--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অসমত কেবিনেটৰ নামত চলিছে কি? সলনি হৈছে ইটোৰ পাছত সিটো সিদ্ধান্ত৷ পূৰ্বৰ কেবিনেটৰ সিদ্ধান্ত সলনি হয় মুখ্যমন্ত্ৰীৰ মুখৰ কথাত৷ তেনে বহু কেবিনেট সিদ্ধান্ত লোৱা হ’ল৷ কাৰ্যক্ষেত্ৰত সেয়া কাৰ্যকৰী হোৱাৰ উদাহৰণহে বহু কম৷ তাৰ মাজতে কালি অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেটৰ কেইটিমান সিদ্ধান্তই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷


কালিৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি, এতিয়াৰে পৰা বিদ্যালয়সমূহত অস্থায়ীভাৱে খালী হোৱা পদৰ বিপৰীতে অৱসৰপ্ৰাপ্ত যোগ্য ব্যক্তিক বিদ্যালয় কৰ্তৃপক্ষই অস্থায়ীভাৱে নিযুক্তি দিব পাৰিব। অৰ্থাৎ, অৱসৰপ্ৰাপ্ত শিক্ষকে পুনৰ নিযুক্ত হ’ব পাৰিব চাকৰিত৷ আকৌ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সংস্থা বা স্বেচ্ছাসেৱী সংগঠনেও অস্থায়ী পদৰ বিপৰীতে অস্থায়ী ৰূপত শিক্ষক নিয়োগ কৰিব পাৰিব। বিদ্যালয়ৰ সৈতে জড়িত সাংসদ-বিধায়ককো সেই নিযুক্তি দিব পৰাৰ ক্ষমতা অৰ্পণ কৰা হৈছে৷ ইয়াৰ লগে লগে বিদ্যালয়ত ৰাজনৈতিক নিযুক্তিৰ এটা বাট প্ৰশস্ত হ’ল বুলি বহুজনে মন্তব্য কৰিছে৷ যিসময়ত ৰাজ্যত টেট উত্তীৰ্ণ হৈ বহুতে নিযুক্তিৰ বাট চাই আছে, সেই সময়তে কেবিনটেৰ এনে সিদ্ধান্তৰ পাছত এতিয়া প্ৰশ্ন হৈছে নতুন নিযুক্তিৰ পথ বন্ধ কৰিব বিচাৰিছে নেকি অসম চৰকাৰে? অসম চৰকাৰে বিদ্যালয়ত নতুন নিযুক্তিৰ সলনি পুনৰ অৱসৰপ্ৰাপ্ত শিক্ষককে ওভতাই আনিব বিচৰাৰ কথাটোৱে সৃষ্টি কৰিছে অন্তহীন ৰহস্যৰ৷

একেদৰে, আন এটি সিদ্ধান্তই চৰকাৰৰ স্ববিৰোধী স্থিতিক উদঙাই দিছে৷ বিগত ১৩আগষ্টত অসমত প্ৰযোজ্য হোৱাকৈ অসম বিধানসভাত গো-সুৰক্ষা বিধেয়কখন গৃহীত হয়৷ সেই সময়ত গো-সুৰক্ষা আইনখনক কেন্দ্ৰ কৰি বিজেপি দল আৰু চৰকাৰ উৎসাহত ফাটি পৰিছিল৷ আনকি, বিধেয়কখন গৃহীত হোৱাতো অসমৰ ৰাজনীতিৰ এক বলিষ্ঠ পদক্ষেপ বুলি বিজেপিয়ে দাবী কৰিছিল৷ তাৰ লগে লগে ৰাজ্যত উঠিছিল প্ৰতিবাদৰ জোৱাৰ৷ একমাত্ৰ ভোটৰ স্বাৰ্থতে বিধেয়কখন অনা বুলি অভিযোগ কৰিছিল বিৰোধী দল-সংগঠনে৷ সেই বিধেয়কৰ মতে, গো-সৰবৰাহত আৰোপ হৈছিল নিষেধাজ্ঞা৷ যাৰ ফলত সংশয়ত ভুগিছিল স্থানীয় গো-পালকসকল৷ পিছে, এই কথা-বতৰাবোৰ চাৰি মাহতে অতীত হ’ল৷ কালি অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হ’ল যে, বিতৰ্কিত গো-সুৰক্ষা আইনখন সংশোধন কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে৷ কালিৰ কেবিনেটে সেইমৰ্মে যাৱতীয় অনুমোদন জনোৱা হয়৷ প্ৰস্তাৱিত সংশোধনী অনুসৰি, জিলাসমূহত গো-সৰবৰাহৰ পূৰ্বৰ নিষেধাজ্ঞা শিথিল কৰা হ’ব৷ অৰ্থাৎ, পুনৰ গৰু চিণ্ডিকেটৰ ক’লা বজাৰখনক চৰকাৰে নিয়ন্ত্ৰণ কৰিব খোজা বুলি চৰ্চিত হৈছে৷ এতিয়া শিথিল হোৱাৰ পাছৰে পৰা বিভাগীয় নথি-পত্ৰৰে পুনৰ গো-সৰবৰাহৰ এখন বজাৰ চৰকাৰৰ হাতলৈ যোৱাতো নিশ্চিত হৈছে৷

একেদৰে কালিৰ কেবিনেটৰ অন্য এটি সিদ্ধান্তই চকু কপালত তুলিছে ৰাজ্যবাসীৰ৷ নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই এক লাখ নিযুক্তিৰ প্ৰসংগৰে যুৱ-ভোটাৰক আকৰ্ষণ কৰিছিল৷ পাছত চৰকাৰ গঠন কৰিও তেওঁ এক লাখ নিযুক্তিৰ প্ৰসংগটো কেইবাবাৰো উত্থাপন কৰিছিল৷ আনকি, নিৰ্বাচনী ভাষণত শৰ্মাই প্ৰথম বছৰত এক লাখ আৰু পাছৰ চাৰি বছৰত বছৰি পাঁচ লাখকৈ নিবনুৱাক নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰিছিল৷ এক লাখ নিযুক্তিৰ বিষয়টোক লৈ চৰকাৰ আৰু বিজেপি দলে যথেষ্ট প্ৰচাৰ আৰু জনসাধাৰণৰ মন জয় কৰাৰ চেষ্টা কৰিছিল৷ পিছে, এতিয়া এক লাখ নিযুক্তিৰ প্ৰসংগত বিজেপি দল আৰু চৰকাৰৰ আগৰ শক্তিশালী স্থিতি নাই৷ কালিৰ কেবিনেটৰ পাছত অনুষ্ঠিত সংবাদমেলত এতিয়া ৰাজ্যত একেলগে এক লাখ নিযুক্তি দিব পৰা নাযাব বুলি মন্ত্ৰীয়ে ঘোষণা কৰিছে৷ এনেকৈ কাৰ্যক্ষেত্ৰত বাস্তৱিক একো সিদ্ধান্ত ন’লৈ কেবিনেট পাতি চৰকাৰে একেখিনি কথাকে বাৰে বাৰে কৈ থকা বাবে হতাশ হৈ পৰিছে অসমৰ নিবনুৱাসকল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement