--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দিনৰ ভাগত স্বাস্থ্যকৰ্মীয়ে তিনিটাকৈ প্ৰতিষেধক প্ৰদান কৰাৰ পিছতে অসুস্থ হৈ পৰে কন্যা শিশুটি৷

ডিজিটেল ডেস্ক: হাজোৰ কৈৱৰ্তটোলাত ৰহস্যজনক মৃত্যু দুমহীয়া দেৱশিশুৰ। কৈৱৰ্তটোলা আয়ুষ্মান আৰোগ্য মন্দিৰ (উপ স্বাস্থ্য কেন্দ্ৰ)ত প্ৰতিষেধক গ্ৰহণ কৰাৰ পিছতে মৃত্যু হয় শিশুটিৰ৷


দিনৰ ভাগত স্বাস্থ্যকৰ্মীয়ে তিনিটাকৈ প্ৰতিষেধক প্ৰদান কৰাৰ পিছতে অসুস্থ হৈ পৰে কন্যা শিশুটি৷ তাৰপিছতে অসুস্থ শিশুটিক চিকিৎসাৰ বাবে লৈ যোৱা হয় হাজো সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ৷


কিন্তু হাজো সামূহিক স্বাস্থ্যকেন্দ্ৰৰ শিশুৰোগ বিশেষজ্ঞই উন্নত চিকিৎসাৰ বাবে GMCHলৈ নিয়াৰ পৰামৰ্শ দিয়ে শিশুটিৰ অভিভাৱকক৷


অভিভাৱকৰ অভিযোগ, স্বাস্থ্যকৰ্মীয়ে তিনিটাকৈ প্ৰতিষেধক দিয়াৰ বাবেই হঠাতে অসুস্থ হৈ অকাল মৃত্যুক সাৱতি লয় দেৱশিশুটিয়ে৷


ইফালে, জন্মৰ পৰাই শিশুটি শাৰীৰিকভাবে দুৰ্বল হোৱা বাবেই এমহীয়া প্ৰতিষেধক দিয়াৰ পৰা বিৰত আছিল আয়ুষ্মান আৰোগ্য মন্দিৰৰ স্বাস্থ্যকৰ্মী।


তেনেসময়তে আজি তিনিটা প্ৰতিষেধক গ্ৰহণ কৰাৰ পিছতে আকষ্মিকভাৱে মৃত্যুমুখত পৰে শিশুটি৷


এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু