--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাভাৰতৰ কাহিনীয়েই যেন এতিয়া সলনি হ’বলৈ গৈ আছে৷ দ্ৰৌপদীৰ নহয়, বস্ত্ৰহৰণ হৈছিল সীতাৰহে হেনো! এগৰাকী জ্যেষ্ঠ নেতাৰ এনে মন্তব্যকলৈ এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইতিহাসৰ তথ্যই সলাই পেলোৱা এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাই৷

 শাসকীয় বিজেপি দলক আক্ৰমণ কৰিবলৈ গৈ কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাই কয় "বিজেপিয়ে গণতন্ত্ৰৰ কাপোৰ কাঢ়ি নিবলৈ চেষ্টা কৰি আছে। ঠিক সীতাৰ দৰে।" গেৰুৱা শিবিৰক আক্ৰমণ কৰোঁতে ভুলবশতঃ দ্ৰৌপদীৰ কথা উল্লেখ নকৰি, সীতাৰ নামহে কংগ্ৰেছ নেতা গৰাকীয়ে উল্লেখ কৰে৷

তেওঁ প্ৰকৃততে কি কৈছিল? "পূৰ্বৰ বিধানসভাৰ নিৰ্বাচন বোৰত বিজেপি শোচনীয়ভাৱে পৰাজিত হৈছে। সত্য, গণতন্ত্ৰ, আইন আৰু আদৰ্শই জয় লাভ কৰিব। কিন্তু বিজেপিয়ে (বিজেপি) গণতন্ত্ৰৰ বস্ত্ৰ হৰণ কৰিব বিচাৰে। ঠিক সীতাৰ দৰে।  তেওঁলোকে ৰাজ্যসভাত পৰাজিত হ'ব। আৰু তাৰ পিছত তেওঁলোকৰ মুখাবোৰ সুলকি পৰিব।" 

ৰণদীপ সুৰজেৱালাই ইডি, চিবিআই, আয়কৰ বিভাগৰ দৰে  কেন্দ্ৰীয় সংস্থাকো সমালোচনা কৰে। তেওঁ দাবী কৰে যে বিজেপিয়ে নিজৰ লাভৰ বাবে এই সংস্থাসমূহক ব্যৱহাৰ কৰি আহিছে।  

দ্ৰৌপদীৰ  বস্ত্ৰ হৰণ মহাভাৰতৰ ঘটনাবোৰৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যায়। দ্ৰৌপদীৰ  বস্ত্ৰ হৰণৰ পিছতে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সম্ভাৱনা জাগ্ৰত হৈছিল। এই বিষয়টো উত্থাপন কৰোঁতেই  ৰণদীপ সুৰজেৱালাই ভুলবশতঃ সীতাৰ নাম উল্লেখ কৰিছিল। 

বিজেপিয়ে তেওঁৰ মন্তব্যক সমালোচনা কৰিছে। বিজেপিয়ে দাবী কৰিছে যে কংগ্ৰেছে ৰামৰ অস্তিত্ব অস্বীকাৰ কৰিছে।বিজেপিৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই টুইট কৰি কয়, "যদিও মই এজন মুছলমান, মই জানো যে দ্ৰৌপদীৰ কাপোৰহে কাঢ়ি নিয়া হৈছিল , মা সীতাৰ নহয়, । কিন্তু কংগ্ৰেছে শ্ৰী ৰামৰ অস্তিত্ব অস্বীকাৰ কৰিবলৈ চেষ্টা কৰি আছে।" 

আজিৰ সংবাদমেলত ৰণদীপ সুৰজেৱালাই বিজেপিক সমালোচনা কৰাৰ লগতে বিতৰ্কিত কৃষি আইনৰ বিষয়টোও উত্থাপন কৰে। তেওঁ দাবী কৰে যে চৰকাৰে দেশৰ কৃষকসকলক বিশ্বাসঘাতকতা কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে