--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ঘূৰি আহিব নে কংগ্ৰেছলৈ সু-দিনৰ? হয়তো এই প্ৰশ্নটো এতিয়া অলীক কল্পনাৰ দৰে৷ কিয়নো কংগ্ৰেছৰ সাংগঠানিক ভিত্তি বৰ্তমান খুবেই দুৰ্বল৷ বিশেষকৈ বংশবাদ বা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে দলটোক বেয়াকৈ ক্ষতি কৰিছে৷ অপ্ৰিয় হ’লেও এয়াই সত্য যে, কংগ্ৰেছত দলে কেৱল তেওঁলোকৰ উত্তৰসূৰী ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখে৷ এইক্ষেত্ৰত দলটোৰ পৰা বংশবাদৰ উদাহৰণ যথেষ্ট ওলাব৷


কংগ্ৰেছ দলটোৰ হাইকামণ্ডে আচলতে কোনো নতুন মুখৰ প্ৰতিনিধিক একেবাৰে বিশ্বাসত ল’ব নোৱাৰে, এই কথা এতিয়া সঁচা ৰূপত প্ৰতিফলিত হৈছে৷ উল্লেখ্য যে, কংগ্ৰেছৰ ভূপেন বৰা লোকসভা আৰু বিধান সভা নিৰ্বাচনত লখিমপুৰৰ পৰা দুবাৰকৈ হৰা পাছতো দলটোবে পুনৰ টিকট দিলে, তদুপৰি গহপুৰৰ পৰা ৰিপুন বৰা হৰা পাছতো দলটোৱে তেওঁক সদায়েই উচ্চ আসনত ৰখাৰ যুক্তি ক’ত?


কিন্তু শাসনাধীষ্ঠ বিৰোধী দল এইক্ষেত্ৰত ব্যতিক্ৰম৷ দলটোৰ সাংগঠানিক ভিত্তি ইমানেই শক্তিশালী যে, দলটোৱে কোনো বংশবাদক গুৰুত্ব দিয়াৰ উদাহৰণ হয়তো নাই৷ বিজেপিৰ সাংগঠানিক ভিত্তি খুবেই শক্তিশালী বুলি সকলোৱে জানে৷ উল্লেখ্য যে, ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপি দলটোৱে ৬জন সাংসদক টিকট লাভৰ পৰা বঞ্চিত কৰিছিল, সেইসকলৰ ভিতৰত বিজয়া চক্ৰৱৰ্তী, ৰমেন ডেকা অন্যতম৷ আচলতে দলটোৱে নিজৰ স্থিতি অটুত ৰাখিবলৈ কোনো ক্ষেত্ৰতে আপোচ নকৰে৷


বিজেপি দলৰ তৃণমূল পৰ্যায়ৰ সংস্থাসমূহেও গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে, এইক্ষেত্ৰত বিজেপিৰ বুথ সমিতি, আৰএছএছৰ প্ৰদক্ষেপ উল্লেখনীয়৷ ঠিক সেইদৰে কংগ্ৰেছ দলৰো তৃণমূল পৰ্যায়ত ভালেমান দল আছিল, এইক্ষেত্ৰত সেৱা দলৰ নাম উল্লেখনীয়৷ কিন্তু আজিৰ তাৰিখত সেই দলসমূহৰ স্থিতি কি সকলোৱে জানে৷


কংগ্ৰেছ দলৰ হাইকমাণ্ডে কেৱল এজন প্ৰাৰ্থীক নিৰ্দিষ্ট এটা সমষ্টিৰ পৰা উলিয়াই দিয়াতে তেওঁলোকৰ দায়িত্ব শেষ, প্ৰাৰ্থীজনৰ ওপৰতে সমস্ত কথাখিনি নিৰ্ভৰ কৰে তেওঁ কিন্তু এই ক্ষেত্ৰত বিজেপি দল ব্যতিক্ৰম৷ তেওঁলোকে বাছনি কৰা প্ৰতিনিধিজনক বাছনি কৰাৰ পৰা প্ৰতিনিধিজনক নিৰ্বাচিত সমষ্টিৰ পৰা জিকাই অনালৈকে দায়িত্ব লয়৷ এইক্ষেত্ৰত তেওঁলোকৰ নেতাসকলে ভাগ লয় ডাঙৰ ডাঙৰ নিৰ্বাচনী প্ৰচাৰত৷


উল্লেখ্য যে, বিজেপিক শাসনৰ গাদীৰ পৰা ওফৰোৱাৰ ৰণকৌশল প্ৰস্তুত কৰিছে কংগ্ৰেছে৷ এনে ৰণকৌশলৰ অংশস্বৰূপেই ২০২২ৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত নবীনক প্ৰাধন্য দিব কংগ্ৰেছ দলটোৱে৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ‘আকৌ নতুন প্ৰভাত হ’ব’ শীৰ্ষক বিশেষ প্ৰশিক্ষণ শিবিৰত এই মন্তব্য কৰে কংগ্ৰেছৰ কমিটীৰ সাধাৰণ সম্পাদক কে.চি. বেণুগোপালে৷ এতিয়া এইটো লক্ষ্যণীয়া হ’ব যে, কংগ্ৰেছ দলৰ আগন্তুক সময়ত সঁচাকৈয়ে নতুন প্ৰভাত হ’বনে?


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু