈ সম্পৰ্কত ঘূণে ধৰাত ৰাজেশ আৰু এলিছাই ১৯৯৪ চনত পৃথক হোৱাৰ সিদ্ধান্ত লয়। এলিছা চিনয়ৰ পেছাদাৰী জীৱনটো ভালদৰে চলি থকাৰ সময়তে তেওঁৰ পিতৃ কৰ্কট ৰোগত আক্ৰান্ত হয়। দেউতাকৰ বৰ ঘনিষ্ঠ আছিল এলিছা। সেইবাবেই তেওঁ সকলো বাদ দি কেৱল দেউতাকৰ পৰিচৰ্যাত মনোনিৱেশ কৰিলে। বহু বছৰৰ পাছত তেওঁ 'চমকেগা ইণ্ডিয়া' গীতেৰে সংগীত জগতত পুনৰ প্ৰত্যাৱৰ্তন ঘটাইছে। এলিছাৰ নতুন গীতটি মুক্তি পাইছে ‘Zee Music Company’ৰ অফিচিয়েল ইউটিউব চেনেলত। এলিছা চিনয়ৰ এই নতুন আৰম্ভণিয়ে তেওঁক ক’লৈ লৈ যায় সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক