--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দিনৰ ভাগত স্বাস্থ্যকৰ্মীয়ে তিনিটাকৈ প্ৰতিষেধক প্ৰদান কৰাৰ পিছতে অসুস্থ হৈ পৰে কন্যা শিশুটি৷

ডিজিটেল ডেস্ক: হাজোৰ কৈৱৰ্তটোলাত ৰহস্যজনক মৃত্যু দুমহীয়া দেৱশিশুৰ। কৈৱৰ্তটোলা আয়ুষ্মান আৰোগ্য মন্দিৰ (উপ স্বাস্থ্য কেন্দ্ৰ)ত প্ৰতিষেধক গ্ৰহণ কৰাৰ পিছতে মৃত্যু হয় শিশুটিৰ৷


দিনৰ ভাগত স্বাস্থ্যকৰ্মীয়ে তিনিটাকৈ প্ৰতিষেধক প্ৰদান কৰাৰ পিছতে অসুস্থ হৈ পৰে কন্যা শিশুটি৷ তাৰপিছতে অসুস্থ শিশুটিক চিকিৎসাৰ বাবে লৈ যোৱা হয় হাজো সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ৷


কিন্তু হাজো সামূহিক স্বাস্থ্যকেন্দ্ৰৰ শিশুৰোগ বিশেষজ্ঞই উন্নত চিকিৎসাৰ বাবে GMCHলৈ নিয়াৰ পৰামৰ্শ দিয়ে শিশুটিৰ অভিভাৱকক৷


অভিভাৱকৰ অভিযোগ, স্বাস্থ্যকৰ্মীয়ে তিনিটাকৈ প্ৰতিষেধক দিয়াৰ বাবেই হঠাতে অসুস্থ হৈ অকাল মৃত্যুক সাৱতি লয় দেৱশিশুটিয়ে৷


ইফালে, জন্মৰ পৰাই শিশুটি শাৰীৰিকভাবে দুৰ্বল হোৱা বাবেই এমহীয়া প্ৰতিষেধক দিয়াৰ পৰা বিৰত আছিল আয়ুষ্মান আৰোগ্য মন্দিৰৰ স্বাস্থ্যকৰ্মী।


তেনেসময়তে আজি তিনিটা প্ৰতিষেধক গ্ৰহণ কৰাৰ পিছতে আকষ্মিকভাৱে মৃত্যুমুখত পৰে শিশুটি৷


এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ