--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ১৯ জুন। আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ জন্মদিন। ৰাহুল গান্ধীয়ে আজি ভৰি দিলে ৫২ বছৰত। ১৯৭০ চনৰ ১৯ জুনত ৰাজীৱ গান্ধীৰ ঔৰষত আৰু ছোনিয়া গান্ধীৰ গৰ্ভত নতুন দিল্লীত জন্মগ্ৰহণ কৰিছিল ৰাহুল গান্ধীয়ে। অগ্নিপথৰ অগ্নিত দেশ দগ্ধ হোৱাৰ বাবে ৰাহুল গান্ধীয়ে আজি জন্মদিন পালন নকৰাৰ সিদ্ধান্ত লয়। জন্মদিনত ৰাহুল গান্ধীৰ ওপৰত এক আলোকপাত কৰো আহক। 

কংগ্ৰেছত নেহৰু-গান্ধী পৰিয়ালৰ চতুৰ্থ প্ৰজন্মৰ সদস্য ৰাহুল গান্ধী  জৱাহাৰলাল নেহৰু, ইন্দিৰা বা ৰাজীৱ গান্ধীৰ দৰে প্ৰভাৱশালী নহয় যদিও প্ৰতিসময়তে তেওঁৰ পৰাও আশা কৰে জনতাই। ৰাহুলৰ শৈশৱ দিল্লী আৰু ডেৰাডুনৰ মাজত অতিবাহিত হৈছিল আৰু ইয়াৰ বাবেই তেওঁ প্ৰাৰম্ভিক জীৱনত ৰাজহুৱা জীৱনৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। যেতিয়া তেওঁৰ জন্ম হৈছিল সেইসময়ত আইতাক ইন্দিৰা গান্ধী আছিল দেশৰ প্ৰধানমন্ত্ৰী। ১৯৮১ চনৰ পৰা ১৯৮৩ চনৰ ভিতৰত তেওঁ উত্তৰাখণ্ডৰ ডেৰাডুনৰ ডুন স্কুলত অধ্যয়ন কৰিছিল, য'ত তেওঁৰ পিতৃয়েও শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ হত্যাৰ পিছতেই প্ৰথমবাৰৰ বাবে শিক্ষাগ্ৰহণত বাধাৰ সন্মুখীন হ'বলগীয়া হৈছিল ৰাহুল। নিৰাপত্তাৰ স্বাৰ্থত ৰাহুল আৰু তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধীয়ে ১৯৮৯ চনলৈকে ঘৰতেই শিক্ষাগ্ৰহণ কৰিব লগা হৈছিল। 

১৯৮৯ চনত, স্নাতক শিক্ষাৰ বাবে খেল সংৰক্ষিত আসনৰ জৰিয়তে ৰাহুলে দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজত নাম ভৰ্তি কৰে। ইয়াৰ পিছত ১৯৯০ চনত ৰাহুলে অৰ্থনীতিত অধ্যয়নৰ বাবে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত যোগদান কৰে। কিন্তু ১৯৯১ চনত তেওঁৰ দেউতাক ৰাজীৱ গান্ধীক সন্ত্ৰাসবাদীয়ে হত্যা কৰে, যাৰ পিছত নিৰাপত্তাজনিত কাৰণত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ ৰোলিন্স কলেজলৈ যাবলগীয়া হয়, য'ত তেওঁ ১৯৯৪ চনত বিএ ডিগ্ৰী লাভ কৰে। ১৯৯৫ চনত ৰাহুলে কেমব্ৰিজৰ ট্ৰিনিটি কলেজত ডেভেলপমেণ্ট ষ্টাডিজত যোগদান কৰে। পৰিয়ালৰ সুৰক্ষাৰ প্ৰতি অহা ভিন্ন ভাবুকিয়ে ইয়াতো ৰাহুলৰ পিছ এৰা নাছিল। সেইবাবে তেওঁ নাম সলনি কৰি চু ৰাহুল ভিঞ্চি বুলি লিখিছিল নিজৰ নাম। পিতৃ ৰাজীৱ গান্ধী আৰু আজো ককাক জৱাহৰলাল নেহৰুৱেও একেখন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। স্নাতক শিক্ষা গ্ৰহণৰ পিছত ৰাহুলে মাইকেল পোৰ্টাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এটা মনিটৰ গোট নামৰ এটা পৰামৰ্শদাতা ফাৰ্মৰ সৈতে লণ্ডনত তিনি বছৰ কাম কৰিছিল। ২০০২ চনত তেওঁ মুম্বাইস্থিত প্ৰযুক্তি-আধাৰিত আউটচৰ্চিং কোম্পানী বাইকপচ চাৰ্ভিচেছ প্ৰাইভেট লিমিটেডৰ এজন সঞ্চালক হয়। শেষত ২০০৪ চনত ৰাহুলে ৰাজনীতিত প্ৰৱেশ কৰে, য'ত প্ৰতিমুহূৰ্ততে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক লৈ ভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছিল। 

২০০৪ চনৰ মে' মাহত তেওঁ উত্তৰ প্ৰদেশৰ পিতৃৰ সংসদীয় আসন আমেঠিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে আৰু লোকসভাৰ সদস্য হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰে। ৰাহুল গান্ধীক কংগ্ৰেছৰ যুৱৰাজ নামেৰেও জনা যায়। কংগ্ৰেছৰ ৰাজনৈতিক বিৰোধীয়ে ৰাহুল গান্ধীক 'পাৰ্টটাইম পলিটিচিয়ান' বুলি অভিহিত কৰি আহিছে। সামাজিক প্ৰেক্ষাপটত ৰাহুল গান্ধী যথেষ্ট ঠাট্টা-মস্কৰাৰো সন্মুখীন হৈ আহিছে। তেওঁক জনসাধাৰণে ঠাট্টা কৰি 'পাপ্পু' বুলি মাতে। বহুতে মূৰ্খ বুলিও কয়। বিৰোধীসকলেও ৰাজহুৱা মঞ্চতে ৰাহুল গান্ধীক যথেষ্ট ঠাট্টা কৰি কথা কোৱা দেখা যায়। ৰাহুল গান্ধী এইখিনিতে ব্যতিক্ৰম। ৰাহুল গান্ধীয়ে তেওঁক কৰা ঠাট্টাৰ উত্তৰ কেতিয়াও ঠাট্টা কৰি নিদিয়ে। তেওঁ সদায় বাক সংযম ৰক্ষা কৰি চলে। ক্ষমতাৰ মাজতে জন্মগ্ৰহণ কৰা ৰাহুল গান্ধীয়ে ক্ষমতাৰ মাজতে ডাঙৰ-দীঘলো হৈছে। ক্ষমতাক লৈ কোনোদিন লোভ নাই বুলি কয় ৰাহুল গান্ধীয়ে। 

তেওঁ কয় যে ''মিঠাইৰ দোকানীৰ যিদৰে মিঠাইৰ প্ৰতি কোনোধৰণৰ লোভ নাথাকে, ঠিক তেনেদৰে মোৰো ক্ষমতাৰ প্ৰতি কোনো লোভ নাই। মোক বহুতেই পাপ্পু বুলি মাতে তাত মোৰ ক'বলগীয়া একো নাই। মোৰ ক'বলগীয়া এটাই কথা যে মই নিজৰ দেশৰ প্ৰতি গভীৰ প্ৰেমত পৰিছো। এই দেশে মোক বহুত মৰম দিছে আৰু কেতিয়াবা জোতাৰে মৰাৰ দৰেও অপমান দিছে। কেতিয়াবা মই ভাবো যে মোৰ লগত কিয় এনেকুৱা হৈছে। তেতিয়া মই এটাই উত্তৰ পাওঁ যে দেশে মোক শিকাব বিচাৰে। দেশে মোক কয় শিকিবা..বুজিবা..যদিও ইয়াত কষ্ট আছে, তথাপিও একো নাই শিকিবা, বুজিবা আৰু আগুৱাই যাবা।'' ৰাহুল গান্ধীৰ সমৰ্থক হওক বা বিৰোধী হওক ৰাহুল গান্ধীৰ পৰা ৰাজনৈতিক পাঠ একো নিশিকিলেও অন্তত তেওঁৰ পৰা বাক সংযম ৰক্ষা কৰি,কটুক্তি নকৰি কেনেদৰে ৰাজনীতি কৰিব পাৰি সেই কথা নিশ্চয় শিকিব পাৰি। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement