--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিধায়ক বুলি ক'লেই সততে আমাৰ মনলৈ আহে দামী গাড়ী, সুন্দৰ ঘৰ, বিলাসী জীৱন আদিৰ কথা। প্ৰায়বোৰ বিধায়কে এক মোটা অংকৰ দৰমহাও পায়। কিন্তু আজিৰ দিনটো এনে এজন বিধায়ক আছে যাৰ কাহিনী শুনিলে আপুনি আচৰিত হৈ পৰিব। এই প্ৰাক্তন বিধায়কজন গুজৰাটৰ। তেওঁৰ নাম জেঠাভাই ৰাথৌড়। চাবৰকান্থা জিলাৰ এখন সৰু গাঁও তেব্ৰাৰত তেওঁ বাস কৰে। খেদব্ৰামা বিধানসভা সমষ্টিৰ পৰা জেঠাভাই ৰাথৌড়ে ১৯৬৭ চনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। 

কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি জেঠাভাইয়ে ১৭,০০০ ভোটত জয়ী হৈছিল। সেই নিৰ্বাচনত তেওঁ চাইকেল চলাই প্ৰচাৰ কৰিছিল। পাঁচ বছৰত স্থানীয় অঞ্চলকে ধৰি সমগ্ৰ বিধানসভালৈ চাইকেল চলাই গৈছিল। মানুহে কয় যে সেই সময়ত জেঠাভাইয়ে খেদব্ৰমৰ পৰা গান্ধীনগৰলৈ কেৱল চৰকাৰী বাছেৰে গৈছিল। পাঁচ বছৰত স্থানীয় অঞ্চলকে ধৰি সমগ্ৰ বিধানসভাত চাইকেলেৰে যাত্ৰা কৰা এই বিধায়কজন জনসাধাৰণৰ সুখ-দুখৰ সংগী হৈছিল। সকলোৰে প্ৰিয় হৈ পৰা বিধায়কজনে কিন্তু আজি পৰ্যন্ত চৰকাৰৰ পৰা কোনো সহায় লাভ কৰা নকৰিলে। 

প্ৰাক্তন বিধায়ক জনৰ থাকিবৰ বাবেও নাই এটা ভাল ঘৰ। যিজন লোকে বিধায়ক হিচাপে পাঁচ বছৰে সকলোৰে সমস্যাৰ বুজ লৈছিল, সেইজন মানুহৰে কাষত এতিয়া মাত দিবলৈ মানুহ এজন নাই। গুজৰাটৰ প্ৰাক্তন বিধায়ক জেঠাভাই ৰাথৌড়ে পেঞ্চনৰ বাবে চৰকাৰৰ পৰা সহায় বিচাৰিছিল কিন্তু তেওঁ কোনো সহায় নাপালে। অৱশেষত তেওঁ আদালতৰ কাষ চাপিব লগা হ’ল। আশ্চৰ্যজনক কথাটো হ’ল যে আদালতৰ পৰা আদেশ পোৱাৰ পাছতো তেওঁ এতিয়ালৈকে পেঞ্চন নাপালে৷ তেওঁ নিজেই বিপিএল ৰেচন কাৰ্ডৰ সহায়ত জীয়াই থাকিবলৈ বাধ্য হৈছে। 

তেওঁৰ পুত্ৰই পৰিয়াল চলাবলৈ শ্ৰমিক হিচাপে কাম কৰে। বিপিএল ৰেচন কাৰ্ডৰ সহায়ত জীৱিকা নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে পৰিয়ালটো। মানুহে কয় যে এটা সময়ত জনসাধাৰণৰ চকুলো মোহাৰি দিয়া বিধায়কজনৰ আজি দুখৰ সময়ত তেওঁৰ চকুলো মচি দিবলৈ কোনো নাই। এতিয়া পৰিয়ালটোৱে চৰকাৰক সহায় কৰিবলৈ অনুৰোধ জনাইছে। বৰ্তমান এজন বিধায়কৰ এমাহৰ দৰমহা ২ লাখৰ পৰা ২.৫ লাখ টকালৈকে হয়। এনে অৱস্থাত ৫ বছৰৰ কাৰ্যকালত প্ৰায় ১২ কোটি টকা উপাৰ্জন হয় কিন্তু গুজৰাটৰ প্ৰাক্তন বিধায়ক জেঠাভাই ৰাথৌড়ৰ কৰুণ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিলে বহু প্ৰশ্ন উত্থাপন হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি