--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ তীৰ্থস্থান হিচাপে উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰৰ এক গৰিমা আছে। উত্তৰাখণ্ডৰ মন্দাকিনী নদীৰ ওচৰৰ গড়ৱাল হিমালয় ৰেঞ্জত অৱস্থিত এই কেদাৰনাথ মন্দিৰ বতৰৰ পৰিস্থিতিৰ বাবে কেৱল এপ্ৰিল আৰু নৱেম্বৰ মাহৰ ভিতৰতহে দৰ্শনাৰ্থীৰ বাবে মুকলি থাকে। হিন্দুৰ উপাস্য দেৱতা শিৱৰ বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত কেদাৰনাথ অন্যতম। কেদাৰনাথ মন্দিৰলৈ যাত্ৰাৰ বাবে পোনপটীয়াকৈ পথ উপলব্ধ নহয়। গৌৰীকুণ্ডৰ পৰা ২২ কিলোমিটাৰ ওপৰৰ এই মন্দিৰটোত উপনীত হ'বলৈ দৰ্শনাৰ্থীৰ যাত্ৰাৰ বাবে পনি আৰু মানচান সেৱাৰ ব্যৱস্থা আছে। 

যোৱা দুটা বছৰত ক’ভিদ মহামাৰীৰ সংহাৰৰ বাবে বন্ধ আছিল কেদাৰনাথৰ দ্বাৰ। দুটা বছৰৰ নিছত চলিত বৰ্ষৰ ৬ মেত ভক্তৰ বাবে কেদাৰনাথৰ দ্বাৰ মুকলি কৰা হয়। মন্দিৰস্থলীত উপস্থিত হ’বলৈ কোনো উপযুক্ত যাতায়ত ব্যৱস্থা উপলব্ধ নোহোৱাৰ বাবে দৰ্শনাৰ্থীসকলে এই পথছোৱা অতিক্ৰম কৰিবলৈ সাধাৰণতে খচ্চৰ ব্যৱহাৰ কৰে। এই সুদীৰ্ঘ পথছোৱা যাত্ৰীৰ শৰীৰৰ অভাৱনীয় ওজন কঢ়িয়াই নিবলগীয়া হয় খচ্চৰে। ভক্তৰ পূণ্যৰ আকাংক্ষাৰ ভৰ কঢ়িয়াবলগীয়া হয় এই প্ৰাণীবিধে। আৰু এইদৰে ভক্তৰ পূণ্যৰ বাবে নিদাৰুণ কষ্টৰ সন্মুখীন হৈ চলিত বৰ্ষত কেদাৰনাথৰ দ্বাৰ মুকলি হোৱা দিন ধৰি এতিয়ালৈকে কেদাৰনাথ যাত্ৰা পথত ১৪০ টা জন্তুৱে মৃত্যক সাবটিবলগীয়া হৈছে। 

মূলত অত্যধিক পৰিশ্ৰমৰ সন্মুখীন হ’বলগীয়া হোৱাৰ বাবেই এই জন্তুসমূহ মৃত্যুমুখত পৰিছে বুলি স্থানীয় কৰ্তৃপক্ষই নিশ্চিত কৰিছে। যোৱা দুবছৰত ক’ভিদ মহামাৰীৰ বাবে ব্যৱসায় বন্ধ থকাৰ বাবে খচ্চৰৰ মালিক আৰু সঞ্চালকসকলে এইবছৰত জন্তুবোৰক অত্যাধিক বোজা কঢ়িয়াবলৈ ব্যৱহাৰ কৰাইছে বুলি অভিযোগ কৰা হৈছে। আনহাতে খচ্চৰবোৰক বাহন হিচাপে ব্যৱহাৰৰ উপযোগী কৰি ৰাখিবলৈ ড্ৰাগছ দিয়াৰো অভিযোগ তুলিছে একাংশ তীৰ্থযাত্ৰী আৰু স্থানীয় বাসিন্দাই। 

কেদাৰনাথৰ স্থানীয় পশুপালন বিভাগৰ সচিব ড০ ভি ভি আৰ. পুৰুষোত্তমে জানিবলৈ দিয়া অনুসৰি এতিয়ালৈকে কেদাৰনাথ যাত্ৰা পথত ১৪০ টা জন্তুৰ মৃত্যু হৈছে। বিভাগৰ ফালৰ পৰা বৰ্তমানলৈকে ৬৮৮০ টা জন্তু পৰীক্ষা কৰা হৈছে আৰু ইয়াৰ ভিতৰত ১৮০৪ টা জন্তুক চিকিৎসা প্ৰদান কৰা হৈছে বুলি তেওঁ জানিবলৈ দিছে। এই পৰীক্ষণৰ সময়ত ১১৮ টা জন্তু ভ্ৰমণৰ বাবে অনুপযুক্ত বুলি ঘোষণা কৰা হৈছে। 

পৰিশ্ৰম আৰু দুৰ্বল আহাৰৰ ফলত ঘোঁৰাৰ মৃত্যুৰ ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ কেদাৰনাথৰ ৯ গৰাকী খচ্চৰৰ মালিকক পশুপালন বিভাগৰ নিৰ্দেশত ১৯৬০ চনৰ পশুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। লগতে আইনখনৰ বিধান উলংঘা কৰাৰ বাবে আন ৯১ জন পশুৰ মালিককো শাস্তি দিয়া হৈছে। 

পশুপালন বিভাগৰ সচিব গৰাকীয়ে কয় যে কেদাৰনাথ ধাম যাত্ৰা পথত জন্তুৰ মৃত্যুক লৈ বিভাগটো যথেষ্ট সতৰ্ক হৈ পৰিছে। পশুপালন বিভাগে যাত্ৰা পথৰ পৰিস্থিতি নিৰন্তৰ পৰিদৰ্শন কৰি আছে বুলিও তেওঁ লগতে উল্লেখ কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ