--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ডিব্ৰুগড় চিকিৎসালয়ত মৃত্যুক সাৱটে আৰক্ষী বিষয়া বুবুল সোণোৱালে। মৃত আৰক্ষী বিষয়াগৰাকী‌ৰ ঘৰ ডিব্ৰুগড় জিলাৰ টেঙাখাতত।

ডিজিটেল ডেস্ক: এক ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই গ'ল ডুমডুমা। ডুমডুমাৰ চামডাং বাইপাছত ব্যক্তিগত বাহনৰ খুন্দাত আৰক্ষী বিষয়া নিহত। এই দুৰ্ঘটনাত আৰু দুগৰাকী আৰক্ষী বিষয়াসহ মুঠ ৬জন গুৰুতৰভাৱে আহত হয়। কৰ্তব্যৰত অৱস্থাত বাহনখনে মহতিয়াই নিয়ে তেওঁলোকক।


AR 11 A 5334 নম্বৰৰ মহেন্দ্ৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় ডুমডুমা আৰক্ষী থানাৰ উপ পৰিদৰ্শক বুবুল সোণোৱালসহ অন্য দুজন আৰক্ষী। 


সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় SI বুবুল সোণোৱাল, আৰক্ষী জোৱান দুলেন্দ্ৰ দহোটীয়া আৰু উব্ৰ সোণোৱালক।


ডিব্ৰুগড় চিকিৎসালয়ত মৃত্যুক সাৱটে আৰক্ষী বিষয়া বুবুল সোণোৱালে। মৃত আৰক্ষী বিষয়াগৰাকী‌ৰ ঘৰ ডিব্ৰুগড় জিলাৰ টেঙাখাতত।


৩ আৰক্ষী আৰু ৪গৰাকী সাধাৰণ লোক আহত হয় দুৰ্ঘটনাটোত। ইয়াৰে বুবুল সোণোৱালে মৃত্যুক সাৱটি লয়।


দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন বাহনখনৰ চালকগৰাকীৰ।


ততাতৈয়াকৈ চিকিৎসালয়ত ডুমডুমা বিধায়ক তথা মন্ত্ৰী ৰূপেশ গোৱালা উপস্থিত হৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লয়।


ঘটনাটোক লৈ সমগ্ৰ তিনিচুকীয়া জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বুবুল সোণোৱালৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ