--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃটাইৱানকলৈ আমেৰিকাৰ সৈতে চীনৰ সংঘাত বৃদ্ধিৰ সময়তে আন এখন যুদ্ধৰ আশংকাই গা কৰি উঠিছে। এনে সময়তে আমেৰিকাৰ ঘনিষ্ঠ ভাৰতৰ বিৰুদ্ধেও চীনে  শ্ৰীলংকাৰ সাগৰত যুদ্ধ জাহাজ ৰাখি ভাৰতৰ গতি-বিধি লক্ষ্য  কৰিব  বুলি খবৰ আহিছে। খবৰ অনুসৰি এখন চীনা জাহাজ শ্ৰীলংকাৰ হাম্বানটোটা বন্দৰলৈ ৰাওনা হৈছে। এনে ধৰণৰ বাতৰি বিয়পি পৰাৰ লগে লগে, ভাৰতে কৈছে যে চৰকাৰে  বিষয়টোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। ইফালে চীনে ভাৰতৰ ওপৰত নজৰ ৰাখিবলৈ জাহাজখন শ্ৰীলংকাৰ বন্দৰলৈ প্ৰেৰণ কৰাৰ কথাটো কিমান সঁচা তাকেলৈও বিভ্ৰান্তিৰ সৃষ্টি  হৈছে।

খবৰ অনুসৰি চীনৰ য়ুৱান ৱাং ৫ জাহাজখনে ১১ আগষ্টত হাম্বানটোটা বন্দৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয়, "চৰকাৰে দেশৰ নিৰাপত্তা আৰু অৰ্থনৈতিক স্বাৰ্থক প্ৰভাৱিত কৰিব পৰা বিষয়বোৰৰ ওপৰত সদায় চকু ৰাখিছে। 

ইফালে, এই আশংকাৰ মাজতে দ্বীপৰাষ্ট্ৰখনে কৈছে  যে চীনা জাহাজখনে কেৱল ইন্ধন যোগান ধৰিবলৈহে হাম্বানটোটা বন্দৰলৈ আহিব। শ্ৰীলংকাৰ কেবিনেট মন্ত্ৰী বন্দুলা গুনৱাৰ্ডেনে কয়, "চীনা জাহাজসমূহ কেৱল ইন্ধন যোগান ধৰিবলৈহে বন্দৰটোলৈ আহিব। ইয়াৰ আঁৰত আন কোনো উদ্দেশ্য নাই। আমাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংহেই সকলো দেশৰ সৈতে কূটনৈতিকভাৱে সুসম্পৰ্ক বজাই ৰখা উচিত বুলি বিশ্বাস কৰে।" 

শ্ৰীলংকাত চীনৰ জাহাজৰ উপস্থিতিকলৈ ভাৰত ,শ্ৰীলংকা উভয়ে মন্তব্য কৰিছে যদিও  বেইজিং এই বিষয়ত  নীৰৱ হৈ আছে। জানিব পৰা মতে  চীনা জাহাজখনে এসপ্তাহৰ বাবে হাম্বানটোটা বন্দৰত থাকিব আৰু জাহাজখনে ভাৰত মহাসাগৰৰ উত্তৰ-পশ্চিম অংশত ভাৰতৰ সকলো ধৰণৰ কাৰ্যকলাপৰ লগতে উপগ্ৰহ নিয়ন্ত্ৰণ, গৱেষণা, ট্ৰেকিং আৰু মহাকাশ কাৰ্যসূচী আদি নিৰীক্ষণ  কৰিব।

খবৰ অনুসৰি জাহাজখনৰ প্ৰায় ৭৫০ কিলোমিটাৰ এলেকাত  নিৰীক্ষণ কৰাৰ ক্ষমতা আছে।  জাহাজখনে ভাৰতীয় সীমান্তৰ পাৰমাণৱিক গৱেষণা কেন্দ্ৰ আৰু কালাপক্কম তথা  কুদানকুলাম অঞ্চলত চকু ৰাখিবলৈ সক্ষম হ'ব বুসি ভবা হৈছে। জানিব পৰা মতে কেৰালা, তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশৰ লগতে   শ্ৰীলংকাৰ বন্দৰসমূহৰ ওপৰত জাহাজখনে নজৰ ৰাখিব। উল্লেখ্য টাইৱানলৈ চীনে ২১ খন যুদ্ধ বিমান প্ৰেৰণ কৰিছে। এই কথাকলৈ এতিয়া চীন আৰু আমেৰিকাৰ মাজত সংঘাত বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ