--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কোৱা হয় যে কাৰ ভাগ্য কেতিয়া সলনি হ’ব কোনেও ক’ব নোৱাৰে। এনে এটা ঘটনাই সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কন্নৌজত। দৈনিক মজুৰি কৰা এজন শ্ৰমিক ক্ষন্তেকতে হৈ পৰিল কোটিপতি। কিন্তু তেওঁৰ ধন-সম্পত্তি মাত্ৰ কেইঘণ্টামানৰ বাবেহে হ’ল।

 একাউন্টৰ পৰা উলিয়াবলৈ গৈছিল ১০০ টকা-

তথ্য অনুসৰি ৰাজস্থানৰ এটা ইটাভাতাত কৰ্মৰত দৈনিক মজুৰি শ্ৰমিক বিহাৰী লালে নিজৰ গাঁৱৰ এটা জনসেৱা কেন্দ্ৰৰ পৰা বেংক অব ইণ্ডিয়াৰ জন-ধন একাউণ্টৰ পৰা ১০০ টকা উলিয়াই আনিছিল। কেইমিনিটমান পাছত তেওঁৰ একাউণ্টত ২৭০০ কোটি টকাৰ বেলেঞ্চ দেখুওৱা এটা এছএমএছ আহে। তেওঁ উত্তৰ প্ৰদেশৰ কান্নৌজ জিলাৰ নিজৰ জন্মস্থানত আছিল, কিয়নো বাৰিষাৰ বাবে ইটাভাতাৰ ইউনিটৰ কাম সেই সময়ত বন্ধ হৈ আছিল।

 একাউণ্টত আহিল ২৭০০ কোটি টকা-

বিহাৰী লাল যেতিয়া আচৰিত হৈ বেংকৰ বন্ধুজনৰ কাষ চাপে আৰু তেওঁৰ একাউণ্টটো পৰীক্ষা কৰি বেলেঞ্চ ২৭০০ কোটি টকা হোৱাটো নিশ্চিত কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিহাৰী লালে কয়, ‘মই তেওঁক পুনৰ একাউণ্ট চেক কৰিবলৈ ক’লোঁ, তাৰ পাছত তেওঁ তিনিবাৰকৈ মোৰ একাউণ্ট চেক কৰিলে। কিন্তু মই বিশ্বাস কৰিব নোৱাৰিলোঁ, তেওঁ তেতিয়া বেংকৰ ষ্টেটমেন্ট উলিয়াই মোক দিলে। দেখিলো মোৰ একাউণ্টত ২৭০০ কোটি টকা আছে।’

 সুখ মাত্ৰ কেইঘণ্টামান-

কিন্তু তেওঁৰ সুখ মাত্ৰ কেইঘণ্টামানৰ বাবেহে হ’ল, কিয়নো বেংকৰ শাখাত তেওঁৰ একাউণ্ট চেক কৰিবলৈ পোৱাৰ সময়ত তেওঁক কোৱা হৈছিল যে বেলেঞ্চৰ পৰিমাণ মাত্ৰ ১২৬ টকা। পাছত বেংকৰ প্ৰধান জিলা প্ৰবন্ধক অভিষেক সিনহাই সংবাদ মাধ্যমৰ আগত কয় যে একাউণ্টটো চেক কৰা হৈছিল আৰু তাত মাত্ৰ ১২৬ টকাহে আছিল। তেওঁ ক’লে, ‘এয়া স্পষ্টভাৱে বেংকিং ভুল হ’ব পাৰে। তাৰ পাছত কিছুদিনৰ বাবে বিহাৰী লালৰ একাউণ্ট জব্দ কৰা হৈছে আৰু এই বিষয়টো বেংকৰ উচ্চপদস্থ বিষয়াসকলৰ দৃষ্টিগোচৰ কৰা হৈছে।

 দৈনিক মজুৰি শ্ৰমিক-

বিহাৰী লালে ৰাজস্থানৰ এটা ইটাভাতাত শ্ৰমিক হিচাপে কাম কৰি প্ৰতিদিনে ৬০০ৰ পৰা ৮০০ টকা উপাৰ্জন কৰে, কিন্তু বাৰিষা কালত ইটাভাতাৰ কাম বন্ধ হৈ থকাৰ বাবে তেওঁ এই মুহূৰ্তত ইমানখিনিও উপাৰ্জন কৰিব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ