--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘দেশৰ সংবাদ মাধ্যমৰ পৰা সদ্যহতে অনুসন্ধানমূলক সাংবাদিকতাই বিদায় লৈছে!’- এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ৷ এখন গ্ৰন্থ উন্মোচনী সভাত অংশ লৈ মুখ্য ন্যায়াধীশগৰাকীয়ে দেশৰ সাংবাদিকতাৰ ধাৰা সলনি হোৱাৰ বাবে আক্ষেপ প্ৰকাশ কৰে৷ তেওঁ কয় যে, অনুসন্ধানমূলক সাংবাদিকতাক এতিয়া আৰু ভাৰতত প্ৰত্যক্ষ কৰিব নোৱাৰি৷

ভাৰতীয় সংবাদ মাধ্যমৰ পৰা অনুসন্ধানমূলক সাংবাদিকতা লাহে লাহে নোহোৱা হ’বলৈ ধৰিছে৷ অনুষ্ঠানটোত ভাষণ প্ৰসংগত ৰামানাই আৰু কয় যে, আমি যেতিয়া ডাঙৰ-দীঘল হৈছিলোঁ, সেই সময়ত আমি সদায় সংবাদ-পত্ৰৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিলোঁ৷ এসময়ত দেশৰ বৃহৎ কেলেংকাৰিবোৰৰ তথ্য ফাদিল কৰিছিল সংবাদ মাধ্যমে৷ সেই সময়ৰ সংবাদ-পত্ৰৰ প্ৰতিবেদনে সমাজত প্ৰভাৱ পেলাইছিল৷ এতিয়া তেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব পৰা সংবাদ-পত্ৰৰ প্ৰতিবেদন মই মনত পেলাব পৰা নাই৷ সংবাদ মাধ্যমৰ সংবাদ পৰিৱেশনৰ ধাৰাত আক্ষেপ প্ৰকাশ কৰি ৰামানাই দেশৰ জনসাধাৰণক সজাগ কৰিবলৈ সংবাদ মাধ্যমে দায়িত্ব গ্ৰহণ কৰিব লাগিব বুলি উল্লেখ কৰে৷ ব্যক্তি আৰু প্ৰতিষ্ঠানৰ সমষ্টিগত ব্যৰ্থতাক সংবাদ মাধ্যমেই উন্মোচন কৰিব লাগিব বুলি মুখ্য ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে৷

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ এনে মন্তব্যই এতিয়া স্বাভাৱিকতে উদ্বেগৰ সৃষ্টি কৰিছে৷ কিয়নো, ভাৰতৰ মূলসুঁতিৰ সংবাদ মাধ্যমে সাংবাদিকতাৰ প্ৰাথমিক চৰিত্ৰক বিসৰ্জন দি ব্যক্তিস্বাৰ্থক গুৰুত্ব দিয়াৰ অভিযোগ চলি থকাৰ সময়তে স্বয়ং উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ মন্তব্য তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে৷


এতিয়া প্ৰশ্ন হৈছে সংবাদ মাধ্যমত এনে পৰিস্থিতি কিয় হৈছে? ইয়াৰ বাবে দায়ী কোন? সাংবাদিকতাৰ মূল উদ্দেশ্যই হ’ল অনুসন্ধানৰ মাজেৰে অনাৱিষ্কৃত সত্য আৱিষ্কাৰ৷ সমাজৰ সত্যবোৰ আৱিষ্কাৰত ব্যৰ্থ হ’লে সাংবাদিকতাৰ প্ৰকৃত ধৰ্ম আৰু পৱিত্ৰতা হেৰাই যাব৷ শেহতীয়াকৈ ভাৰতত দেখা গৈছে যে, সংবাদ মাধ্যমৰ ঐতিহ্য আৰু নিৰপেক্ষতাত প্ৰচণ্ড আঘাত পৰিছে৷ ভাৰতত গণতন্ত্ৰৰ ‘চতুৰ্থ স্তম্ভ’ বুলি গণ্য কৰা হয় সংবাদ মাধ্যমক৷ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনতে এতিয়া সংবাদ মাধ্যমে হেৰুৱাইছে মৌলিক চৰিত্ৰ৷ ৰাজনৈতিক হস্তক্ষেপ আৰু ব্যক্তিস্বাৰ্থৰ অগ্ৰাধিকাৰে সংবাদজগতত সানিছে কলুষ-কালিমা৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ এনে মন্তব্যই দেশৰ সংবাদ জগত যে পথচ্যুত হৈছে, তাৰেই ইংগিত বহন কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু