--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুস্থ হিম’গ্লবিন বজাই ৰখাটো শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। কাৰণ ই শৰীৰৰ প্ৰতিটো অংগলৈ জীয়াই থকাৰ বাবে অপৰিহাৰ্য অক্সিজেন যোগান ধৰে। একে সময়তে যদি তেজত হিম’গ্লবিনৰ অভাৱ হয়, তেন্তে ই প্ৰত্যক্ষভাৱে অক্সিজেনৰ যোগানত প্ৰভাৱ পেলায় আৰু শৰীৰত অক্সিজেনৰ অভাৱ হয়। যাৰ বাবে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। হিম’গ্লবিন সঠিক পৰিমাণত ৰাখিব লাগে। হিম’গ্লবিনৰ অভাৱ দূৰ কৰিবলৈ কি কৰিব লাগে?

হিম'গ্লবিন বৃদ্ধিৰ উপায়-

১) আয়ৰণঃ যদি আপোনাৰ শৰীৰত হিম’গ্লবিন কম থাকে তেন্তে খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগে। এনে পৰিস্থিতিত যদি হিম’গ্লবিনৰ অভাৱ হয়, তেন্তে আইৰণযুক্ত খাদ্য গ্ৰহণ কৰা উচিত। কাৰণ আইৰণে আপোনাৰ শৰীৰত থকা হিম’গ্লবিনৰ অভাৱ দূৰ কৰাৰ কাম কৰে।ইয়াৰ বাবে ফুলকবি, কল, পালেং ইত্যাদি সেৱন কৰিব লাগে।

২) খাদ্যত ফোলেট যোগ কৰকঃ ফোলেট হ’ল ভিটামিন বি।যেতিয়া আপোনাৰ শৰীৰত ফ’লেট নাথাকে তেতিয়া হিম’গ্লবিন কোষৰ ওপৰত প্ৰভাৱ পৰে। গতিকে খাদ্য তালিকাত নিশ্চয়কৈ ফ’লেট অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ বাবে আপুনি খাদ্য তালিকাত সেউজীয়া পটল, মচুৰ দাইল, ৰাজমাহ আদি বস্তু সেৱন কৰিব লাগে।

৩) ভিটামিন এ-৫ যুক্ত বস্তু খাওকঃ ভিটামিন এয়েও আইৰণ বৃদ্ধিৰ কাম কৰে। গতিকে ভিটামিন এ সমৃদ্ধ বস্তু সেৱন কৰিব লাগে।ইয়াৰ বাবে আপুনি মাছ সেৱন কৰিব পাৰে, কাৰণ আপুনি মাছৰ দ্বাৰা ভিটামিন এৰ অভাৱ পূৰণ কৰিব পাৰে। ইয়াৰ বাহিৰেও আপুনি খাদ্য তালিকাত গাজৰ আৰু মিঠা আলু অন্তৰ্ভুক্ত কৰক।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক