--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত জনপ্ৰিয় কণ্ঠশিল্পী আদনান ছামিৰ কিছু ফটো ভাইৰেল হৈছে। নেটিজেনে এই ফটোবোৰ চাই আশ্বৰ্যচকিত হৈ পৰিছে। এটা সময়ত আদনানৰ ওজন আছিল ২২০ কিলোগ্ৰাম। কিন্তু ২২০ কেজি ওজন এতিয়া অতীত হ'ল। বৰ্তমান আদনান ছামিৰ ওজন ৬৫ কেজি। সঁচাকৈয়ে এইজন আদনান ছামি সেইজন আদনান ছামিয়েই হয়নে বুলিও প্ৰশ্ন কৰিছে নেটিজেনে। আদনানৰ এই পৰিৱৰ্তিত ৰূপ দেখি মুগ্ধ হৈ পৰিছে নেটিজেনসকল। আদনান ছামি এজন সফল সংগীত শিল্পী আৰু কণ্ঠশিল্পী। এটা সময়ত ওজনক লৈ আদনানে ট্ৰ’লো খাইছিল। আদনানে নিজেও নিজৰ বৰ্ধিত ওজনক লৈ লজ্জিত হৈছিল। নিজক সলোৱাৰ পণ লৈছিল আদনানে। ভবা মতেই কাম।
 আদনানৰ আচৰিত ৰূপান্তৰৰ আঁৰত আছে তেওঁৰ কঠোৰ পৰিশ্ৰম, কঠোৰ খাদ্যাভ্যাস আৰু শাৰীৰিকভাৱে অনবৰত সক্ৰিয় হৈ থকা। ২০০৫ চনত আদনানে লিম্ফেডিমা নামৰ এক অস্ত্ৰোপচাৰ কৰে। মেদবহুলতাৰ বাবে তেওঁৰ হাওঁফাওঁত হেঁচা পৰিছিল। ফলত তেওঁৰ উশাহ-নিশাহ লোৱাত অসুবিধা হৈছিল। তেতিয়াই অস্ত্ৰোপচাৰ কৰা হৈছিল। কণ্ঠশিল্পীগৰাকী তিনি মাহ বেড ৰেষ্টত আছিল।
 
ডাক্তৰসকলে তেওঁক কৈছিল যে যদি তেওঁৰ ওজন কমি নাযায় তেন্তে ৬ মাহৰ বেছি দিন জীয়াই নাথাকিব। ইয়াৰ বাবেই আদনানে আৰম্ভ কৰে নতুন যাত্ৰা। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সহযোগত তেওঁ হিউষ্টনৰ এজন পুষ্টিবিদৰ অধীনত ওজন কমোৱাৰ যাত্ৰা আৰম্ভ কৰে। ১৮ মাহত তেওঁ ১৫০ কেজি ওজন কমালে। এক সাক্ষাৎকাৰত তেওঁ কয় যে মানসিক শক্তিৰে ৮০ শতাংশ ওজন কমাব পৰা যায়। বাকী ২০ শতাংশ শাৰীৰিক শক্তিৰ বাবেই হৈছে।
 আদনানৰ পুষ্টিবিদজনে প্ৰথমে নিৰ্দেশ দিছিল যে তেওঁ যি ভাল পায় তাকে খোৱা বন্ধ কৰিব লাগিব। আদনানক কম কেলৰিযুক্ত ডায়েট চাৰ্ট দিয়া হৈছিল। শ্বেত চাউল, ৰুটি আৰু জাংক ফুড চাৰ্টৰ পৰা বাদ দিয়া হৈছিল। আদনানক কেৱল সিজোৱা দালি, চালাড আৰু মাছ খাবলৈ পৰামৰ্শ দিয়া হৈছিল। ৰাতিপুৱাই তেওঁ চেনিবিহীন একাপ চাহ খায়। দুপৰীয়াৰ আহাৰত তেওঁৰ খাদ্য তালিকাত চালাড আৰু শাক-পাচলিৰে বনোৱা মাছ থাকে। ৰাতিৰ আহাৰত আদনানৰ খাদ্যত সিজোৱা দালি আৰু কুকুৰা থাকে। বাকী সময়খিনিত কণ্ঠশিল্পী গৰাকীক জলপানৰ বাবে ঘৰতে বনোৱা পপকৰ্ণ খাবলৈ দিয়া হৈছিল আৰু চেনিবিহীন পানীয় খাবলৈ দিয়া হৈছিল।
 প্ৰথমে ৪০ কেজি ওজন কমোৱাৰ পিছত তেওঁ ট্ৰেডমিলত খোজ কঢ়া আৰম্ভ কৰে আৰু আন আন লঘু ব্যায়াম কৰা আৰম্ভ কৰে। সপ্তাহত ৬ দিন কাৰ্ডিঅ’ কৰে আদনানে। ভাৰতত তেওঁৰ প্ৰশিক্ষক আছিল প্ৰশান্ত সাৱন্ত। প্ৰশান্ত সাৱন্তই তেওঁক সপ্তাহত ৬ দিন শক্তি প্ৰশিক্ষণ আৰু কাৰ্ডিঅ’ ব্যায়াম দিছিল। এনেদৰে কৰি প্ৰতি মাহে মাহে আদনানে প্ৰায় ১০ কেজি ওজন কমালে। কঠোৰ পৰিশ্ৰম আৰু ইতিবাচক চিন্তাধাৰাৰে বৰ্তমান আদনান ছামিয়ে নিজৰ ওজন ৬৫ কেজি কৰিবলৈ সক্ষম হ'ল। আদনান ছামিক বহুতেই আদৰ্শ হিচাপে গ্ৰহণ কৰি নিজক পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ