--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মুম্বাইৰ এগৰাকী ফুল বিক্ৰেতাৰ ২৬ বছৰীয়া কন্যাৰ সফলতাৰ কাহিনীয়ে অনুপ্ৰাণিত কৰিছে হাজাৰ হাজাৰ লোকক। এক আদৰ্শ দাঙি ধৰি মুম্বাইৰ পৰা ছাণ্টা বাৰ্বাৰাৰ ইউনিভাৰ্চিটী অব্ কেলিফ’ৰ্নিয়াত পিএইচডি কৰাৰ সুযোগ পাইছে সৰিতা মালী নামৰ ছাত্ৰীগৰাকীয়ে। বৰ্তমান তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ হিন্দী পাঠ্যক্ৰমৰ অন্তিম বৰ্ষত অধ্যয়ন কৰি আছে। 
ছ’চিয়েল মিডিয়াত সফলতাৰ কাহিনী ভাইৰেল হৈ পৰা সৰিতা মালীয়ে কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ত ‘ভক্তি যুগত ছাবঅল্টাৰ্ন মহিলা লেখা’ৰ সময়ত মহিলাৰ ভূমিকাক লৈ পিএইচডি কৰিবলৈ ওলাইছে।

মুম্বাইৰ এটা বস্তিত ডাঙৰ-দীঘল হোৱা সৰিতাই স্কুলীয়া দিনৰ পৰাই দেউতাকৰ ফুলৰ ব্যৱসায়ত সহায় কৰিছিল। তাৰ মাজতো চলাই গৈছিল নিজৰ অধ্যয়ন৷ সৰিতাই এই সন্দৰ্ভত কয়, ‘মই ভাবোঁ সকলোৰে জীৱনত উত্থান-পতন থাকে। সকলোৰে দুখ-কষ্টৰ কাহিনী বেলেগ বেলেগ। এইটো সঁচা যে আপুনি ক’ত জন্ম লৈছে আৰু কি পায় তাৰ ওপৰত নিৰ্ভৰ কৰে জীৱন। সেয়া সৌভাগ্যৰ হওক বা দুৰ্ভাগ্যৰ। মই এনে এখন ঠাইত জন্ম লৈছিলোঁ য'ত সমস্যা জীৱনৰ এটা অংশ। আৰু সেইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা।'

যোৱা দুবছৰত কৰ’নাৰ বাবে স্তব্ধ হৈ পৰিছিল সৰিতাৰ দেউতাকৰ ব্যৱসায়। তাৰ মাজতো সৰিতাৰ বিদেশলৈ গৈ পঢ়াৰ সপোন পূৰণৰ বাবে পৰিয়ালৰ পৰা যথেষ্ট সহায় লাভ কৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন