--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মানস প্রতীম বৰা ৰচিত আৰু তেজপুৰ থিয়েটাৰ একাডেমিৰ অধ্যক্ষ তথা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ নিয়মীয়া শিল্পী গৌতম পাঠকৰ দ্বাৰা পৰিচালিত 'এটুকুৰা মেঘ' শীর্ষক শিশু নাটকখনি মঞ্চস্থ কৰি দৰ্শকৰ ভূয়সী প্রশংসা লাভ কৰিবলৈ সক্ষম হয়।

ডিজিটেল ডেস্ক : নাটকৰ নগৰী হিচাপে পৰিগণিত তেজপুৰৰ একাংশ শিশুৱে বহিঃৰাজ্য-আন্তঃৰাষ্ট্ৰীয় এক নাট প্রতিযোগিতাত পাৰদৰ্শিতা প্রতিপন্ন কৰি ৰাষ্ট্ৰীয় পর্যায়ত এগৰাকী শিশুৱে শ্রেষ্ঠ শিশু অভিনেতা হিচাপে পুৰস্কৃত হোৱাৰ লগতে ১টাকৈ পুৰস্কাৰেৰে তেজপুৰ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা এক খবৰে তেজপুৰবাসীক আহ্লাদিত কৰি তুলিছে। 


উল্লেখযোগ্য যে যোৱা ২১ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ ওড়িশাৰ কটক চহৰত থিয়েটাৰ ম'ভমেণ্টৰ উদ্যোগত অনুষ্ঠিত হৈছিল আন্তঃৰাষ্ট্ৰীয় 'গ্লবেল থিয়েটাৰ ফেষ্টিভেল' এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত তেজপুৰৰ 'তেজপুৰ থিয়েটাৰ একাডেমি'য়ে ২৫ জানুৱাৰীত মঞ্চস্থ কৰা এখন শিশু নাটকেৰে ১০টাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। 


মানস প্রতীম বৰা ৰচিত আৰু তেজপুৰ থিয়েটাৰ একাডেমিৰ অধ্যক্ষ তথা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ নিয়মীয়া শিল্পী গৌতম পাঠকৰ দ্বাৰা পৰিচালিত 'এটুকুৰা মেঘ' শীর্ষক শিশু নাটকখনি মঞ্চস্থ কৰি দৰ্শকৰ ভূয়সী প্রশংসা লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে শিশুশিল্পী ক্রমে- মেঘাবিনী কাশ্যপ, যুৱৰাজ বৰা, কাত্যয়ানী গৌতম পাঠক, ইউনা বৰুৱা, সংস্কৃতি বণিয়া, সোণটি বৰদলৈ, ৰিডম বৰা, নয়নিকা দাস আৰু নিষ্ঠা বৰাৰ চমকপ্রদ অভিনয়ৰ মাজত অতি আশাব্যঞ্জকভাৱে ৰীডম বৰাই শিশু নাটকৰ শাখাত ৰাষ্ট্ৰীয় পর্যায়ত প্রথম শ্রেষ্ঠ অভিনেতাৰ পৰিচয় দিবলৈ সক্ষম হোৱাৰ লগতে সোণটি বৰদলৈয়ে তৃতীয় শ্ৰেষ্ঠা অভিনেত্ৰীৰ স্থান পাবলৈ সক্ষম হয়। 


আনহাতে, নয়নিকা দাসে চেমি ক্লাছিকেল নৃত্যত জুৰী সন্মানেৰে বিভূষিত হোৱাৰ উপৰি নাটকখন শ্রেষ্ঠ শিশু নাটক হিচাপে পুৰস্কৃত হোৱাৰ লগতে শ্রেষ্ঠ লেংগুৱেজ এৱাৰ্ড, শ্রেষ্ঠ শৃংখলাবদ্ধ দলৰ পুৰস্কাৰ, শ্ৰেষ্ঠ অভিনেতা, তৃতীয় শ্রেষ্ঠ অভিনেত্রী, গৌতম পাঠকে দ্বিতীয় শ্রেষ্ঠ পৰিচালক আৰু শ্রেষ্ঠ প্রযোজনা বঁটাৰে তেজপুৰ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু