--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কোৱা হয় যে কাৰ ভাগ্য কেতিয়া সলনি হ’ব কোনেও ক’ব নোৱাৰে। এনে এটা ঘটনাই সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কন্নৌজত। দৈনিক মজুৰি কৰা এজন শ্ৰমিক ক্ষন্তেকতে হৈ পৰিল কোটিপতি। কিন্তু তেওঁৰ ধন-সম্পত্তি মাত্ৰ কেইঘণ্টামানৰ বাবেহে হ’ল।

 একাউন্টৰ পৰা উলিয়াবলৈ গৈছিল ১০০ টকা-

তথ্য অনুসৰি ৰাজস্থানৰ এটা ইটাভাতাত কৰ্মৰত দৈনিক মজুৰি শ্ৰমিক বিহাৰী লালে নিজৰ গাঁৱৰ এটা জনসেৱা কেন্দ্ৰৰ পৰা বেংক অব ইণ্ডিয়াৰ জন-ধন একাউণ্টৰ পৰা ১০০ টকা উলিয়াই আনিছিল। কেইমিনিটমান পাছত তেওঁৰ একাউণ্টত ২৭০০ কোটি টকাৰ বেলেঞ্চ দেখুওৱা এটা এছএমএছ আহে। তেওঁ উত্তৰ প্ৰদেশৰ কান্নৌজ জিলাৰ নিজৰ জন্মস্থানত আছিল, কিয়নো বাৰিষাৰ বাবে ইটাভাতাৰ ইউনিটৰ কাম সেই সময়ত বন্ধ হৈ আছিল।

 একাউণ্টত আহিল ২৭০০ কোটি টকা-

বিহাৰী লাল যেতিয়া আচৰিত হৈ বেংকৰ বন্ধুজনৰ কাষ চাপে আৰু তেওঁৰ একাউণ্টটো পৰীক্ষা কৰি বেলেঞ্চ ২৭০০ কোটি টকা হোৱাটো নিশ্চিত কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিহাৰী লালে কয়, ‘মই তেওঁক পুনৰ একাউণ্ট চেক কৰিবলৈ ক’লোঁ, তাৰ পাছত তেওঁ তিনিবাৰকৈ মোৰ একাউণ্ট চেক কৰিলে। কিন্তু মই বিশ্বাস কৰিব নোৱাৰিলোঁ, তেওঁ তেতিয়া বেংকৰ ষ্টেটমেন্ট উলিয়াই মোক দিলে। দেখিলো মোৰ একাউণ্টত ২৭০০ কোটি টকা আছে।’

 সুখ মাত্ৰ কেইঘণ্টামান-

কিন্তু তেওঁৰ সুখ মাত্ৰ কেইঘণ্টামানৰ বাবেহে হ’ল, কিয়নো বেংকৰ শাখাত তেওঁৰ একাউণ্ট চেক কৰিবলৈ পোৱাৰ সময়ত তেওঁক কোৱা হৈছিল যে বেলেঞ্চৰ পৰিমাণ মাত্ৰ ১২৬ টকা। পাছত বেংকৰ প্ৰধান জিলা প্ৰবন্ধক অভিষেক সিনহাই সংবাদ মাধ্যমৰ আগত কয় যে একাউণ্টটো চেক কৰা হৈছিল আৰু তাত মাত্ৰ ১২৬ টকাহে আছিল। তেওঁ ক’লে, ‘এয়া স্পষ্টভাৱে বেংকিং ভুল হ’ব পাৰে। তাৰ পাছত কিছুদিনৰ বাবে বিহাৰী লালৰ একাউণ্ট জব্দ কৰা হৈছে আৰু এই বিষয়টো বেংকৰ উচ্চপদস্থ বিষয়াসকলৰ দৃষ্টিগোচৰ কৰা হৈছে।

 দৈনিক মজুৰি শ্ৰমিক-

বিহাৰী লালে ৰাজস্থানৰ এটা ইটাভাতাত শ্ৰমিক হিচাপে কাম কৰি প্ৰতিদিনে ৬০০ৰ পৰা ৮০০ টকা উপাৰ্জন কৰে, কিন্তু বাৰিষা কালত ইটাভাতাৰ কাম বন্ধ হৈ থকাৰ বাবে তেওঁ এই মুহূৰ্তত ইমানখিনিও উপাৰ্জন কৰিব পৰা নাই।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিলে ভাৰতে পৰিণাম ভুগিব লাগিব! আমেৰিকাৰ সকীয়নি
ছালৰ যতন লওক দৈনিক, এই সমূহ অভ্যাসে আপোনাৰ ছাল সুস্থ আৰু উজ্জ্বল কৰি ৰাখিব
ৰমেন দাই পুৱা পিন্ধা কাপোযোৰ গধূলি নিপিন্ধে,মই নাভাবোঁ ৰমেন দা ঘূৰি আহিব: দ্বীপেন বৰুৱা
জে পি দাসলৈ জীৱনজোৰা সংগীত কর্ম বঁটা
নিজৰ মিছাইলৰ পৰাই ধ্বংস হোৱাৰ পৰা কোনোমতে বাচিল পাকিস্তান! পাৰমাণৱিক কেন্দ্ৰৰ ওচৰতে পৰিল শ্বাহীন-৩
কাটিগড়াত গুদাম ঘৰৰ পৰা পৰকীয়া প্ৰেমিক যুগলক আটক
ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ ভূমিত ৰচিলে ইতিহাস ; প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত জয়ী ভাৰতীয় মহিলা দল
য়েমেনত কেৰালাৰ নাৰ্ছ নিমিষাৰ মৃত্যুদণ্ড স্থগিত
শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ; গৃহস্থৰ হাত ভৰি বান্ধি তাণ্ডব ডকাইত দলৰ
এজোপা ঘিলা গছৰ বয়স ৬০০ বছৰ ; গোলাঘাটৰ মাজাৰত অসমৰ আটাইতকৈ পুৰণি গছ
বন্ধ হৈ যাব পাৰে  আপোনাৰ আধাৰ কাৰ্ড ! আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা জাৰী UIDAIৰ
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন