--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ঘূৰি আহিব নে কংগ্ৰেছলৈ সু-দিনৰ? হয়তো এই প্ৰশ্নটো এতিয়া অলীক কল্পনাৰ দৰে৷ কিয়নো কংগ্ৰেছৰ সাংগঠানিক ভিত্তি বৰ্তমান খুবেই দুৰ্বল৷ বিশেষকৈ বংশবাদ বা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে দলটোক বেয়াকৈ ক্ষতি কৰিছে৷ অপ্ৰিয় হ’লেও এয়াই সত্য যে, কংগ্ৰেছত দলে কেৱল তেওঁলোকৰ উত্তৰসূৰী ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখে৷ এইক্ষেত্ৰত দলটোৰ পৰা বংশবাদৰ উদাহৰণ যথেষ্ট ওলাব৷


কংগ্ৰেছ দলটোৰ হাইকামণ্ডে আচলতে কোনো নতুন মুখৰ প্ৰতিনিধিক একেবাৰে বিশ্বাসত ল’ব নোৱাৰে, এই কথা এতিয়া সঁচা ৰূপত প্ৰতিফলিত হৈছে৷ উল্লেখ্য যে, কংগ্ৰেছৰ ভূপেন বৰা লোকসভা আৰু বিধান সভা নিৰ্বাচনত লখিমপুৰৰ পৰা দুবাৰকৈ হৰা পাছতো দলটোবে পুনৰ টিকট দিলে, তদুপৰি গহপুৰৰ পৰা ৰিপুন বৰা হৰা পাছতো দলটোৱে তেওঁক সদায়েই উচ্চ আসনত ৰখাৰ যুক্তি ক’ত?


কিন্তু শাসনাধীষ্ঠ বিৰোধী দল এইক্ষেত্ৰত ব্যতিক্ৰম৷ দলটোৰ সাংগঠানিক ভিত্তি ইমানেই শক্তিশালী যে, দলটোৱে কোনো বংশবাদক গুৰুত্ব দিয়াৰ উদাহৰণ হয়তো নাই৷ বিজেপিৰ সাংগঠানিক ভিত্তি খুবেই শক্তিশালী বুলি সকলোৱে জানে৷ উল্লেখ্য যে, ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপি দলটোৱে ৬জন সাংসদক টিকট লাভৰ পৰা বঞ্চিত কৰিছিল, সেইসকলৰ ভিতৰত বিজয়া চক্ৰৱৰ্তী, ৰমেন ডেকা অন্যতম৷ আচলতে দলটোৱে নিজৰ স্থিতি অটুত ৰাখিবলৈ কোনো ক্ষেত্ৰতে আপোচ নকৰে৷


বিজেপি দলৰ তৃণমূল পৰ্যায়ৰ সংস্থাসমূহেও গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে, এইক্ষেত্ৰত বিজেপিৰ বুথ সমিতি, আৰএছএছৰ প্ৰদক্ষেপ উল্লেখনীয়৷ ঠিক সেইদৰে কংগ্ৰেছ দলৰো তৃণমূল পৰ্যায়ত ভালেমান দল আছিল, এইক্ষেত্ৰত সেৱা দলৰ নাম উল্লেখনীয়৷ কিন্তু আজিৰ তাৰিখত সেই দলসমূহৰ স্থিতি কি সকলোৱে জানে৷


কংগ্ৰেছ দলৰ হাইকমাণ্ডে কেৱল এজন প্ৰাৰ্থীক নিৰ্দিষ্ট এটা সমষ্টিৰ পৰা উলিয়াই দিয়াতে তেওঁলোকৰ দায়িত্ব শেষ, প্ৰাৰ্থীজনৰ ওপৰতে সমস্ত কথাখিনি নিৰ্ভৰ কৰে তেওঁ কিন্তু এই ক্ষেত্ৰত বিজেপি দল ব্যতিক্ৰম৷ তেওঁলোকে বাছনি কৰা প্ৰতিনিধিজনক বাছনি কৰাৰ পৰা প্ৰতিনিধিজনক নিৰ্বাচিত সমষ্টিৰ পৰা জিকাই অনালৈকে দায়িত্ব লয়৷ এইক্ষেত্ৰত তেওঁলোকৰ নেতাসকলে ভাগ লয় ডাঙৰ ডাঙৰ নিৰ্বাচনী প্ৰচাৰত৷


উল্লেখ্য যে, বিজেপিক শাসনৰ গাদীৰ পৰা ওফৰোৱাৰ ৰণকৌশল প্ৰস্তুত কৰিছে কংগ্ৰেছে৷ এনে ৰণকৌশলৰ অংশস্বৰূপেই ২০২২ৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত নবীনক প্ৰাধন্য দিব কংগ্ৰেছ দলটোৱে৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ‘আকৌ নতুন প্ৰভাত হ’ব’ শীৰ্ষক বিশেষ প্ৰশিক্ষণ শিবিৰত এই মন্তব্য কৰে কংগ্ৰেছৰ কমিটীৰ সাধাৰণ সম্পাদক কে.চি. বেণুগোপালে৷ এতিয়া এইটো লক্ষ্যণীয়া হ’ব যে, কংগ্ৰেছ দলৰ আগন্তুক সময়ত সঁচাকৈয়ে নতুন প্ৰভাত হ’বনে?


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ