--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাভাৰতৰ কাহিনীয়েই যেন এতিয়া সলনি হ’বলৈ গৈ আছে৷ দ্ৰৌপদীৰ নহয়, বস্ত্ৰহৰণ হৈছিল সীতাৰহে হেনো! এগৰাকী জ্যেষ্ঠ নেতাৰ এনে মন্তব্যকলৈ এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইতিহাসৰ তথ্যই সলাই পেলোৱা এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাই৷

 শাসকীয় বিজেপি দলক আক্ৰমণ কৰিবলৈ গৈ কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাই কয় "বিজেপিয়ে গণতন্ত্ৰৰ কাপোৰ কাঢ়ি নিবলৈ চেষ্টা কৰি আছে। ঠিক সীতাৰ দৰে।" গেৰুৱা শিবিৰক আক্ৰমণ কৰোঁতে ভুলবশতঃ দ্ৰৌপদীৰ কথা উল্লেখ নকৰি, সীতাৰ নামহে কংগ্ৰেছ নেতা গৰাকীয়ে উল্লেখ কৰে৷

তেওঁ প্ৰকৃততে কি কৈছিল? "পূৰ্বৰ বিধানসভাৰ নিৰ্বাচন বোৰত বিজেপি শোচনীয়ভাৱে পৰাজিত হৈছে। সত্য, গণতন্ত্ৰ, আইন আৰু আদৰ্শই জয় লাভ কৰিব। কিন্তু বিজেপিয়ে (বিজেপি) গণতন্ত্ৰৰ বস্ত্ৰ হৰণ কৰিব বিচাৰে। ঠিক সীতাৰ দৰে।  তেওঁলোকে ৰাজ্যসভাত পৰাজিত হ'ব। আৰু তাৰ পিছত তেওঁলোকৰ মুখাবোৰ সুলকি পৰিব।" 

ৰণদীপ সুৰজেৱালাই ইডি, চিবিআই, আয়কৰ বিভাগৰ দৰে  কেন্দ্ৰীয় সংস্থাকো সমালোচনা কৰে। তেওঁ দাবী কৰে যে বিজেপিয়ে নিজৰ লাভৰ বাবে এই সংস্থাসমূহক ব্যৱহাৰ কৰি আহিছে।  

দ্ৰৌপদীৰ  বস্ত্ৰ হৰণ মহাভাৰতৰ ঘটনাবোৰৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যায়। দ্ৰৌপদীৰ  বস্ত্ৰ হৰণৰ পিছতে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সম্ভাৱনা জাগ্ৰত হৈছিল। এই বিষয়টো উত্থাপন কৰোঁতেই  ৰণদীপ সুৰজেৱালাই ভুলবশতঃ সীতাৰ নাম উল্লেখ কৰিছিল। 

বিজেপিয়ে তেওঁৰ মন্তব্যক সমালোচনা কৰিছে। বিজেপিয়ে দাবী কৰিছে যে কংগ্ৰেছে ৰামৰ অস্তিত্ব অস্বীকাৰ কৰিছে।বিজেপিৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই টুইট কৰি কয়, "যদিও মই এজন মুছলমান, মই জানো যে দ্ৰৌপদীৰ কাপোৰহে কাঢ়ি নিয়া হৈছিল , মা সীতাৰ নহয়, । কিন্তু কংগ্ৰেছে শ্ৰী ৰামৰ অস্তিত্ব অস্বীকাৰ কৰিবলৈ চেষ্টা কৰি আছে।" 

আজিৰ সংবাদমেলত ৰণদীপ সুৰজেৱালাই বিজেপিক সমালোচনা কৰাৰ লগতে বিতৰ্কিত কৃষি আইনৰ বিষয়টোও উত্থাপন কৰে। তেওঁ দাবী কৰে যে চৰকাৰে দেশৰ কৃষকসকলক বিশ্বাসঘাতকতা কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ