--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মুম্বাইৰ এগৰাকী ফুল বিক্ৰেতাৰ ২৬ বছৰীয়া কন্যাৰ সফলতাৰ কাহিনীয়ে অনুপ্ৰাণিত কৰিছে হাজাৰ হাজাৰ লোকক। এক আদৰ্শ দাঙি ধৰি মুম্বাইৰ পৰা ছাণ্টা বাৰ্বাৰাৰ ইউনিভাৰ্চিটী অব্ কেলিফ’ৰ্নিয়াত পিএইচডি কৰাৰ সুযোগ পাইছে সৰিতা মালী নামৰ ছাত্ৰীগৰাকীয়ে। বৰ্তমান তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ হিন্দী পাঠ্যক্ৰমৰ অন্তিম বৰ্ষত অধ্যয়ন কৰি আছে। 
ছ’চিয়েল মিডিয়াত সফলতাৰ কাহিনী ভাইৰেল হৈ পৰা সৰিতা মালীয়ে কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ত ‘ভক্তি যুগত ছাবঅল্টাৰ্ন মহিলা লেখা’ৰ সময়ত মহিলাৰ ভূমিকাক লৈ পিএইচডি কৰিবলৈ ওলাইছে।

মুম্বাইৰ এটা বস্তিত ডাঙৰ-দীঘল হোৱা সৰিতাই স্কুলীয়া দিনৰ পৰাই দেউতাকৰ ফুলৰ ব্যৱসায়ত সহায় কৰিছিল। তাৰ মাজতো চলাই গৈছিল নিজৰ অধ্যয়ন৷ সৰিতাই এই সন্দৰ্ভত কয়, ‘মই ভাবোঁ সকলোৰে জীৱনত উত্থান-পতন থাকে। সকলোৰে দুখ-কষ্টৰ কাহিনী বেলেগ বেলেগ। এইটো সঁচা যে আপুনি ক’ত জন্ম লৈছে আৰু কি পায় তাৰ ওপৰত নিৰ্ভৰ কৰে জীৱন। সেয়া সৌভাগ্যৰ হওক বা দুৰ্ভাগ্যৰ। মই এনে এখন ঠাইত জন্ম লৈছিলোঁ য'ত সমস্যা জীৱনৰ এটা অংশ। আৰু সেইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা।'

যোৱা দুবছৰত কৰ’নাৰ বাবে স্তব্ধ হৈ পৰিছিল সৰিতাৰ দেউতাকৰ ব্যৱসায়। তাৰ মাজতো সৰিতাৰ বিদেশলৈ গৈ পঢ়াৰ সপোন পূৰণৰ বাবে পৰিয়ালৰ পৰা যথেষ্ট সহায় লাভ কৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়