--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ডিব্ৰুগড় চিকিৎসালয়ত মৃত্যুক সাৱটে আৰক্ষী বিষয়া বুবুল সোণোৱালে। মৃত আৰক্ষী বিষয়াগৰাকী‌ৰ ঘৰ ডিব্ৰুগড় জিলাৰ টেঙাখাতত।

ডিজিটেল ডেস্ক: এক ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই গ'ল ডুমডুমা। ডুমডুমাৰ চামডাং বাইপাছত ব্যক্তিগত বাহনৰ খুন্দাত আৰক্ষী বিষয়া নিহত। এই দুৰ্ঘটনাত আৰু দুগৰাকী আৰক্ষী বিষয়াসহ মুঠ ৬জন গুৰুতৰভাৱে আহত হয়। কৰ্তব্যৰত অৱস্থাত বাহনখনে মহতিয়াই নিয়ে তেওঁলোকক।


AR 11 A 5334 নম্বৰৰ মহেন্দ্ৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় ডুমডুমা আৰক্ষী থানাৰ উপ পৰিদৰ্শক বুবুল সোণোৱালসহ অন্য দুজন আৰক্ষী। 


সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় SI বুবুল সোণোৱাল, আৰক্ষী জোৱান দুলেন্দ্ৰ দহোটীয়া আৰু উব্ৰ সোণোৱালক।


ডিব্ৰুগড় চিকিৎসালয়ত মৃত্যুক সাৱটে আৰক্ষী বিষয়া বুবুল সোণোৱালে। মৃত আৰক্ষী বিষয়াগৰাকী‌ৰ ঘৰ ডিব্ৰুগড় জিলাৰ টেঙাখাতত।


৩ আৰক্ষী আৰু ৪গৰাকী সাধাৰণ লোক আহত হয় দুৰ্ঘটনাটোত। ইয়াৰে বুবুল সোণোৱালে মৃত্যুক সাৱটি লয়।


দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন বাহনখনৰ চালকগৰাকীৰ।


ততাতৈয়াকৈ চিকিৎসালয়ত ডুমডুমা বিধায়ক তথা মন্ত্ৰী ৰূপেশ গোৱালা উপস্থিত হৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লয়।


ঘটনাটোক লৈ সমগ্ৰ তিনিচুকীয়া জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বুবুল সোণোৱালৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু