--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘দেশৰ সংবাদ মাধ্যমৰ পৰা সদ্যহতে অনুসন্ধানমূলক সাংবাদিকতাই বিদায় লৈছে!’- এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ৷ এখন গ্ৰন্থ উন্মোচনী সভাত অংশ লৈ মুখ্য ন্যায়াধীশগৰাকীয়ে দেশৰ সাংবাদিকতাৰ ধাৰা সলনি হোৱাৰ বাবে আক্ষেপ প্ৰকাশ কৰে৷ তেওঁ কয় যে, অনুসন্ধানমূলক সাংবাদিকতাক এতিয়া আৰু ভাৰতত প্ৰত্যক্ষ কৰিব নোৱাৰি৷

ভাৰতীয় সংবাদ মাধ্যমৰ পৰা অনুসন্ধানমূলক সাংবাদিকতা লাহে লাহে নোহোৱা হ’বলৈ ধৰিছে৷ অনুষ্ঠানটোত ভাষণ প্ৰসংগত ৰামানাই আৰু কয় যে, আমি যেতিয়া ডাঙৰ-দীঘল হৈছিলোঁ, সেই সময়ত আমি সদায় সংবাদ-পত্ৰৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিলোঁ৷ এসময়ত দেশৰ বৃহৎ কেলেংকাৰিবোৰৰ তথ্য ফাদিল কৰিছিল সংবাদ মাধ্যমে৷ সেই সময়ৰ সংবাদ-পত্ৰৰ প্ৰতিবেদনে সমাজত প্ৰভাৱ পেলাইছিল৷ এতিয়া তেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব পৰা সংবাদ-পত্ৰৰ প্ৰতিবেদন মই মনত পেলাব পৰা নাই৷ সংবাদ মাধ্যমৰ সংবাদ পৰিৱেশনৰ ধাৰাত আক্ষেপ প্ৰকাশ কৰি ৰামানাই দেশৰ জনসাধাৰণক সজাগ কৰিবলৈ সংবাদ মাধ্যমে দায়িত্ব গ্ৰহণ কৰিব লাগিব বুলি উল্লেখ কৰে৷ ব্যক্তি আৰু প্ৰতিষ্ঠানৰ সমষ্টিগত ব্যৰ্থতাক সংবাদ মাধ্যমেই উন্মোচন কৰিব লাগিব বুলি মুখ্য ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে৷

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ এনে মন্তব্যই এতিয়া স্বাভাৱিকতে উদ্বেগৰ সৃষ্টি কৰিছে৷ কিয়নো, ভাৰতৰ মূলসুঁতিৰ সংবাদ মাধ্যমে সাংবাদিকতাৰ প্ৰাথমিক চৰিত্ৰক বিসৰ্জন দি ব্যক্তিস্বাৰ্থক গুৰুত্ব দিয়াৰ অভিযোগ চলি থকাৰ সময়তে স্বয়ং উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ মন্তব্য তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে৷


এতিয়া প্ৰশ্ন হৈছে সংবাদ মাধ্যমত এনে পৰিস্থিতি কিয় হৈছে? ইয়াৰ বাবে দায়ী কোন? সাংবাদিকতাৰ মূল উদ্দেশ্যই হ’ল অনুসন্ধানৰ মাজেৰে অনাৱিষ্কৃত সত্য আৱিষ্কাৰ৷ সমাজৰ সত্যবোৰ আৱিষ্কাৰত ব্যৰ্থ হ’লে সাংবাদিকতাৰ প্ৰকৃত ধৰ্ম আৰু পৱিত্ৰতা হেৰাই যাব৷ শেহতীয়াকৈ ভাৰতত দেখা গৈছে যে, সংবাদ মাধ্যমৰ ঐতিহ্য আৰু নিৰপেক্ষতাত প্ৰচণ্ড আঘাত পৰিছে৷ ভাৰতত গণতন্ত্ৰৰ ‘চতুৰ্থ স্তম্ভ’ বুলি গণ্য কৰা হয় সংবাদ মাধ্যমক৷ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনতে এতিয়া সংবাদ মাধ্যমে হেৰুৱাইছে মৌলিক চৰিত্ৰ৷ ৰাজনৈতিক হস্তক্ষেপ আৰু ব্যক্তিস্বাৰ্থৰ অগ্ৰাধিকাৰে সংবাদজগতত সানিছে কলুষ-কালিমা৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ এনে মন্তব্যই দেশৰ সংবাদ জগত যে পথচ্যুত হৈছে, তাৰেই ইংগিত বহন কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ