--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিধায়ক বুলি ক'লেই সততে আমাৰ মনলৈ আহে দামী গাড়ী, সুন্দৰ ঘৰ, বিলাসী জীৱন আদিৰ কথা। প্ৰায়বোৰ বিধায়কে এক মোটা অংকৰ দৰমহাও পায়। কিন্তু আজিৰ দিনটো এনে এজন বিধায়ক আছে যাৰ কাহিনী শুনিলে আপুনি আচৰিত হৈ পৰিব। এই প্ৰাক্তন বিধায়কজন গুজৰাটৰ। তেওঁৰ নাম জেঠাভাই ৰাথৌড়। চাবৰকান্থা জিলাৰ এখন সৰু গাঁও তেব্ৰাৰত তেওঁ বাস কৰে। খেদব্ৰামা বিধানসভা সমষ্টিৰ পৰা জেঠাভাই ৰাথৌড়ে ১৯৬৭ চনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। 

কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি জেঠাভাইয়ে ১৭,০০০ ভোটত জয়ী হৈছিল। সেই নিৰ্বাচনত তেওঁ চাইকেল চলাই প্ৰচাৰ কৰিছিল। পাঁচ বছৰত স্থানীয় অঞ্চলকে ধৰি সমগ্ৰ বিধানসভালৈ চাইকেল চলাই গৈছিল। মানুহে কয় যে সেই সময়ত জেঠাভাইয়ে খেদব্ৰমৰ পৰা গান্ধীনগৰলৈ কেৱল চৰকাৰী বাছেৰে গৈছিল। পাঁচ বছৰত স্থানীয় অঞ্চলকে ধৰি সমগ্ৰ বিধানসভাত চাইকেলেৰে যাত্ৰা কৰা এই বিধায়কজন জনসাধাৰণৰ সুখ-দুখৰ সংগী হৈছিল। সকলোৰে প্ৰিয় হৈ পৰা বিধায়কজনে কিন্তু আজি পৰ্যন্ত চৰকাৰৰ পৰা কোনো সহায় লাভ কৰা নকৰিলে। 

প্ৰাক্তন বিধায়ক জনৰ থাকিবৰ বাবেও নাই এটা ভাল ঘৰ। যিজন লোকে বিধায়ক হিচাপে পাঁচ বছৰে সকলোৰে সমস্যাৰ বুজ লৈছিল, সেইজন মানুহৰে কাষত এতিয়া মাত দিবলৈ মানুহ এজন নাই। গুজৰাটৰ প্ৰাক্তন বিধায়ক জেঠাভাই ৰাথৌড়ে পেঞ্চনৰ বাবে চৰকাৰৰ পৰা সহায় বিচাৰিছিল কিন্তু তেওঁ কোনো সহায় নাপালে। অৱশেষত তেওঁ আদালতৰ কাষ চাপিব লগা হ’ল। আশ্চৰ্যজনক কথাটো হ’ল যে আদালতৰ পৰা আদেশ পোৱাৰ পাছতো তেওঁ এতিয়ালৈকে পেঞ্চন নাপালে৷ তেওঁ নিজেই বিপিএল ৰেচন কাৰ্ডৰ সহায়ত জীয়াই থাকিবলৈ বাধ্য হৈছে। 

তেওঁৰ পুত্ৰই পৰিয়াল চলাবলৈ শ্ৰমিক হিচাপে কাম কৰে। বিপিএল ৰেচন কাৰ্ডৰ সহায়ত জীৱিকা নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে পৰিয়ালটো। মানুহে কয় যে এটা সময়ত জনসাধাৰণৰ চকুলো মোহাৰি দিয়া বিধায়কজনৰ আজি দুখৰ সময়ত তেওঁৰ চকুলো মচি দিবলৈ কোনো নাই। এতিয়া পৰিয়ালটোৱে চৰকাৰক সহায় কৰিবলৈ অনুৰোধ জনাইছে। বৰ্তমান এজন বিধায়কৰ এমাহৰ দৰমহা ২ লাখৰ পৰা ২.৫ লাখ টকালৈকে হয়। এনে অৱস্থাত ৫ বছৰৰ কাৰ্যকালত প্ৰায় ১২ কোটি টকা উপাৰ্জন হয় কিন্তু গুজৰাটৰ প্ৰাক্তন বিধায়ক জেঠাভাই ৰাথৌড়ৰ কৰুণ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিলে বহু প্ৰশ্ন উত্থাপন হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ